বৰ্তমান সময়ত চলি থকা বিভিন্ন প্ৰতিযোগিতা বোৰত বিশেষকৈ বিহুৱতী , হুঁচৰি , মুকলি বিহু , সৃষ্টিশীল নৃত্য ,ভাওনা , দিহানাম, নাটক আদিত প্ৰায়েই বিচাৰকক লৈ বিতৰ্ক সৃষ্টি হয়। বিভিন্ন সময়ত সামাজিক মাধ্যমত এই বোৰ বিতৰ্ক চলি থাকে। আছলতে বিচাৰতৰ সংজ্ঞা কোনে নিৰ্ধাৰণ কৰিছে , কাক আছলতে প্ৰকৃত বিচাৰক বুলি কোৱা হয়। এইবোৰ কথাই বিভিন্নসময়ত বিভিন্নজনৰ মাজত প্ৰশ্ন হয়। মাজে মাজে বিচাৰকৰ অসহায় স্বীকাৰেক্তি শুনা যায়। বহু অনুষ্ঠানত সমিতিয়ে বিচৰাৰদৰে বিচাৰ কৰিবলগীয়া হয় বুলিও একাংশ বিচাৰকে কব বিচাৰে। বহু সময়ত দেখা যায় একাংশ ব্যক্তিয়ে দুটামান বিহুনাম গাবজানিলেই বিহুৰ বিচাৰক হয় । তেঁওৰ নাথাকে কোনো ঢোল বা আন বাদ্য যন্ত্ৰৰ সাময়িক জ্ঞান। সেইধৰণে ভাওনাৰ বেলিকাদেখা যায় কোনো দিন ভাওনা কৰি নোপোৱা মাত্ৰ দুটামান শ্লোক জানিলেই, দুটামান ধৰ্মীয় প্ৰবন্ধ লিখিলেই ভাওনাৰ বিচাৰক হয়। নাটকৰ বেলিকা দেখা যায় দুখনমান নাটকত অভিনয় কৰিলেই বিচাৰক হৈ পৰে। আছলতে প্ৰতিযোগিতা সমুহক বিচাৰককোন হব পাৰে কোনেও আজিলৈকে নিৰ্ধাৰণ কৰিব পৰা নাই বা কোনো সংবিধান, নীতি নিয়ম নাই। কিছু দিনৰ আগতে অসমসাংস্কৃতিক মহাসংগ্ৰামৰ ফলাফলৰ পাছত অসমৰ এজন স্বনামধন্য শিল্পীৰ অসহায় স্বীকাৰোক্তি সামাজিক মাধ্যমত বহুল চৰ্চিতহৈছিল । তেঁওক কোনোবা এটা দিলে পুৰস্কাৰ কিয় নাপালে বুলি প্ৰশ্ন কৰাত তেঁও পুৰস্কাৰ পোৱা দল কেইটা তেঁওলোকে নিৰ্ধাৰণকৰা নাই বুলি মন্তব্য কৰিছিল । পিছত অৱশ্যে তেঁও ইয়াৰ কাৰণসমুহ সামাজিক মাধ্যমত জানিবলৈ দিছিল। কিন্তু ইয়াৰ সন্দেহসকলোৰে থাকি গল। বিহুৰ প্ৰতিযোগিতা বোৰত প্ৰায়ে শুনা কথাটো হল একাংশ বিচাৰকক মেনেজ নকৰিলে পুৰস্কাৰ নাপায় ।কথাটো যে সত্য সেই কথা আমিও প্ৰমাণ পাইছিলো । এটা সময়ত আমাৰ এটা বিহুদল আছিল। ২০০৫ চন মানৰ কথা।তেতিয়া অসমৰ বিভিন্ন বিহু মঞ্চত হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । আমি বিভিন্ন মঞ্চত যোগদান কৰিছিলো কিন্তু প্ৰথমপৰ্যায়ত কতো পুৰষ্কাৰ পোৱা নাছিলো অথচ আমাতকৈ বেয়া প্ৰদৰ্শণ কৰা বহু কেইটা দলে সেই সময়ত পুৰষ্কাৰ পাইছিল।এটাসময়ত আমাৰ মন ভাগি গৈছিল । সেই সময়তে আমাৰ লগত সেই সময়ৰ সদৌ অসম বিহু সন্মিলনী নামৰ এটা সংস্থাইযোগাযোগ কৰিলে আৰু আমাক কলে তোমালোকে এইদৰে বিহু মাৰি থাকিলে পুৰষ্কাৰ নাপাবা । তোমালোক আমাৰ সদস্য হবলাগিব। সেইমতে আমি এজন সদস্যৰ ১০০ টকাকৈ আৰু দলৰ বাবদ ১০০০ টকা দি পঞ্জীয়ন কৰিলো । কথামতেই কাম তাৰপাছত সন্মিলনীৰ মানুহ বিচাৰক হিচাপে থাকিলেই আমি কিবা এটা পুৰষ্কাৰ পাবলৈ ললো। পৰৱৰ্তী সময়ত মোক দলপতিহিচাপে এজনে কলে ‘ তুমি আমাৰ কৰ্মশালাত অংশগ্ৰহণ কৰিবা , ১০০০ টকা দিব লাগিব , তোমাক বিচাৰকৰ কাৰ্ডএখন দিম , তুমি বিচাৰক কৰিব পাৰিবা ‘। মই পোনছাটেই সেই কথা নাকচ কৰিলো। আৰু ভাবিবলৈ বাধ্য হলো বিচাৰক কিদৰে হয় । কিছুদিনৰ পাছত এইবোৰ দেখি শুনি আমাৰ দলটোৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থাকিলো। বৰ্তমান সময়তো এনেবহু কথা আমি শুনিবলৈ পাও। শুনামতে বহু বিহুৱতীয়ে বিহু প্ৰৰ্দশণ কৰিবলৈ আগবঢ়াৰ আগতে বিচাৰক সকলৰ ঘৰে ঘৰেআহি ধনৰ টোপোলা দি আৰ্শীবাদ লয় ।সেই বিহুৱতী সকলে বিচাৰক সকলক শুধিহে প্ৰতিযোগিতাবোৰত যোগদান কৰে ।সেইবাবেই বহু সময়ত দেখা যায় বহুত ভাল প্ৰদৰ্শণ কৰাৰ পাছতো বহু বিহুৱতীয়ে পুৰষ্কাৰ লাভ নকৰে। যাৰ বাবে বহু প্ৰতিভবানবিহুৱতীয়ে আধাতে বিহু এৰিব লগীয়া হয়। বৰ্তমান সময়ত সেইবাবে গাঁঠিৰ ধন ভাঙিব নোৱাৰা বহুতে প্ৰতিযোগিতা বোৰতঅংশ লব নোৱাৰে । এটা বিহু দল গঠন কৰোতে বহু টকা খৰচ হয় কাৰণ এটা দলত থকা সকলো শিল্পীকে এক নিদিৰ্ষ্ট মাননীতচুক্তিবদ্ধ হয় । সেইমতে যদি দুই এটা পুৰষ্কাৰ নাপায় তেন্তে বিহুৱতী বা বিহুদলে প্ৰতিযোগিতাত তিষ্ঠি থাকিব নোৱাৰে । বিহুসুৰক্ষা সমিতি বুলি এক সংস্থা আছে বুলি শুনিছো কিন্তু সেই সংস্থাটোতো সকলো বিচাৰক নাই। তেঁওলোকে কিছুমান নিয়মবনাইছিল কিন্তু কাৰ্যক্ষেত্ৰত পৰিণত নহল ।আটাইতকৈ পৰিতাপৰ কথা যে বৰ্তমান সময়ত এজন ঢুলীয়া বা দিহানামৰ শিল্পীয়েবিহুৰ বিচাৰ কৰিবলৈ যোৱাৰ লগতে বৰ্তমান সময়ত আটাইতকৈ জনপ্ৰিয় সৃষ্টিশীল নৃত্য প্ৰতিযোগিতাত বিচাৰ কৰিবলৈআগবাঢ়ি যায়। কোনোদিন নৃত্যৰ লগত জড়িত নোহোৱা বহু ব্যক্তিয়েই এনে ধৰণৰ প্ৰতিযোগিতা বোৰত বিচাৰ কৰে। সৃষ্টিশীলনৃত্য প্ৰতিযোগিতা আছলতে কোনো কাৰণতে বিহুৰ মঞ্চত খাপ নাখায় কিন্তু বৰ্তমান সময়ত অসমৰ প্ৰায়বোৰ মঞ্চতে এইপ্ৰতিযোগিতা নহলে বিহু নহয়। ইয়াৰ মুখ্য কাৰণ হল আজিকালি প্ৰায়বোৰ অভিভাৱকে মবাইল চাই হলেও নিজৰ সন্তানক এইপ্ৰতিযোগিতালৈ আগবঢ়াই দিয়ে ।ইয়াত প্ৰতিযোগীৰ সংখ্যা ইমানেই বেছি হয় যে বহু মঞ্চত ৰাতিপুৱা ৬ বজালৈকে প্ৰতিযোগিতাচলে। ইয়াৰ লাভ লোকচান কি কোনেও চিন্তা কৰি চোৱা নাই।একাংশ এনেকুৱা মানুহেও আজিকালি বিচাৰ কৰিবলৈ আগবাঢ়িআহি যি সকলে সমিতিক টকা দি বিচাৰকৰ বাবে মাতিবলৈ কাকুতি মিনতি কৰে। বহু বিচাৰকে সমিতিৰ লগত নিজে যোগোযোগকৰে বিচাৰক হিচাপে মাতিবলৈ। সমিতি বিলাকেও সকলোৱে কোন ভাল কোন বেয়া নাজানি যিকোনো মানুহক নিমন্ত্ৰণ কৰেযাৰ বাবে কেতিয়াবা দৃষ্টিকতুভাবে একাংশ একেবাৰে অযোগ্য প্ৰতিযোগীক নিৰ্বাচিত কৰে। শেষত গৈ সমিতি ৰাইজৰ ৰোষতপৰিবলগীয়া পৰিস্থিতিৰো সৃস্টি হয়। আছলতে এই বিলাকৰ বাবে নৃত্যৰ বিশাৰদ ডিগ্ৰী থকা মানুহক হে বিচাৰ কৰিবলৈ দিব লাগে।
বৰ্তমান সময়ত বিশেষকৈ উজনি অসমত আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাটো হল – ভাওনা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাসাধাৰণতে সদৌ অসম ভিত্তিতেই সকলোৱে অনুষ্ঠিত কৰে কিন্তু নামনি অসমৰ দল প্ৰায়েই নাথাকেই গতিকে সকলোৱে এইপ্ৰতিযোগিতাৰ নামটো উজনি অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা কৰা ভাল। ভাওনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে ভাওনাপ্ৰতিযোগিতা আদৰণীয় পদক্ষেপ যদিও বৰ্তমান সময়ত এই প্ৰতিযোগিতা ইমানেই বেছি হবলৈ ধৰিলে যে ই ভাওনাৰ প্ৰকৃতসংজ্ঞাৰ পৰা আঁতৰি অহা যেন অনুভৱ হয়। এটা সময়ত আমিও এই প্ৰতিযোগিতাত এটা দল জন্ম দি অংশগ্ৰহণ কৰিছিলো ।কিন্তু বৰ্তমান ইয়াৰ পৰা আঁতৰি আহিছো। মুল কাৰণ হল বিভিন্ন বিচাৰকৰ বিভিন্ন মত। আজিকালি প্ৰায়েই সামাজিক মাধ্যমতএকাংশ বিচাৰকৰ বিভিন্ন মন্তব্য শুনিবলৈ পাও সকলোৰে নিয়ম নীতি বেলেগ। আজিলৈকে বিহুৰ দৰে ভাওনাৰো কোনো নীতিনিয়ম প্ৰস্তুত নহল। একাংশই এই চেষ্টা অব্যাহত ৰাখিছে যদিও এতিয়াও সফল হোৱ্ নাই। ইয়াত অৱশ্যে ভাওনাৰ শিল্পীসকলৰো দোষ নথকা নহয়। বহুতে ভাবে যে এবাৰ যেতিয়া তেঁও পুৰষ্কাৰ পালে সকলোতে পাব লাগে।
যেতিয়াই কোনো ঠাইতপুৰষ্কাৰ নাপায় তেতিয়াই তেঁওলোকে বিচাৰকৰ ওপৰত ক্ষোভা উজাৰিবলৈ আৰম্ভ কৰে। এবাৰ এক ভাওনা প্ৰতিযোগিতাতএনেকুৱা পৰ্যায় পালেগৈ যে বিচাৰকে ফলাফল ঘোষণা কৰাৰ পাছত বিভিন্ন দলে তেঁওলোকক জবাবদিহি কৰিবলৈ আৰম্ভ কৰিলে। কাৰোবাক লাগে শ্ৰেষ্ঠ দল , কাৰোবাক লাগে শ্ৰেষ্ঠ অভিনেতা। মুঠৰ ওপৰত ফলাফল ঘোষণা কৰ সময়ত উপস্থিত সকলোকেপুৰষ্কাৰ লাগে। শেষত বিচাৰক পলাবলৈ বাধ্য হ’ল। শেষত সমিতিয়ে সিদ্ধান্ত কৰি উপস্থিত থকা সকলো দলকে পুৰষ্কাৰ সমুহভগাই দিবলৈ বাধ্য হল। সেই ধৰণেই যদি প্ৰতিযোগিতা হয় তেন্তে ভাওনা প্ৰতিযোগিতা পতাৰ কি সাৰ্থক হৈছে। এইসকলোবোৰৰ মুলতে হল ভাওনাৰ সকলো জ্ঞান থকা ব্যক্তিৰ অভাৱ। কোনোবাই যদি খোল বাদ্যত পাৰ্গত অভিনয়ত পাৰ্গতনহয়। কোনোবা যদি অভিনয়ত পাৰ্গত তেন্তে গীতমাতত পাৰ্গত নহয়। গতিকে ফলাফলত বিসংগতি হোৱাটো স্বাভাৱিক।আজিকালি এনেকুৱা এচাম বিচাৰক হৈছে যিসকলে এটা দল পৰিচালনা কৰে আৰু নিজে সমিতিয়ে নজনাকৈ বিচাৰকৰআসনত বহে ফলত নিজৰ দলটোক পুৰষ্কাৰ দিবলৈ যাঁওতে আন দল বিলাকে ক্ষোভিত হয়। বহু নামি দামী ভাওনাৰ দলেআজিকালি কেৱল ঘৰুৱা ভাওনা পোৱাৰ স্বাৰ্থত যিকোনো প্ৰকাৰে বিচাৰক আৰু সমিতিক মেনেজ কৰি পুৰষ্কাৰ লব বিচাৰে। আনকি তেঁওলোকে সমিতিৰ লগত নগদ ধনৰ পুৰষ্কাৰ নলও বুলিও চুক্তি কৰে । মাত্ৰ তেঁওলোকক নামটো লাগে তেতিয়াহেআকৌ তেঁওলোকে দুখনমান ‘ডেম’ অৰ্থাৎ প্ৰদৰ্শণী ভাওনা বেছিকৈ পাব। সেই ধৰণেই প্ৰতিযোগিতা বোৰ চলি আছে । আমাৰলক্ষ্য গুৰুজনাৰ কৃষ্টি , সংস্কৃতি জীয়াই ৰখা কিন্তু বৰ্তমান সময়ত খোলটো অলপ বজাব জানিলেই নিজকে বায়েন বুলি কৈ টকাডিমাণ্ড কৰা , নিজৰ গাঁৱৰ ভাওনাখনতো অংশগ্ৰহণ কৰিলে পইছা লোৱা ভাওনা শিল্পী বহুত দেখিছো। যাৰ প্ৰভাৱ আজিকালিকম বয়সৰ লৰাবোৰৰ মাজতো হৈছে। যিটো এক অশুভ লক্ষণ। মুঠৰ ওপৰত ভাওনা , বিহু এইবিলাক দিশত সম্পুৰ্ণ পাৰ্গত শিল্পী সকলে প্ৰতিযোগিতাৰ এক নিৰ্দিষ্ট নীতি নিয়ম ঠিক নকৰালৈকেপ্ৰতিযোগিতাত সদায় বিতৰ্ক থাকিবই।