‘পিতা’ অথবা ‘দেউতা’ এটা মিঠা শব্দ, ৰসাল অনুভৱ। যাৰ গুণ, গৰীমা কৈ শেষ কৰিব নোৱাৰি, যাৰ বিষয়ে ভাষাৰে লিপিবদ্ধ কৰিব নোৱাৰি, যাক চিত্ৰত অংকন কৰি থ’ব নোৱাৰি, যি তুলনা বিহীন অদ্বিতীয়, তেওঁ আমাৰ পৰিচয়। তেৱেঁই আমাৰ স্বৰ্গ, তেৱেঁই মৰ্ত্য। তেওঁ আমাৰ সকলোৰে শ্ৰদ্ধাৰ, আদৰ্শৰ, গৌৰৱৰ। তেওঁৰ ছত্ৰ ছাঁয়াত আমি আমাৰ মায়াৱী জীৱনৰ চাৰিশ্ৰমেই শ্ৰৱণ কৰিব পাৰো। জীৱনৰ প্ৰতি পদেই নিৰাপদে অতিক্ৰম কৰিব পাৰোঁ। পি মানেই পিয়ায়; তা মানেই তপ্ ; তপ্ মানেই শৰীৰক কষ্ট দি কৰা কাম। অৰ্থাৎ যিজনে শৰীৰক কষ্ট দি সন্তানক সুখ পান কৰায় তেঁৱেই পিতা। আকৌ দেউ মানেই দেৱ ; তা মানেই তপ্; তপ্ মানেই শৰীৰক কষ্ট দি কৰা কাম। অৰ্থাৎ যিজনে শৰীৰক কষ্ট দি সন্তানক দেৱৰ দৰে অমৃত সুখ প্ৰদান কৰে, তেঁৱেই দেউতা।
‘দেউ’ বুলি সম্বোধিলে হৃদয় খন আধ্যাত্মিতাৰে উপচি পৰে ; ‘দেউতা’ (পিতা) বুলি অনুভৱ কৰিলে হৃদয়ত অদম্য শক্তি, প্ৰেৰণা, সাহস আৰু নিৰাপত্তাই আৱৰি ধৰে । তেওঁ অনন্য, তেওঁ মহান, তেওঁ সন্তানৰ গালে – মুখে- চকুৱে হাঁহি বিৰিঙাব পৰা এজন মানুহ; যাৰ হাঁহিবোৰ সন্তানৰ অভাৱ-অভিযোগ দূৰ কৰাৰ প্ৰয়াসত, নীৰৱে নয়নৰ নীৰ বোৱাই প্ৰশান্তি লয়। তেৱেঁই আমাৰ আদ্য গুৰু ‘পিতা’। পিতা অঙ্কীয়া নাটৰ সূত্ৰধাৰ, যাৰ অবিহনে অংকীয়া নাট অপূৰ্ণ। পিতাও তেনেকুৱা, যাৰ অনুপস্থিতিত আমাৰ জীৱনবোৰ আধৰুৱা। দায়িত্বৰ ভাৰ কঢ়িয়াই কঢ়িয়াই কোনো দিনেই হাৰ নমনা মানুহ জনেই পিতা। তেওঁ আমাৰ ভৱিষ্যতৰ পথ পৰিদৰ্শক। পিতৃ দিৱস উপলক্ষে এই মধুৰ ক্ষণত মোৰ এই কবিতাটোৰে পিতাক বিচাৰি লওঁ আহক…
ভিন্ন জনৰ দৃষ্টিত
পিতাই পদুম ফুলাবলৈ বোকা হৈ পৰে
সম দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ
কৃষ্ণৰঙী হৈ পৰে
কোনো দিনে নাকান্দে পিতাই
ভুল থিয়ৰীৰ বাবে
ডাৰউইনৰ দৰে গেল’পেগছ দ্বীপত বহি
আচলতে বান্দৰৰ পৰা চিম্পাঞ্জী
চিম্পাঞ্জীৰ পৰা মানুহ হ’বলৈ কিমান লক্ষ বাট
সেয়া পিতাইৰ জীৱন সূত্ৰত নাই
কথাৰে কাম নহয়
কামেৰেহে কথা কয় পিতাই
ধৈৰ্য আৰু চেষ্টাৰ ঘহনিত
মহাকাশৰ মধ্যাকৰ্ষণ শক্তিকো নমায়
ভোক বস্ত্ৰ আৰু দৰৱৰ খেতি পথাৰত
পিতাইৰ গান্ধীৰ দৰে আঠুৰ ওপৰত ধূটি
হৃদয়ত উজান উঠে পিতাৰ স্বদেশ প্ৰীতিৰ
আছিল এখন তেল মোবিল নলগা চৈ দিয়া গাড়ী
এহাল বলধ আৰু এগাড়ী সুখ
তাৰে পিতাই পাইলট ।
সেই ৰ’দ, বতাহ, বৰষুণে দিশ সলাব নোৱাৰা, পৰিয়ালটোক নিজৰ আবুৰৰ ভিতৰত নিৰাপদেই ৰখা মানুহ জনেই পিতা বা দেউতা। পিতা পৃথিৱীৰ এনে এজন মানুহ , যিজনে সমস্যাৰ স’তে যুঁজি যুঁজি সন্তানক জীৱন জিনিব শিকাই । সন্তানক “মানুহ” হ’বলৈ শিকাই। সেই পিতৃ গৰাকীৰ অহোপুৰুষাৰ্থ ত্যাগ , কষ্ট, মৰম আৰু যত্ন ক সন্মান জনাই সন্তানে ধন্যবাদ দিবলৈ লোৱা, জুনৰ তৃতীয় ৰবিবাৰ “ ৰ এই বিশেষ দিনটোত, পিতৃ দিৱস উদযাপন কৰে। পৃথিৱীৰ বিভিন্ন দেশত বেলেগ বেলেগ দিনত এই দিৱস উদযাপন কৰা হয়। ইতিহাস মতে পিতৃ ( দেউতা ) দিৱস অথবা father’s Day ইংৰাজী ১৯০৭ চনত পোন প্ৰথম বাৰৰ বাবে অনানুষ্ঠানিকভাবে আমেৰিকাত পালন কৰা হৈছিল। আনহাতে ইং ১৯১০ চনত আনুষ্ঠানিকভাৱে এই দিৱসৰ আৰম্ভণি হয় । এই দিৱসক লৈ বিশেষজ্ঞ সকলৰ কিছু মত বিভেদ আছে।
ইতিহাসী বাদানুবাদৰ মতে এই দিনটো আৰম্ভ কৰিছিল ছ’নোৰা স্মাৰ্ট ডডে। উইলিয়াম জেকচন স্মাৰ্ট আৰু এলেন ভিক্টোৰিয়া চিক স্মাৰ্টৰ কন্যা আমেৰিকাৰ বাসিন্দা ছ’নোৰা স্মাৰ্ট ডডে ১৬ বছৰ বয়সত মাতৃক হেৰুৱাইছিল। তেতিয়া তেওঁৰ মাতৃৰ ৪৭ বছৰ আছিল, তেওঁৰ ষষ্ঠ সন্তানৰ জন্মৰ সময়ত। মাকৰ মৃত্যুৰ পিছত ছ’নোৰাৰ দেউতাক কেপ্তেইন উইলিয়াম জেকচন স্মাৰ্ট ডডে ছয়টা সন্তানক মাকৰ দৰে ত্যাগ,মৰম, কষ্ট আৰু যত্নেৰে নিজেই ডাঙৰ-দীঘল কৰিছিল। ল’ৰা-ছোৱালীকেইটাৰ জীৱনৰ লগত জড়িত হৈ থকা পিতৃয়ে ডডক আপ্লুত কৰিছিল। গীৰ্জাত মাতৃ দিৱসৰ হৰ্ষধ্বনি শুনি থাকোঁতে ছ’নোৰাই ভাৱিলে যে পিতৃসকলকো উদযাপন কৰাৰ বাবে এটা বিশেষ দিন থাকিব লাগে। তেতিয়া তেওঁ স্পকেন মন্ত্রী মিত্র জোঁটৰ ওচৰত আবেদন জনালে যে তেওঁলোকৰ পিতৃৰ জন্মদিন ৫ জুনক “পিতৃ দিৱস” হিচাপে স্বীকৃতি দিব লাগে। পিতৃসকলৰ বাবে এটা বিশেষ দিন উচৰ্গা কৰাৰ ধাৰণাটো মিত্ৰজোঁটে ১৯২৪ চনত মানি লৈছিল যদিও পিতৃ দিৱস বিশ্বব্যাপী উদযাপনৰ বাবে জুন মাহৰ তৃতীয় দেওবাৰটো বাছি লৈছিল। ১৯৬৬ চনৰ পৰা জুন মাহৰ তৃতীয় ৰবিবাৰটো “পিতৃ দিৱস “ উপলক্ষে আনুষ্ঠানিকভাবে বন্ধৰ দিন ঘোষণা কৰে। সাধাৰণতে পিতৃ দিৱসত সন্তানে পিতৃৰ ত্যাগ, মৰম, যত্ন আৰু কষ্টক স্বীকৃতি দি উপহাৰ আৰু শুভেচ্ছাৰে শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেওঁলোকৰ লগত দিনটো উদযাপন কৰে। এই চেগতে পৃথিৱীৰ প্ৰতি গৰাকী পিতৃৰ ত্যাগক স্বীকৃতি দি আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
লেখকঃ ৰেখাৰাণী বৰ্মন