Somnath Temple: সোমনাথ মন্দিৰ বেদখল বিৰোধী অভিযান: ভাঙি পেলোৱা হ’ল ৯টা অবৈধ মছজিদ, দৰগাহ

দৈনন্দিন বাৰ্তা, ২৯ ছেপ্টেম্বৰঃ এইবাৰ সোমনাথ মন্দিৰৰ সমীপৰ চৰকাৰী ভূমিত চলিল উচ্ছেদ। বেদখলৰ বিৰুদ্ধে গুজৰাট চৰকাৰে গ্ৰহণ কৰা উল্লেখযোগ্য পদক্ষেপ হিচাবে এই উচ্ছেদ চলোৱা হৈছে। সেই ভূমিত পঞ্চাশটাতকৈও অধিক অট্টালিকা আৰু ধৰ্মীয় স্থান নিৰ্মাণ কৰা হৈছিল। অঞ্চলটো পুনৰুদ্ধাৰ আৰু সোমনাথ মন্দিৰৰ ভৱিষ্যৎ সুনি্ষ্চিত কৰাৰ বাবে চৰকাৰে সকলো অবৈধ বেদখল ভাঙি পেলোৱাৰএক বৃহৎ অভিযান আজি আৰম্ভ কৰে।(Somnath Temple)

গুজৰাটৰ গিৰ সোমনাথত মন্দিৰৰ পিছফালে থকা চৰকাৰী ভূমিৰ পৰা বেদখল আঁতৰোৱাৰ বাবে এই অভিযান আৰম্ভ কৰা হয়। এই অভিযান শুকুৰবাৰে নিশাৰে পৰাই আৰম্ভ হৈছিল আৰু শনিবাৰে গোটেই দিনটো চলিছিল। অভিযানত ৩৬ খন বুলডজাৰ, শ শ ট্ৰেক্টৰ, ডাম্পাৰৰ লগতে ১৪০০ আৰক্ষী জোৱান জড়িত কৰি ১০২ একৰ মাটি বেদখল মুক্ত কৰা হয়।(gujrat)

সোমনাথ মন্দিৰৰ সমীপত ১০৩ একৰ চৰকাৰী ভূমি দখল কৰা অবৈধ নিৰ্মাণৰ বিৰুদ্ধে আৰক্ষী আৰু প্ৰশাসনে এই উচ্ছেদ চলায়।

এই বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে ৪৫টা আৱাসিক অট্টালিকাৰ লগতে ৯টা ধৰ্মীয় স্থান ভাঙি পেলোৱা হয়। প্ৰায় ৩২০ কোটি টকাৰ মাটি বেদখলৰ পৰা মুক্ত কৰা হয়।জিলা দণ্ডাধীশ ডি.ডি. জাদেজাই প্ৰকাশ কৰা মতে সোমনাথৰ অবৈধ বেদখল খালী কৰিবলৈ বহু আগতেই প্ৰশাসনে জাননী জাৰি কৰিছিল। অৱশ্যে এই সতৰ্কবাণীৰ পিছতো ভূমি দখল হৈয়েই আছিল।(Somnath Temple Anti-Encroachment Drive)


মন কৰিবলগীয়া যে উজ্জয়ন কৰিডৰৰ দৰেই সোমনাথতো নতুন কৰিডৰ গঢ়ি তোলাৰ কথা চিন্তা কৰা হৈছে। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ইয়াত অনুমোদন প্ৰদান কৰিছে। সোমনাথ মন্দিৰৰ বিভিন্ন উন্নয়নমূলক পৰিকল্পনা চলি আছে আৰু এই উচ্ছেদে কৰিডৰ প্ৰকল্পৰ অগ্ৰগতি ক্ষিপ্ৰতৰ কৰিব বুলি প্ৰশাসনে মন্তব্য কৰিছে।(9 Illegal Mosques, Dargahs Demolished)

Related Articles