Mehdi Xeroxwala: শিক্ষাৰ্থীৰ সপোনৰ সহযোগী মেহদী জেৰক্সৱালা

গুৱাহাটী, ২৮ অক্টোবৰঃ চৰম ধৈৰ্য আৰু একাগ্ৰতাৰে অসম্ভৱকো সম্ভৱ কৰি দেখুৱাবলৈ সক্ষম হৈছে এজন যুৱক। নগাঁৱত এক ব্যতিক্ৰমী তথা অতিকৈ ক্ষুদ্ৰ ব্যৱসায় কৰি নিজকে সমাজৰ আগত এগৰাকী জনপ্ৰিয় আৰু হৃদয়ৱান যুৱক(Mehdi Xeroxwala) হিচাপে পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে যুৱকজন।

কেৱল মাত্ৰ শিক্ষাৰ্থী সমাজক সহায়ৰ হাত(Students’ Dreams) আগবঢ়োৱাৰ উদ্দেশ্য নগাঁও চহৰৰ আমোলাপট্টি বি বি ৰোডত ‘জেৰক্সৱালা’ নামাৰে ব্যৱসায়িক প্ৰতিষ্ঠানৰ জৰিয়তে এক ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰা এই দুৰদৰ্শী যুৱকজন হ’ল মেহদী আলম হাজৰিকা। ২৬ বছৰীয়া এই যুৱকজনৰ ঘৰ মৰিগাঁও জিলাৰ দৰঙীগাঁও।

তেওঁ বিগত প্ৰায় চাৰি বছৰ ধৰি প্ৰতি পৃষ্ঠা জেৰক্সৰ বাবদ মাত্ৰ পঞ্চাশ প‌ইচা আৰু প্ৰতি কপি পিডিএফ প্ৰিন্টৰ বাবদ মাত্ৰ এক টকাৰ বিনিময়ত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰয়োজন পূৰণ কৰি আহিছে।

উল্লেখ্য যে নগাঁৱত বৰ্তমান প্ৰতিকপি জেৰক্সৰ দাম কোনোবা প্ৰতিষ্ঠানত দুটকা হোৱাৰ বিপৰীতে কোনোবাখনত তিনি টকা আৰু পিডিএফ প্ৰিন্টৰ প্ৰতি কপিৰ দাম ১০ টকা(World Test Championship)। ছাত্র-ছাত্ৰী সকলক এই সুবিধা দিয়াই নহয় প্ৰয়োজন অনুসাৰে ফটো কপি বা প্ৰিন্ট সমুহ হোম ডেলিভাৰীৰ ব্যৱস্থা কৰি আহিছে এই ব্যতিক্ৰমী ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে।

এইদৰে ইমান কম মূল্যত এই সুবিধা কেনেকৈ প্ৰদান কৰি আহিছে বুলি বিভিন্ন জনৰ কৌতূহলৰ অৱসান ঘটাই সংবাদ মাধ্যমৰ আগত ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ গৰাকী মেহদী আলম হাজৰিকাই কয় যে অভাৱেই আৱিস্কাৰৰ মুল(Education World)। আৰ্থিক দৈন্যতাই বহু সন্ধান আৰু অনুপ্ৰেৰণা যোগাব পাৰে। মৰিগাঁৱৰ এটা ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালত জন্ম গ্ৰহণ কৰি যুৱকজনে একমাত্ৰ ভগ্নীৰ সৈতে বহু আৰ্থিক সমস্যাৰ মাজেৰে ছাত্র জীৱন পাৰ কৰিব লগা হৈছিল।

মেট্ৰিক পা‌ছ কৰি নিজৰ কনিষ্ঠ ভগ্নীৰ সৈতে ২০১৮ চনতে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ নগাঁৱলৈ আহি এটা ভাৰাঘৰত দুয়ো থাকিবলৈ লৈছিল(Human Development Magazine)।

বিজ্ঞান শাখাত শিক্ষা গ্ৰহণ কৰি থকা কভিডকালীন পৰিস্থিতিত ভগ্নীৰ বাবে প্ৰয়োজন হোৱা গাইড বুক এখন জেৰক্স কৰিবলৈ গৈ এক অৰ্থ সংকট জনিত পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁ। তেওঁ পূৰ্বতে অনুমান নকৰাকৈ ৩০০মান পৃষ্ঠা জেৰক্স কৰিবলৈ যাওঁতে জেৰক্সৰ দোকানীয়ে ১৭০০টকা বিচাৰোঁতে চকু কপালত উঠে।

তাৰোপৰি সেই জটিল সময়ছোৱাত অনলাইন ক্লাচ সমূহত দিয়া প্ৰশ্ন কাকতৰ প্ৰিন্ট উলিয়াবলৈ গৈয়ো টকাৰ অভাৱৰ বাবে তেওঁ সমস্যাত পৰে।

ইমান টকা কেনেকৈ দিব তেওঁ তাকে কিছু সময় ভাৱি মনতে কেতবোৰ চিন্তাৰ উদ্বেগ ঘটে। লগতে আন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকলেনো কেনেকৈ ইমান টকাকৈ কেৱল জেৰক্সৰ নামত ব্যয় কৰিব।

তাক ভাৱিও আৱেগিক হৈ পৰাৰ লগতে বিষয়টোৱে তেওঁক কিবা নতুন চিন্তাৰ উন্মেষ ঘটাই। ইয়াৰ পৰাই তেওঁ কিছু অনুপ্ৰেৰণাও লাভ কৰে। সৰুৰে পৰা কম্পিউটাৰ চফ্টৱেৰৰ কামত পাকৈত যুৱকজনে বানিজ্য শাখাত সেই বৰ্ষটোতে দ্বিতীয়-তৃতীয় ষান্মসিকত অধ্যায়ন কৰাৰ সমান্তৰাল ভাবে ব্যক্তিগত কোম্পানী এটাৰ সৈতে কম্পিউটাৰ চফ্টৱেৰ কাম কৰি কিছু আৰ্থিক সকাহ লাভ কৰিছিল। এইদৰে কম্পিউটাৰ চলোৱা অথবা প্ৰযুক্তিগত ভাৱে পাৰ্গত যুৱক হাজৰিকাই এটা চফ্টৱেৰ ডেভলপ কৰিবলৈ সক্ষম হ’ল।

এইদৰে তেওঁ এটা প্ৰিন্টাৰ আৰু লেপটপ লৈ কভিডকালীন সময়ত নগাঁও বানিজ্য মহাবিদ্যালয়ৰ সমীপত এখন সৰু দোকান লৈ ব্যৱসায় আৰম্ভ কৰিলে। তেওঁ জনোৱা মতে, তেওঁ আৱিষ্কাৰ কৰা চফ্টৱেৰটোৰ জৰিয়তে কম সময়ত অধিক কপি জেৰক্স আৰু পি ডি এফ ফাইলটো দিয়াৰ লগে লগে কিমান সংখ্যা কপি আৰু ইয়াৰ বিনিময়ত লব লগা ধনৰ পৰিমাণ আদি সকলো আপোনা আপুনি ওলাই আহে।

যাৰ বাবে তেওঁ অতি নগন্য খৰছত শিক্ষাৰ্থী সমাজক নিজৰ ঘৰতে বহি নিজৰ প্ৰয়োজনীয় শৈক্ষিক হাতপুথি সমূহ যোগান ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান নগাঁও জিলাৰ ওপৰিও কাষৰীয়া মৰিগাঁও আৰু হোজাই জিলাৰ ছাত্ৰ-ছাত্ৰীকো এই সুবিধা প্ৰদান কৰি আহিছে।

ইপিনে, ইমানেই নহয় হৃদয়বান যুৱকজনে অতি কম খৰচত কেৱল শিক্ষাৰ্থী সকলক পৰীক্ষা বা নাম ভৰ্তি, চাকৰিৰ আবেদনৰ ক্ষেত্ৰত অনলাইনৰ কামো কৰি দিয়ে।

আনকি তেওঁ কিছু ছাত্ৰ-ছাত্ৰীক ধন নোলোৱাকৈ কম্পিউটাৰ শিক্ষা দিও নিজৰ বদান্যতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে। অকল শিক্ষাৰ্থী সমাজকেই নহয় এটা সৰু ব্যৱসায়ৰ জৰিয়তে নিজে অৰ্থনৈতিক ভাবে স্বচ্ছল হোৱাৰ লগতে আন বহুতক কৰ্মসংস্থাপন দিবলৈ সক্ষম হৈছে যুৱকজন।

লেখকঃ ভাস্কৰ জ্যোতি শ‌ইকীয়া (Bhaskar Jyoti Shaikia)

Related Articles