ডিব্ৰুগড়, ১১ নৱেম্বৰঃ ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণক(Tribalization) লৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ। ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যত তীব্ৰ ক্ষোভ প্ৰকাশ জনগোষ্ঠীয় দল-সংগঠনসমূহৰ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰামৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আজি পুৱা ৫ বজাৰ পৰাই ডিব্ৰুগড়-তিনিচুকীয়া জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰে মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ সন্মিলনে।
জনজাতিকৰণৰ দাবীৰে সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই আহ্বান জনোৱা ১২ ঘণ্টীয়া ডিব্ৰুগড়- তিনিচুকীয়া বন্ধ কাৰ্যসূচী পুৱাৰে পৰা ডিব্ৰুগড়ত প্ৰভাৱ সৰ্বাত্মকভাৱে পৰা পৰিলক্ষিত হৈছে। বন্ধত স্তব্ধ ডিব্ৰুগড়ৰ জনজীৱন। ডিব্ৰুগড়ৰ লাহোৱাল, চাবুৱাৰ ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই।
ৰাজপথত জৰুৰীকালীন সেৱা বাহনৰ বাহিৰে আন বাহন চলাচল কৰাত বাধা প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। আৰক্ষীৰ তীব্ৰ বাধাৰ পাছতো ডিব্ৰুগড়ৰ ৰাজপথত ঠায়ে ঠায়ে জ্বলিল টায়াৰ। আৰক্ষীৰ সৈতে হতাহতি সৃষ্টি হৈছে ঠায়ে ঠায়ে। উল্লেখযোগ্য যে, জনজাতিকৰণৰ দাবীত বছৰৰ পাছত বছৰ ৰাজ্যৰ বিভিন্ন দল সংগঠনে ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।
প্ৰতিখন চৰকাৰে অসমৰ ছয়জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদাৰ প্ৰতিশ্ৰুতি দি আহিছে যদিও সেই প্ৰতিশ্ৰুতি আজিও কাৰ্যকৰী নহ’ল। শাসনলৈ অহাৰ পূৰ্বে শাসক দল বিজেপিয়ে অসমৰ ছয়জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও কাৰ্যতঃ সেইয়া কাৰ্যকৰী নকৰাত অসমৰ ছয়জনগোষ্ঠীৰ সংগঠনসমূহে একত্ৰিত সংগ্ৰামৰ বাবে আগবাঢ়ি আহিছে।
ইয়াৰ মাজতে গুৱাহাটীত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে ৰাজ্যৰ ছয়জনগোষ্ঠীক জনজাতিকৰণক লৈ কৰা দায়সৰা মন্তব্যত সৰৱ হৈ পৰিছে উজনি অসমৰ মৰাণ আৰু মটক জনগোষ্ঠীৰ সংগঠনসমূহ। ফলত আজি ১২ ঘণ্টীয়া ডিব্ৰুগড়-তিনিচুকীয়া বন্ধত স্তব্ধ হৈ পৰিছে ডিব্ৰুগড় জনজীৱন।
মৰাণ ছাত্ৰ সন্থা আৰু মটক যুৱ-ছাত্ৰ সন্মিলনৰ ১২ ঘণ্টীয়া বন্ধৰ সৰ্বাত্মক প্ৰভাৱ মাৰ্ঘেৰিটাতঃ স্তব্ধ হৈ পৰিল সাধাৰণ জনজীৱন
দীৰ্ঘদিনৰ বিৰতিৰ পিছত আজি মাৰ্ঘেৰিটাৰ স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰে। জনজাতিকৰণ, ষষ্ঠ অনুসূচীকৰণ আৰু বেংমৰা ৰাজ্য ঘূৰাই বিচাৰা দাৱীৰে আজি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনে আহ্বান জনোৱা তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধৰ প্ৰভাৱ পৰে মাৰ্ঘেৰিটাত।মাৰ্ঘেৰিটা নগৰৰ উপৰিও লিডু, বৰগোলাই, পেঙেৰী, বৰডুমচা, আদিত স্বতঃস্ফুতভাৱে বন্ধ হৈ পৰে দোকান পোহাৰ।
উল্লেখ্যে যে সংগঠন দুটাই পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১২ ঘণ্টীয়া তিনিচুকীয়া-ডিব্ৰুগড় জিলা বন্ধ ঘোষণা কৰিছিল। বন্ধ সময়ছোৱাত প্ৰতিবাদকাৰীসকলে কিছু স্থানত টায়াৰ জ্বলাই ৰাজপথ অৱৰোধ কৰিবলৈ চেষ্টা কৰাত আৰক্ষীৰ সৈতে বাকবিতণ্ডা সৃষ্টি হয়।
পেঙেৰীৰ ৰাজপথত পুৱাৰে পৰাই আৰক্ষীৰ সষ্টম হৈ থকা লগতে পুৱা দুৰণিবটিয়া নৈশ বাছ আৰু ব্যক্তিগত সৰু সৰু বাহনসমূহক সুৰক্ষা প্ৰদান কৰি যাতায়াতৰ সুবিধা কৰি দিয়ে। বন্ধ সময়ছোৱাত ৰাজপথত টায়াৰ জ্বলোৱা অপৰাধত দুই-এগৰাকীৰ প্ৰতিবাদকাৰীক পেঙেৰীৰ আৰক্ষীয়ে আটক কৰে যদিও পিছত এৰি দিয়ে। সমগ্ৰ মাৰ্ঘেৰিটাতে বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰে।
মটকসকলৰ ঐতিহ্যবহনক কৰা ন-পুখুৰী ধ্বংসৰ গৰাহতঃ প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে ঐতিহাসিক ন-পুখুৰী পূজাস্থলী হৈ পৰাত ক্ষোভ মটক যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ
প্ৰতিখন চৰকাৰে ঐতিহাসিক সমলসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণৰ কৰা কথা কৈ আহিছে যদিও আজি বহু কীৰ্তিচিহ্ন সংৰক্ষণ অভাৱত জহি খহি গৈছে। সেইয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহ সংৰক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দল-সংগঠনে দাবী জনাই আহিছে।
ইয়াৰ মাজতেই পোহৰলৈ আহিছে মটকসকলৰ ঐতিহ্যবহন কৰা ন-পুখুৰী ধ্বংসৰ গৰাহত। পৰ্যটন বিভাগেও আৰু জিলা প্ৰশাসনৰ অমনোযোগিতাৰ বাবেই ধ্বংসৰ গৰাহত ঐতিহাসিক ন-পুখুৰী। মটক ৰজা সৰ্বানন্দ সিংহৰ শাসন কালত এই ঐতিহাসিক ন-পুখুৰীত খনা হৈছিল বুলি জানিব পৰা গৈছিল। কি
ন্তু প্ৰশাসনৰ গুৰুত্বহীনতাৰ বাবে ঐতিহাসিক ন-পুখুৰী পূজাৰ স্থলী হৈ পৰাত ক্ষোভ সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ জিলা সমিতিৰ। সংগঠনটোৰ জিলা সমিতিৰ এটা দলে তিনিচুকীয়া ন-পুখুৰীত পৰিদৰ্শন কৰি ক্ষোভিত হৈ পৰে।
ঐতিহাসিক ন-পুখুৰী পূজাৰ স্থলী কৰি পেলোৱাত মটক জনগোষ্ঠীৰ ঐতিহ্যত আঘাত সনা বুলি দাবী কৰে সংগঠনটোৱে। এই ক্ষেত্ৰত তিনিচুকীয়া জিলা প্ৰশাসন আৰু বিভাগৰ বিষয়া সকলক ব্যৱস্থা গ্ৰহণৰ দাবী মটক যুৱ-ছাত্ৰ পৰিষদৰ।
শিৱসাগৰত একত্ৰিত মঞ্চৰ গণ প্ৰতিবাদঃ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল শিৱসাগৰঃ মুখ্যমন্ত্ৰীলৈ স্মাৰক-প্ৰেৰণ
অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ একত্ৰিত মঞ্চই বিগত বহু দিন ধৰি অসমৰ কেতবোৰ জাতীয় সমস্যা সমাধানৰ বাবে ঐক্যবদ্ধভাৱে গণতান্ত্ৰিক সংগ্ৰাম অব্যাহত ৰাখিছে। আজি ঐতিহাসিক শিৱসাগৰত পুনৰ অসমৰ খিলঞ্জীয়া জাতি- জনগোষ্ঠীসকলৰ অস্তিত্ব সুৰক্ষিত কৰাৰ স্বাৰ্থত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা খিলঞ্জীয়া ৰাইজৰ সহযোগত এক বিশাল ‘গণ প্ৰতিবাদ’ কাৰ্যসূচী ৰূপায়ণ কৰি পৰিৱেশ উত্তাল কৰি তোলে।
গণ প্ৰতিবাদীস্থলীৰ পৰাই একত্ৰিত মঞ্চই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষাৰ বাবে শীঘ্ৰে অসমত এখন শক্তিশালী ভূমি আইন প্ৰণয়নৰ জৰিয়তে অসমৰ মাটি কিনা বেচা কৰাৰ অধিকাৰ কেৱল মাত্ৰ অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থকাৰ দাবী উত্থাপন কৰে। ইয়াৰ লগতে অসমৰ ছয় জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসমক জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰাৰ লগতে অসমত বিদেশী চিনাক্তকৰণৰ ভিত্তি বৰ্ষ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ দৰে ১৯৫১ চন কৰাৰো দাবী তুলে।
তৎকালীনভাৱে অসমত থকা অবৈধ বাংলাদেশী নাগৰিকৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি অসমৰ পৰা বহিষ্কাৰৰ ব্যৱস্থা কৰাৰো দাবী উঠাইছে সংগঠিত জাতি-জনগোষ্ঠীৰ সংগঠনে। অসমত অতিশীঘ্ৰে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰো দাবী উত্থাপন কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ এক স্মাৰক-পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে উক্ত দাবীসমূহ সমাধান কৰিবলৈ একত্ৰিত মঞ্চই দাবী জনায়।
ইফালে প্ৰতিবাদীস্থলীত একত্ৰিত মঞ্চৰ সহযোগী তথা আটাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বসন্ত গগৈয়ে কয় যে, অসম আৰু অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত স্বাৰ্থত অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীয় সংগঠনসমূহ একত্ৰিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা হৈছে।
অসমত খিলঞ্জীয়াৰ অস্তিত্ব অনাদি অনন্ত কালৈ সুৰক্ষিত হৈ থকাৰ লগতে অসম বিধানসভাত থলগিৰি ৰাইজৰ প্ৰতিনিধিৰ বাবে সুৰক্ষিত হৈ থাকিব লাগিব।
ভূমিৰ অধিকাৰ অসমীয়াৰ হাতত থাকিব লাগিব বুলি কোৱাৰ লগতে ২০২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিবলৈ তেওঁ চৰকাৰক দাবী জনায়। জনজাতিকৰণৰ মৰ্যাদা নিদিলে ২০২৬ চনৰ নিৰ্বাচনত বিজেপি চৰকাৰক খিলঞ্জীয়া জনগনই উচিত প্ৰত্যুত্তৰ দিব বুলি বসন্ত গগৈয়ে স্পষ্ট কৰি দিয়ে।