দেশৰ ৪৮টা বিধানসভা সমষ্টিৰ ২২টাত বিজেপি, ৭টাত কংগ্ৰেছ, ৬টাত তৃণমূল আৰু আপৰ ৩

আজি দেশৰ দুটা সংসদীয় সমষ্টি আৰু ৪৮টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনৰ ফলাফল পোৱা গ’ল। এই ফলাফলত অধিকাংশ সমষ্টিতে ফুলিঁল পদুম। কিন্তু পশ্চিম বংগৰ লগতে ছিক্কিমত দেখা গ’ল এক বিপৰীত ছবি ।

৪৮টা বিধানসভা সমষ্টিৰ ভিতৰত ২২টাত বিজেপি, ৭টাত কংগ্ৰেছ, ৬টা তৃণমূল আৰু আপে লাভ কৰে ৩খনকৈ আসন। অন্য আঞ্চলিক দলবোৰে লাভ কৰে ১খনকৈ আসন।  আনহাতে ২ সংসদীয় সমষ্টিৰ নিৰ্বাচনত এটাত কংগ্ৰেছ আৰু এটাত বিজেপিৰ প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰে। 

অসমত ৫সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচন। ইয়াৰে ৫টা সমষ্টিতেই জয়ী হল এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী। বঙাইগাঁৱত অসম গণ পৰিষদৰ দীপ্তিময়ী চৌধুৰী আৰু চিদলীত ইউ পি পি এলৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম জয়ী হোৱাৰ বিপৰীতে বাকী ৩টা সমষ্টিত জয়ী হল বিজেপিৰ প্ৰাৰ্থী। 

চামগুৰিত বলিষ্ঠ যুঁজ দি জয়ী হল বিজেপিৰ প্ৰাৰ্থী দীপ্লুৰঞ্জন দাস। বিহালীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল আৰু ধলাইত জয়ী হ’ল নিহাৰ ৰঞ্জন দাস।  উল্লেখ কৰা প্ৰয়োজন যে, যোগদান কৰিয়ে কংগ্ৰেছৰ টিকট পাই নিৰ্বাচনত অৱৰ্তীণ হোৱা জয়ন্ত দাসে বিহালীত যথেষ্ট সবল যুঁজ দিছিল।

গুজৰাটত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত জয়ী হয় বিজেপিৰ প্ৰাৰ্থী ঠাকুৰ স্বৰূপজী।

বিহাৰৰ ৪টা সমষ্টিত অনুষ্ঠিত হৈছিল উপ নিৰ্বাচনত টাৰাৰী সমষ্টি আৰু ২০৩নং ৰামগড় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীয়ে , ২২৭নং ইমামগঞ্জ সমষ্টিত হিন্দুস্তানী মৰ্চা চেকুলাৰ দলৰ প্ৰাৰ্থী দ্বীপা কুমাৰী, আনফালে বেলাগঞ্জ সমষ্টিত জয়ী হয় জনতা দল ইউনাইটেডৰ প্ৰাৰ্থী মনোৰমা দেৱী।

মধ্যপ্ৰদেশৰ বিজয়পুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী মুকেশ মালহোত্ৰা আৰু বুধিনী সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰামাকান্ত ভাৰ্গৱাই বিজয় সাব্যস্ত কৰে। 

মেঘালয়ৰ গেমবিগ্ৰে সমষ্টিত এন পি পি প্ৰাৰ্থী জয়ী হয়। জয়ী হোৱা মেহতাব চান্দী আগিটক চাংমা হৈছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ পত্নী। ৪৫৯৪টা ভোটত এই সমষ্টিটোত এন পি পিৰ প্ৰাৰ্থীগৰাকীয়ে বিজয় সাব্যস্ত কৰে। 

ৰাজস্থানত ৭টা সমষ্টিৰ ভিতৰত ৫টাত বিজেপি, এটাত কংগ্ৰেছ আৰু এটা সমষ্টিত ভাৰত আদিবাসী পাৰ্টিৰ প্ৰাৰ্থী জয়ী হয়। চ’ৰাছী সমষ্টিত আদিবাসী পাৰ্টি, চালুমবাৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী, ১১০নং কিহিনশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী, দেৱলী সমষ্টিত বিজেপি, ডাওচা সমষ্টিত কংগ্ৰেছ, ৰামগড় সমষ্টিত বিজেপি আৰু ঝুহুনঝুহু সমষ্টিত বিজেপিৰ প্ৰাৰ্থী জয়ী হয়। 

ছিক্কিমত ৭নং SORENG আৰু NAMCHI সমষ্টিত বিনাপ্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় ৰাজ্যখনৰ শাসনাধিষ্ঠ দলটোৰ প্ৰাৰ্থী। SORENG সমষ্টিত আদিত্য গলাই আৰু NAMCHI সমষ্টিত সত্তীশ চন্দ্ৰ ৰায় বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয়। আন দুটা সমষ্টিৰ উপ নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হয় ছিক্কিম ক্ৰান্তিকাৰী মৰ্চাৰ প্ৰাৰ্থী।

পাঞ্জাৱৰ উপ নিৰ্বাচনত ৪টা সমষ্টিৰ ভিতৰত ৩টাত আপ আৰু এটাত কংগ্ৰেছৰ প্ৰাৰ্থী জয়ী হয় ৰাজ্যখনত। দাৰা বাবা নানক সমষ্টিত আপৰ প্ৰাৰ্থী গুৰদ্বীপ সিং ৰাণধাৱা, চাবীৱাল সমষ্টিত আপৰ প্ৰাৰ্থী ডাঃ ঈশানক কুমাৰ আৰু গিড্ডাবাহা সমষ্টিত আপৰ প্ৰাৰ্থী হৰদ্বীপ সিং ডিম্পী জয়ী হয়। ৰাজ্যখনৰ ১০৩নং বাৰনালা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী কুলদ্বীপ সিঙ জয়ী হয়।

উত্তৰ প্ৰদেশৰ ৯টা সমষ্টিৰ ভিতৰত মাজৱান, কেটহৰী, কুলপুৰ, চিচামু, কাৰহাল, কুণ্ডকী, গাজিয়াবাদ আৰু খেৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীয়ে জয় সাব্যস্ত কৰে। মীৰপুৰ সমষ্টিত ৰাষ্ট্ৰীয় লোকদলৰ প্ৰাৰ্থী জয়ী হয়।

উত্তৰাখণ্ডৰ কেদাৰনাথ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আশা নৌটিৱাল জয়ী হয়। ৫৬২২টা ভোটৰ ব্যৱধানত জয়ী হয় বিজেপিৰ প্ৰাৰ্থীগৰাকী। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ২৩হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰে ১৮হাজাৰটা ভোট।

পশ্চিমবংগৰ ৬টা সমষ্টিৰ ৬টাতে পশ্চিম বংগত নিজৰ দখল বজাই ৰাখিবলৈ সক্ষম তৃণমূল কংগ্ৰেছ। ৰাজ্যখনৰ শাসনাধিষ্ঠ দলটোৱে প্ৰক্ষেপ কৰা প্ৰতিগৰাকী প্ৰাৰ্থীয়েই ৰাজ্যখনৰ নাইহাটি, হাৰুৱা, মেদিনীপুৰ, তালডাংৰা, মাদৰীহাট আৰু চিতাই সমষ্টিত বিজয় সাব্যস্ত কৰে।

কেৰালাৰ দুই সমষ্টিৰ উপ নিৰ্বাচনত পাল্লাকড সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী ৰাহুল মামকতাথিলে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীগৰাকীতকৈ প্ৰায় ১৮হাজাৰ অধিক ভোট লাভ কৰি জয় সাব্যস্ত কৰে। আনফালে চেলাক্কাৰা সমষ্টিত চি পি আই (মাক্সবাদী) দলৰ প্ৰাৰ্থী ইউ আৰ প্ৰদীপে ১২হাজাৰ ভোটত বিজয় সাব্যস্ত কৰে।

কৰ্ণাটকৰ ৩টা সমষ্টি ছিগগাঁও, সান্দুৰ আৰু ছানাপাটনা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে বিজয়ৰ হাঁহি মাৰিবলৈ সক্ষম হয়।

চত্তীশগড়ৰ দক্ষিণ ৰায়পুৰ সমষ্টিত অনুষ্ঠিত হোৱা উপ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰায় ৪৬হাজাৰো অধিক ভোটত পৰাস্ত কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী।

সংসদীয়

আনহাতে কেৰালাৰ ৱায়নাড আৰু মহাৰাষ্ট্ৰৰ নানডিদ সমষ্টিত অনুষ্ঠিত হৈছিল উপনিৰ্বাচনত ৱায়নাড সমষ্টিত প্ৰিয়ংকা গান্ধীয়ে ৪লাখ ১০হাজাৰ ৯৩০টা ভোটৰ ব্যৱধানত বিজয়ী হয়। ৱায়নাডত ৬লাখ ২২হাজাৰ৩৩৮টা ভোট লাভ কৰিলে প্ৰিয়ংকাই। 

মহাৰাষ্ট্ৰৰ ১৬নং লোকসভা সমষ্টি নানডিদত বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থী ড০ সন্তুকৰাও মাৰাথাওয়ে। প্ৰায় ৩৮হাজাৰ ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে। সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৪.৮৮লাখ ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৫.২৫লাখ ভোট লাভ কৰে। 

Related Articles