কেৰালা ৰাজ্যৰ ৱায়ানাড লোকসভাৰ উপ-নিৰ্বাচনত বিপুল ব্যৱধানত জয়লাভ কৰিছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধীয়ে। ইয়াৰ জৰিয়তে প্ৰিয়ংকা নিজেও মাতৃ ছোনিয়া আৰু জ্যেষ্ঠ ভাতৃ ৰাহুলৰ দৰে সংসদৰ সদস্য হ’ব এইবাৰ।
তেওঁ লাভ কৰে ৬ লাখ ২২ হাজাৰ ৩৩৮টা ভোট। চিপিএম নেতৃত্বাধীন মিত্ৰজোঁটৰ নিকটতম প্ৰাৰ্থী সত্যন মকেৰীতকৈ ৪ লাখ ১০ হাজাৰ ৯৩১ ভোট লাভ কৰি জয়লাভ কৰে প্ৰিয়ংকাই।
যোৱা লোকসভা নিৰ্বাচনত প্ৰিয়ংকাৰ ভাতৃ ৰাহুল গান্ধীয়ে লোকসভা সমষ্টি ৰায়ে বৰেলী আৰু ৱায়ানাড দুয়োটাতে জয়লাভ কৰিছিল। পিছত তেওঁ ৰায়ে বাৰেলীৰ আসনখন ৰাখি ৱায়ানাড এৰি দিয়ে। কংগ্ৰেছে তাত উপ-নিৰ্বাচনত প্ৰিয়ংকাক মনোনীত কৰাত তেওঁৰ প্ৰথম নিৰ্বাচনত এয়াই।
বিজয় স্পষ্ট হোৱাৰ লগে লগে প্ৰিয়ংকাই ৱায়ানাডৰ ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট দি ভোটাৰক ধন্যবাদ জনায়।
প্ৰিয়ংকাই লিখিছে, মোৰ মৰমৰ ৱায়ানাডৰ ভাই-ভনীসকল, আপোনালোকে মোৰ ওপৰত যি বিশ্বাস দেখুৱাইছে তাৰ বাবে মই আপ্লুত হৈছো। …মই আপোনালোকৰ বাবে আপোনালোকৰ নিজৰ মানুহ হিচাপে যুঁজিম। সংসদত আপোনালোকৰ কণ্ঠ হ’বলৈ আগ্ৰহী।
নিৰ্বাচনী প্ৰচাৰত কঠোৰ পৰিশ্ৰম কৰাৰ বাবে দলৰ নেতা-কৰ্মী-স্বেচ্ছাসেৱক আৰু সহকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰিও তেওঁ মাতৃ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী, স্বামী ৰবাৰ্ট , দুটা সন্তান ৰেইহান আৰু মিৰায়াৰ সৈতে দলৰ নেতা ৰাহুল গান্ধীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।