Bollywood: ফেশ্বন মানেই সৰু কাপোৰ পিন্ধা নহয়: ম্ৰুনাল ঠাকুৰে(Mrunal Thakur)

বলীউডৰ জনপ্ৰিয় মুখ মৃণাল ঠাকুৰ। যদিও টেলিভিছনৰ পৰ্দাৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰিছিল তেওঁ বৰ্তমান ডাঙৰ পৰ্দাত এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। জনপ্ৰিয় ধাৰাবাহিক ‘মুজছে কুচ কেহেতি য়ে খামোছিয়া’ৰ জৰিয়তে ম্ৰুনাল ঠাকুৰে(Mrunal Thakur) অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল। পিছত ডাঙৰ পৰ্দাত সুযোগ পায়।

ইয়াৰ পিছত তেওঁ ‘ছুপাৰ ৩০’, ‘বাটলা হাউচ’ আদি চিনেমাত অভিনয় কৰি দৰ্শকৰ মাজত এক সুকীয়া পৰিচয় লাভ কৰে। ২০২২ চনত ‘সীতা ৰম’ চিনেমাৰ জৰিয়তে অভিনেত্ৰীগৰাকীয়ে সৰ্বাধিক জনপ্ৰিয়তা লাভ কৰিছিল। তেতিয়াৰ পৰাই চাৰিওফালে তেওঁৰ আলোচনা। ম্ৰুনাল ঠাকুৰ(Mrunal Thakur) বলীউডৰ ফেশ্বন ডিভা হিচাপেও পৰিচিত।
ষ্টাইল আৰু ফেশ্বনৰ ফালৰ পৰা বহুততকৈ আগবাঢ়ি আছে ম্ৰুনাল ঠাকুৰ(Mrunal Thakur)। শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে এই ষ্টাইল ষ্টেটমেণ্টৰ বিষয়ে মুকলিকৈ কয়।
ফেশ্বনৰ কথা কওঁতে ম্ৰুনাল ঠাকুৰে(Mrunal Thakur) কয়, ‘ফেশ্বন হৈছে এক সাহসী পদক্ষেপ আৰু ই আপোনাৰ আত্মবিশ্বাস।

ফেশ্বনৰ অৰ্থ চুটি কাপোৰ পিন্ধা নহয়, শাৰী বা চুৰিদাৰ পিন্ধিবও পাৰি কিন্তু ফেশ্বন ট্ৰেণ্ড অনুসৰণ কৰিব লাগিব।


অভিনেত্ৰীগৰাকীয়ে লগতে কয়, ‘আপুনি নিজৰ ব্যক্তিত্ব আৰু কাপোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰিব লাগিব। ক’ৰবাত যাওঁতে যদি মানুহে কেৱল আপোনাৰ কাপোৰ বা জোতাৰ কথা কয়, তেন্তে সেয়া ফেশ্বন নহয়। যেতিয়া মানুহে আপোনাৰ কাপোৰৰ লগতে আপোনাৰ ব্যক্তিত্ব আৰু হাস্যৰসৰ কথা ক’ব, তেতিয়া আপুনি ষ্টাইলত অনন্য হ’ব।’

ফেশ্বন আইডলৰ বিষয়ে কওঁতে অভিনেত্ৰীগৰাকীয়ে কয়, তেওঁ ৰেখা, শ্ৰীদেৱী, কাজল, ৰবীনা টেণ্ডন আৰু কৰীনা কাপুৰ খানৰ দৰে অভিনেত্ৰীৰ পৰাই জানিছিল ফেশ্বন প্ৰকৃততে কি।

ম্ৰুনাল ঠাকুৰে(Mrunal Thakur) সৰুৰে পৰাই এইসকলক অনুসৰণ কৰি ডাঙৰ হৈছে। কেৱল সেয়াই নহয়, ম্ৰুনাল ঠাকুৰৰ(Mrunal Thakur) সপোন আছিল আন তাৰকাৰ দৰে মনীষ মালহোত্ৰাই ডিজাইন কৰা কাপোৰ পিন্ধিব, যিটো তেওঁ পূৰণ কৰিবলৈ সক্ষম হ’ল।
বৰ্তমান ম্ৰুনাল ঠাকুৰে(Mrunal Thakur) বলীউডৰ লগতে দক্ষিণতো সমানে কাম কৰি আছে। অহা বছৰ এই অভিনেত্ৰীগৰাকীয়ে ‘ছন অৱ চৰ্দাৰ ২’কে ধৰি কেইবাখনো চিনেমাত অভিনয় কৰা দেখা যাব।

Related Articles