ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত আৰু ড্যা ইউনিয়ন নামৰ আন্ত ৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটোৰ সহযোগত ২৮ফেব্ৰুৱাৰীত ওদালগুৰি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ধপাত নিয়ন্ত্ৰন সন্দৰ্ভত জিলা ভিত্তিক কৰ্মশালা এখন অনুষ্ঠিত হৈ যায়। উক্ত কৰ্মশালাত উপস্থিত থাকি ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ৰাজ্যিক নডেল বিষয়া ডা° অৰুন্ধুতি ডেকাই ৰাজ্যিক ধপাত নিয়ন্ত্ৰণ কোষে ধপাতৰ অবাধ প্ৰচলন ৰোধৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ তথা পৰিকল্পনা সমূহৰ বিষয়ে অৱগত কৰে। তেও লগতে ভাৰতৰ বিভিন্ন আইনৰ জড়িয়তে ধপাতৰ প্ৰচলন নিয়ন্ত্ৰণ কৰাৰ ব্যৱস্থা সমূহৰ বিষয়ে উল্লেখ কৰি আইন সমূহৰ সহায়ত ধপাত নিয়ন্ত্ৰণৰ বাবে আগবাঢ়িবলৈ সকলো পক্ষকে অনুৰোধ জনায়।
বিশেষকৈ শিক্ষানুষ্ঠান আৰু ৰাজহুৱা স্থান সমূহ ধপাত মুক্ত কৰাৰ লক্ষ্যৰ কথা উল্লেখ কৰি ধপাত সেৱনৰ ভয়াৱহ দিশ সমূহৰ বিষয়েও আলোকপাত কৰে। ২৮ফেব্ৰুৱাৰীৰ এই কৰ্মশালাত ওদালগুৰিৰ উপ- আৰক্ষী অধীক্ষক সুকুমাৰ সিংহা, জিলা খনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা° লাবণ্য কুমাৰ শৰ্মা, ইউনিচেফৰ কনচালটেন্ট ডা ° সৌৰভ উপাধ্যায়, ৰাষ্ট্ৰীয় ধপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ জিলা নডেল বিষয়া ডা° নৱজিৎ ৰাজখোৱা , RBSKৰ ডিষ্ট্ৰিক্ট কো’ অৰ্ড়িনেটেৰ মনোজ বসুমতাৰী , মিডিয়া এক্সপাৰ্ট মধুস্মিতা বৈশ্য , ড্যা ইউনিয়নৰ প্ৰিয়ংকা কাকতিকে ধৰি জিলা খনৰ কেইবাজনো চিকিৎসক, স্বাস্থ্য বিভাগৰ বিষয়া, থানা সমূহৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থী সকলক প্ৰমান পত্ৰও বিতৰণ কৰা হয়।