তেলৰ সলনি লিটাৰে লিটাৰে ওলাইছে পানী! খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত Essar petrol pumpত সংঘটিত হৈছে এই ঘটনা, ইঞ্জিন বিকল বহু বাহনৰ

আপুনি খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত তেল ডিপুত তেল ভৰাই নেকি।তেন্তে সাবধান হওক। তেল ভৰোৱাৰ পিচতেই নষ্ট হব পাৰে আপোনাৰ লাখ টকীয়া গাড়ী। খাৰুপেটীয়াৰ নেপালী বজাৰস্থিত Essar Petrol pump নামৰ তেল ডিপুত সংঘটিত হৈছে এই ঘটনা। ডিপুটোত তেলৰ সলনি ওলাইছে কেৱল পানী।‌ পেট্ৰল ভৰাওতে ওলালে হুৰা হুৰে পানী। পেট্টলৰ দামত বিক্ৰী কৰিছে পানী। ডিপো খনত গ্ৰাহকক তেল কমকৈ দিয়াৰো উঠিছে অভিযোগ। ডিপুটোত তেল ভৰোৱাৰ পাছতে ইঞ্জিন বিকল হৈ পৰে কেইবাখনো বাহন । স্থানীয় ৰাইজৰ অভিযোগ পূৰ্বৰ পৰাই এই তেল ডিপুটোৱে এনেদৰে দুৰ্নীতি কৰি আছে। যিসময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে গ্ৰাহকক মাধমাৰ সোধাইছে তেনেসময়তে এই তেল ডিপুটোৰ এনে কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে গ্ৰাহকক ।ডিপুটোৰ এনে কৰ্মকাণ্ড স্থানীয় ৰাইজে ধৰা পেলোৱাৰ পিছতে সৃষ্টি হয় এক হুলস্থলীয়া পৰিৱেশৰ।

এনে তেল ডিপুৰ বিৰুদ্ধে প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হে হব লক্ষনীয়।আনহাতে কেইবাদিনো ধৰি চলি থকা মুষলধাৰ বৰষুণৰ ফলত তেল ডিপুৰ পাইপ লাইনত পানী সোমোৱা বুলি জনায় ডিপোখনৰ কৰ্মচাৰীয়ে।

Related Articles