শিঙৰি দুবিধ। এবিধ পনীত হোৱা আৰু আনবিধ বামত হোৱা। পানীত হোৱা শিঙৰিক সাধাৰণতে পানী শিঙৰি বুলি কোৱা হয়। পানী শিঙৰিৰ সৰু সৰু শাক-বন জাতীয় আৰু ইয়াৰ ফল মানুহ বা আন প্ৰাণীয়ে খায়। বামত হোৱা শিঙৰিৰ গছ ডাঙৰ আৰু ইয়াৰপৰা কাঠ পোৱা যায়।
পানী শিঙৰি অসমৰ খাল, বিল আদিত দেখিবলৈ পোৱা যায়। ইয়াৰ ইংৰাজী নাম ৱাটাৰ চে’ছনাট, ৱাটাৰ কেলট্ৰ্প, বেট নাট, বাফেল’নাট আদি। হিন্দী নাম সিংঘাৰা, পানী ফল আদি।
বৈজ্ঞানিক নাম ট্ৰেপা নেটেনছ। ই লিথৰেচি গোত্ৰৰ উদ্ভিদ। ইয়াৰ জাতি ট্ৰেপাৰ ট্ৰেপা নেটেনছ, ট্ৰেপা বাইকৰ্নিছ আৰু ট্ৰেপা ৰ’জিকা নামৰ তিনিটা প্ৰজাতি আছে। প্ৰজাতিবোৰ এছিয়া, আফ্ৰিকা আৰু ইউৰোপৰ উষ্ণ আৰু নাতিশীতোষ্ণ অঞ্চলবোৰৰ জলাহভূমিত পোৱা যায়। ইয়াৰ গছ একবৰ্ষজীৱী। কাণ্ড কোমল, তিনিৰপৰা পাঁচ মিটাৰলৈকে দীঘল, পানীত বুৰ গৈ থাকে আৰু শিপাই বোকাত লংগৰৰ দৰে খামুচি থাকে। কাণ্ডৰ ওপৰ ভাগত ঘনকৈ পাত ওলায় আৰু পানীৰ সমতলত অৱস্থান কৰে।
পাতৰ ঠাৰি দীঘল আৰু স্ফীত। স্ফীত ঠাৰিবোৰে পাতবোৰ ওপঙাই ৰাখে। পাতবোৰ দুইৰপৰা তিনি ছেণ্টিমিটাৰ দীঘল, অৰ্ধবৃত্তাকাৰ, কাষবোৰ কাঁচিদঁৰীয়া, মিহি, সেউজীয়া আৰু মাজভাগ পাতল কজলা ৰঙৰ সাঁচযুক্ত। কাণ্ডৰ তলৰ ভাগৰ বুৰ গৈ থকা পাতবোৰ সেৰেঙা, লতিযুক্ত আৰু মিহি পাখিৰ দৰে। কাণ্ডৰ আগ অংশৰ পত্ৰকক্ষত দীঘল ঠাৰিৰে কলি ওলাই পানীৰ ওপৰত অৱস্থান কৰে আৰু বগা ৰঙৰ ফুল ফুলে। ফুলৰ পাহি চাৰিটা।
পতংগৰ দ্বাৰা ফুলৰ পৰাগ সংযোগ ঘটে। ফুলাৰ পিছত তিনি ছেণ্টিমিটাৰমান ব্যাসৰ ফল ধৰে। ফলৰ বাকলিত চাৰিটা জোঙা কাঁইট থাকে। ফলৰ ৰং ক’লা-বেঙুনীয়া, শাহ বগা, কোমল, ৰসাল আৰু কাৰ্বোহাইড্ৰেডযুক্ত। গছ মৰহি গ’লে পূৰঠ ফলবোৰ পানীৰ তলত পৰি থাকে বা ওপঙি থাকে আৰু পুলি গজে। ফলবোৰ বাৰ বছৰলৈকে গজিব পৰা হৈ থাকে।
ফলত যথেষ্ট পৰিমাণে গ্লুক’জ, ফ্ৰুক্টজ আদি থাকে বাবে পুষ্টিজনক। ফলবোৰ কেঁচাই, ৰান্ধি খোৱাৰ উপৰি শুকুৱাই গুৰি কৰি লুথুৰী বা পিঠা ভাজিও খোৱা হয়। ইয়াক জ্বৰ আদি কিছুমান ৰোগত বনৌষধি হিচাপেও ব্যৱহাৰ কৰা হয়। চীন আৰু ভাৰতত ইয়াৰ খেতি কৰা হয়। কাঁইটে নিবিন্ধাকৈ ফলবোৰ সাৱধানে পানীৰপৰা উঠোৱা বা ছিঙা হয়। পৰজীৱীযুক্ত পানীত হোৱা ফলবোৰ কেঁচাই খোৱা উচিত নহয় কাৰণ কিছুমান পৰজীৱী ফলৰ লগত শৰীৰত প্ৰ্ৱেশ কৰি স্বাস্থ্যহানি কৰিব পাৰে।