শোণিতপুৰ জিলাৰ মিছামাৰীত এগৰাকী বৃদ্ধ পিতৃ পৰশুৰামে পয়ত্ৰিশ বছৰীয়া পুত্ৰক কুঠাৰেৰে উপৰ্যুপৰি আক্ৰমণ চলাই হত্যা কৰা আৰু পাছত আৰক্ষীয়ে হত্যাকাৰী বৃদ্ধ পিতৃক জেল হাজোতলৈ প্ৰেৰণ কৰা ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উল্লেখ্য যে যোৱা ২৩ আগষ্টত নিশা মিছামাৰী আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰী গাঁৱৰ বাসিন্দা পৰশুৰাম কুৰ্মীৰ পুত্ৰ পৱন কুৰ্মী (৩৫)ক নিজ গৃহৰ গোহালি ঘৰৰ কাষত চোকা অস্ত্ৰত আক্ৰমণ চলাই হত্যা কৰি পেলাই থোৱাৰ পিছদিনা পুৱা আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ৷ স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত মিছামাৰী থানাৰ আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা পৱন কুৰ্মীৰ মৃতদেহটো উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষা কৰাই পাছত উক্ত মৃতদেহটো পৰিয়ালবৰ্গক চমজি দিয়ে ৷ ঘটনাৰ দিনা পৱন কুৰ্মীৰ পত্নী নয়না কুৰ্মী স্বামীৰ গৃহত নাছিল তাইৰ একমাত্ৰ কন্যাক লগত লৈ তাই কিছুদিন পূৰ্বে পিতৃ মাতৃৰ গৃহলৈ গৈছিল৷
স্বামীৰ ঘটনাৰ খবৰ পাই নয়না কুৰ্মী স্বামী গৃহলৈ আহে উক্ত ঘটনাৰ তদন্ত বিছাৰি স্থানীয় মিছামাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এজাহাৰ লাভ কৰিয়েই উক্ত এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি পৱন কুৰ্মীৰ হত্যাকাৰীক বিচৰা পৰ্ব আৰম্ভ কৰে ৷ ইফালে ঘটনাৰ দিনা যিহেতু পৰশুৰাম কুৰ্মী সৰু সৰু দুটা নাতিৰ সৈতে ঘৰত আছিল ৷ গতিকে উক্ত ঘটনাৰ সন্দেহত পিতৃ পৰশুৰাম কুৰ্মীক আৰক্ষীয়ে আটক কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে ৷ ৬৫ বছৰীয়া বৃদ্ধা পৰশুৰাম কুৰ্মী আৰক্ষীৰ ওচৰত প্ৰকাশ কৰা ভাষ্য মতে পুত্ৰ পৱন কুৰ্মী মদ্যপান কৰি প্ৰায়ে ঘৰত অশান্তিৰ সৃষ্টিৰ উপৰি পত্নী,পৰিয়াল বৰ্গ আনকি পিতৃকো মাৰপিট, অত্যাচাৰ আদি চলাই আহিছিল ৷ আনদিনাৰ দৰে ২৩ আগষ্টৰ দিনাও পৱন কুৰ্মী নিশা প্ৰায় ৯ মান বজাত মদ্যপান কৰি বিছনাত শুই থকা পিতৃ পৰশুৰাম কুৰ্মীক অশালীন গালিগালাজ পৰাৰ উপৰি মাৰিবলৈ দৰ্জাত গোৰ মৰাত পিতৃ পৰশুৰাম হাতত কুঠাৰ লৈ বাহিৰলৈ ওলাই আহে আৰু কিছু সময় তৰ্কবিতৰ্ক চলাৰ পাছতে আন্ধাৰৰ সুযোগ লৈ হাতৰ কুঠাৰেৰে পুত্ৰ পৱন কুৰ্মীক উপৰ্যুপৰি প্ৰহাৰ কৰাত পৱন কুৰ্মী ঠাইতে বাগৰি পৰি শেষ নিশ্বাস ত্যাগ কৰে ৷
ঘটনা সংঘটিত কৰি আটকাধীন পৰশুৰাম কুৰ্মীক আজি আৰক্ষীয়ে তেজপুৰ জিলা জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷ পিতৃৰ হাতত পুত্ৰৰ নৃশংস হত্যাকাণ্ড ঘটনাটোৱে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।