গোৱালপাৰা জিলাৰ ধনুভাঙাত অঘটন৷ ধান কাটিবলৈ গৈ থকা মুহূৰ্তত ৰে’লে কাটিলে পতি-পত্নীক৷ বৃহস্পতিবাৰৰ পৰা নতুন পথেৰে নিউবঙাইগাঁৱৰ পৰা ধূপধৰালৈ চলাচল কৰিছে ৰে’ল৷
নতুন পথেৰে ৰে’ল চলাচল আৰম্ভ হোৱাৰ কথা গম নোপোৱাৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো৷ আৱৈমাৰীত সংঘটিত হৈছে কৰুণ ঘটনাটো৷ ৰে’লৰ খুন্দাত নিহত ললিত মোহন দৈমাৰী(৭০) আৰু পত্নী ৰখীয়া দৈমাৰী (৬৫)৷
নতুন ৰে’লপথেৰে পতি-পত্নীয়ে আৱৈমাৰীৰ পথাৰত ধান কাটিবলৈ গৈ থকা মুহূৰ্তত সংঘটিত হয় দুৰ্ঘটনাটো৷