ধেমাজি জিলাৰ বিদায়ী উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই জিলাখনত কাম কৰাৰ অভিজ্ঞতাক জীৱনৰ এক অনন্য অনুভৱ বুলি মত প্ৰকাশ কৰিছে।
ধেমাজিৰ পৰা দিছপুৰৰ অসম সচিবালয়ৰ গৃহ বিভাগৰ অতিৰিক্ত সচিব হিচাপে বদলি হোৱা অসম অসামৰিক সেৱাৰ বিষয়া গৰাকীক কালি সন্ধিয়া তেখেতৰ সহকৰ্মী বিষয়া সকলে আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়।
ধেমাজি অফিচাৰ্ছ ক্লাবত এই উপলক্ষ্যে আয়োজিত এটি অনুষ্ঠানত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন তথা বিভিন্ন বিভাগৰ জিলা মুৰব্বী বিষয়া সকলৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি দিয়া চমু ভাষণত তেওঁৰ প্ৰায় ১০ মহীয়া কাৰ্যকালত আগবঢ়োৱা সহায়-সহযোগৰ বাবে তেওঁ সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে, প্ৰতিটো কামেই এটা ঐক্যবদ্ধ দলীয় চেতনাৰে সফলাতাৰে সম্পন্ন কৰিবলৈ পোৱাটো বাবে আছিল মহৎ উপলদ্ধি।
তেওঁৰ চাকৰি জীৱনৰ আৰম্ভনিও ধেমাজি জিলাৰ জোনাইত হৈছিল বুলি জানিবলৈ দিয়ে। ভাৰপ্ৰাপ্ত উপায়ুক্ত যাদৱ পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা উন্নয়ন আয়ুক্ত অৰূপ পাঠক, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জয়ন্ত কুমাৰ বৰা, আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা, অতিৰিক্ত উপায়ুক্ত মিৰ্জানা হুছেইন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, সহকাৰী আয়ুক্ত ট্ৰিলিনা টাইড, খণ্ড উন্নয়ন বিষয়া নবীন কামান প্ৰমুখ্যে বিষয়া সকলে দিয়া চমু ভাষণত বিদায়ী উপায়ুক্ত গৰাকীক এগৰাকী অতি সহজ-সৰল, নম্ৰ-ভদ্ৰ অথচ দক্ষ বিষয়া বুলি অভিহিত কৰে।

উল্লেখযোগ্য যে অসম চৰকাৰে যোৱা ২৭ জানুৱাৰীত জাৰী কৰা এক নিৰ্দেশ অনুসৰি ভট্টাচাৰ্যক দিছপুৰলৈ বদলি কৰি সম্প্ৰতি দিছপুৰত ভূমি সংৰক্ষণ বিভাগৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত পল্লবী ফুকনক তেওঁৰ স্থলাভিষিক্ত কৰিছে। কাইলৈ নতুন উপায়ুক্তই আহি দায়িত্বভাৰ লোৱাৰ কথা।