বন্ধন বেংকে সৌৰভ গাংগুলীক ব্ৰেণ্ড এম্বেচাদৰ হিচাপে নিযুক্তি দিলে…

অন্তৰ্ভুক্ত বেংকিং ৰ সৈতে সাৰ্বজনীন বেংক বন্ধন বেংকে আজি ঘোষণা কৰে যে তেওঁলোকে সৌৰভ গাংগুলীক ইয়াৰ ব্ৰেন্ড এম্বেচাদৰ হিচাপে অন্তৰ্ভুক্ত কৰিছে। আশা কৰা হৈছে যে দাদা আৰু ভাৰতীয় ক্ৰিকেটৰ মহাৰজা বুলি মৰমেৰে অভিহিত কৰা সৌৰভ গাংগুলীয়ে বেংকৰ ব্ৰেণ্ড বাৰ্তা বৃদ্ধি কৰাত সহায় কৰিব আৰু বেংকৰ প্ৰোডাক্ট আৰু সেৱাসমূহক সমৰ্থন কৰিব।

দুয়োটা ব্ৰেণ্ডৰে মাজত একেধৰনৰ মূল্যবোধ আছে ৷ গাংগুলীয়ে ২০০০ চনৰ আৰম্ভণিতে ভাৰতীয় ক্ৰিকেট দলৰ ৰূপান্তৰৰ নেতৃত্ব দিছিল, ঠিক যেনেকৈ বন্ধনে গ্ৰাম্য আৰু অৰ্ধ-নগৰীয় অঞ্চলৰ আৰ্থিকভাৱে পিছপৰি থকা পৰিয়ালবোৰক অৰ্থনৈতিক দিশত ৰূপান্তৰৰ অগ্ৰণী ভুমিকা পালন কৰিছিল ৷তাৰোপৰি পূৱ ভাৰতত উৎপত্তি হোৱা দুয়োটা আইকনিক ব্ৰেন্ড এতিয়া আৰু আঞ্চলিক হৈ থকা নাই ,বছৰ বছৰ ধৰি তেওঁলোকে বৃহত্তৰ ভৌগলিক অঞ্চলত সফলভাৱে নিজকে প্ৰতিষ্ঠা কৰিছে ৷ গাংগুলী হৈছে এগৰাকী বিশ্বব্যাপী আইকন, প্ৰথমে এগৰাকী খেলুৱৈ হিচাপে, তাৰ পিছত এজন অধিনায়ক হিচাপে, আৰু এতিয়া এগৰাকী প্ৰশাসক হিচাপে ৷ আনহাতে বন্ধন বেংক হৈছে এটা সৰ্বভাৰতীয় বেংক ,যিয়ে ৩৬ খন ৰাজ্যৰ ভিতৰত ৩৪ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলবিলাকৰ মাজত বিস্তৃত ৫৬৪৪ টা বেংকিং আউটলেটৰ জৰিয়তে ডাঙৰ – সৰু সকলোকে বেংকিং পৰিসেৱা প্ৰদান কৰি আহিছে।

এই উন্নয়নৰ সন্দৰ্ভত মন্তব্য কৰি বন্ধন বেংকৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া চন্দ্ৰ শেখৰ ঘোষে কয়, “সৌৰভৰ দূৰদৰ্শিতা, নিষ্ঠা আৰু খেলৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম সফল অধিনায়কসকলৰ মাজত এজন হিচাপে পৰিগণিত হৈছে ৷ সৌৰভ আৰু বন্ধন বেংকে মূৰ্ত কৰা মূল্যবোধবোৰতো যথেষ্ট সামঞ্জস্য আছে। তেওঁ এজন বিশ্ববিদিত আইকন ,সকলো মানুহৰ তেওঁ এজন সন্মানীয় ব্যক্তি ৷ এগৰাকী বিশ্ববদিত আইকন হিচাপে আমি আত্মবিশ্বাসী যে এই অংশীদাৰিত্বই গ্ৰাহকৰ সৈতে শক্তিশালীভাৱে সংযোগ স্থাপন ,ব্ৰেন্ডটোৰ বিষয়ে সজাগতা বৃদ্ধি আৰু আমাৰ অন্তভূক্ত বেংকিংৰ চলিত অভিযানক শক্তিশালী কৰাৰ দিশত অন্য এক পদক্ষেপ হিচাপে পৰিগণিত হ’ব ৷”

বন্ধন বেংকৰ ব্ৰেন্ড এম্বেচাদৰ হৈ সৌৰভ গাংগুলীয়ে কয় যে , “মই ব্ৰেণ্ড বন্ধনৰ উত্থান বহু ওচৰৰ পৰা দেখিছোঁ, আৰু আজি সমগ্ৰ দেশতে ইমান কম সময়ৰ ভিতৰতে ই কৰা অগ্ৰগতিৰ বাবে মই গৌৰৱান্বিত আৰু সমগ্ৰ দেশতে বন্ধন বেংকক অধিক স্বীকৃতি দিয়াৰ দায়িত্ব দিয়াৰ বাবে মই নিজকে সৌভাগ্যৱান মানিছো ।” উল্লেখ্য যে বন্ধন বেংকে এই বিত্তীয় বৰ্ষতে ৫৫১ টা নতুন শাখা খোলাৰ পৰিকল্পনা হাতত লৈছে ৷

Related Articles