গুৱাহাটী, ১ ডিচেমম্বৰঃ বিজেপি নেতৃত্বাধীন অসম চৰকাৰৰ চকুমুদা কুলিৰ স্বভাৱৰ গইনা লৈ অসমৰ ভূমিৰ ওপৰত অব্যাহত আছে অৰুণাচলৰ(Arunachal Pradesh) ব্যাপক আগ্ৰাসন।(Dipa)

দশক দশক ধৰি অসমৰ ভূমি হিচাপে পৰিচিত জোনাই সমষ্টিৰ ডিমৌ-দিপাৰ ৰে’ল পথৰ উত্তৰ দিশৰ বিশাল এলেকা অৰুণাচলৰ বুলি প্ৰদেশখনৰ একাংশই দাবী জনাই আহিছে।
নিৰ্মাণ কৰিছে বিলাতী মদৰ দোকান, প্ৰকাণ্ড ঘৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান।লিকাবালিৰ পৰা দিপালৈকে সাত হেজাৰোধিক হেক্টৰ ভূমি অৰুণাচলৰ বুলি পূৰ্বৰ পৰাই দাবী জনাই আহিছে।ইমানতে সীমাৱদ্ধ নাথাকি এইবাৰ ৰে’ল পথৰ দক্ষিণ দিশেৰ য’তেই অৰুণাচল লোকে ঘৰ সাজি আছে বা ভূমি কিনি খেতি বাতি কৰি আহিছে সেই ভূমিকেই অৰুণাচলৰ বুলি দাবী জনাই ব্যাপক আগ্ৰাসনৰ ব্লুপ্ৰিণ্ট ৰচিছে।
এই ক্ষেত্ৰত অৰুণাচল প্ৰদেশৰ প্ৰশাসনে সদায় আগ্ৰাসী অৰুণাচলৰ পক্ষ লৈ উৎসাহিত কৰি আহিছে। অবশ্যে এই অঞ্চলটোৰ অসমীয়া ৰাইজক অসমৰে প্ৰশাসনে ভূমি অধিকাৰ প্ৰাপ্তিত সহযোগ কৰাটো বাদেই শেহতীয়াকৈ বসুন্ধৰা ০.৩ প্ৰ-পত্ৰ পুৰনৰো সুবিধা দিয়া নাই।
আনপিনে দিপা ৰে’ল পথ আৰু বাছ পথৰ মাজৰ বিবদমান ভূমিত এইবাৰ অৰুণাচলৰ বেপৰীয়ে প্ৰস্তুতি চলালে এটা পেট্ৰল পাম্প স্থাপনৰ। অৰুণাচল প্ৰদেশৰ কোটাত নিৰ্মীয়ান ইণ্ডিয়ান অয়েলৰ ডিপুটোৰ ভূমিত ইতিমধ্যেই পকী চাৰিসীমা বেৰা নিৰ্মাণৰ প্ৰস্তুতি চলাইছে।
নিৰ্মীয়মান ডিপুটোৰ ভূমিডোখৰ চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত আৰু গৰাকীয়ে ৰাজহ পৰিশোধ কৰে ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ত। তেনেস্থলত অসমৰ ভূমি হৈ নাথাকিলেও অন্ততঃ এই স্থানত বিবাদমান ভূমি হোৱাৰ বাবে স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ হ’ব লাগিছিল।
অথচ অসমৰ প্ৰশাসনৰ ধৃতৰাষ্ট্ৰ ভূমিকাৰ বাবে লাই পাই ”এদেউ দুদেউ লোটা নিয়াৰ চেও” দৰে অব্যাহত ৰাখিছে বেদাখলৰ কুচকাৱাজ। এনেদৰে অসমৰ ভূমিত অৰুণাচলৰ নথি পত্ৰ উলিয়াই পেট্ৰল ডিপোৰ দৰে ডাঙৰ প্ৰতিষ্ঠান স্থাপন কৰি অসমৰ মোটা অংকৰ ৰাজহ লাভৰ পথো বন্ধ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে।
ডিপু স্থাপন কৰিছে অসমৰ মাটিত। গ্ৰাহক সকলো হব অসমৰ। পিছে ৰাজহ আৰু মুনাফা লাভ কৰিব অৰুণাচলে। তদুপৰি এই অঞ্চলটো বিবাদমান আখ্যা দিয়াৰ বাবে অসমৰ কোনো লোককে যিকোনো ধৰনৰ স্থায়ী নিৰ্মাণ কাৰ্য চলালে অৰুণাচলে নিজা থানাত এজাহাৰ দি তাৎক্ষণিকভাৱে নিৰ্মাণ বন্ধ কৰি দিয়ে।
অথচ যুগে যুগে অসমৰ ভূমি হিচাপে পৰিচিত এই ভূমিত অসমৰ লোকক এখন ক্লাৱ বা কাৰ্যালয় স্থাপন কৰিবলৈ নিদিয়ে বুলি সীমান্ত অঞ্চলটোৰ ৰাইজে তীব্ৰ আক্ষেপ কৰি শীঘ্ৰেই বিষয়টোৰ ওপৰত হস্তক্ষেপ কৰি পেট্ৰল পাম্পৰ লগতে যিকোনো স্থায়ী নিৰ্মাণ কাৰ্য বন্ধ কৰিবলৈ দাবী জনাইছে। অন্যথা অঞ্চলত স্থানীয় ৰাইজৰ সম্পৰ্ক অৱনতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি সকিয়াই দিছে ৰাইজে।