চাপৰৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।ছাত্ৰ একতা সভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে এই পৰিস্থিতি।উত্তেজিত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ।DC মুৰ্দাবাদ, SDO CIVIL মুৰ্দাবাদ শ্লোগানাৰে পৰিবেশ উত্তাল কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ ।নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী ছাত্ৰ-ছাত্ৰীৰ।ধুবুৰী জিলাৰ চাপৰ বহলপুৰ ৰত্নপীঠ মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।আজি ১৯ মেৰ দিনা মহাবিদ্যালয়খনত ছাত্ৰ একতা সভাৰ ২০২১-২২ বৰ্ষৰ সাধাৰণ নিৰ্বাচনত অনুষ্ঠিত হবলগীয়া আছিল। কিন্তু মহাবিদ্যালয় নিৰ্বাচন পৰিচালনা সমিতিৰ ভুলৰ বাবেই মনোনয়ন পত্ৰ বাতিল হোৱা পক্ষই জিলা প্ৰশাসনৰ হস্তক্ষেপ বিচাৰিছিল ফলত জিলা প্ৰশাসনে যোৱা নিশা স্থগিত ৰাখে উক্ত নিৰ্বাচন।
নিৰ্বাচন স্থগিত ৰখাক কেন্দ্র কৰি ছাত্ৰ ছাত্ৰী সকলে উত্তেজিত হৈ পৰে আৰু প্ৰতিবাদ সাব্যস্ত কৰি নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়।উক্ত ঘটনা শাম কটাৰ বাবে ইতিমধ্যে মহাবিদ্যালয়খনত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনী ৰূপায়ন কৰিছে।
উক্ত নিৰ্বাচন কাৰ ভুলৰ বাবে প্ৰশাসনে নিৰ্বাচন স্থগিত ৰাখিবলৈ বাধ্য হল সেয়া হৈ পৰিছে এতিয়া ডাঙৰ প্ৰশ্ন?