Himanta Biswa Sarma: মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান প্ৰৱঞ্চক চক্ৰৰ! মন্ত্ৰীৰ কেবিন পালেগৈ প্ৰৱঞ্চকৰ জাল

দৈনন্দিন বাৰ্তাৰ সেৱাঃ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি৷ শাসনৰ বাঘজৰী হাতত লোৱাৰ পিছৰে পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক আগুৱায়ো নিছিল৷(Himanta Biswa Sarma)

ফলত ধৰা পৰিছিল বহু ঘোচখোৰ বিষয়া, মাটিৰ দালালকে ধৰি আন দুৰ্নীতিগ্ৰস্ত লোক৷ কিন্তু মুখ্যমন্ত্ৰীৰ এনে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক যেন এতিয়া প্ৰত্যাহ৩ান জনাইছে প্ৰৱঞ্চক চক্ৰই৷ দুৰ্নীতিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী শৰ্মাৰ কঠোৰ স্থিতিৰ বাবেই বহু বিষয়াই দুৰ্নীতি কৰিব নোৱাৰা হৈছে৷(fraud circle)

এনে পৰিস্থিতিত বহু বিষয়াই এতিয়া বক্ৰ পথেৰে ধন ঘটাৰ নিত্য নতুন পন্থা গ্ৰহণ কৰা বুলি বহুতেই আলোচনা কৰিছে৷ সেইচাম দুৰ্নীগ্ৰস্ত বিষয়াই এতিয়া প্ৰৱঞ্চক চক্ৰক খোদ জনতা ভৱনতেই বৰপীৰা পাৰি দিয়া বুলিও বহুতে চৰ্চা কৰিছে৷ বহুতে লগতে এইবুলিও প্ৰশ্ন কৰিছে যে জনতা ভৱনৰ নিৰাপত্তাৰ দায়িত্বত থকা আৰক্ষী আৰু একাংশ বিষয়াৰ পৃষ্ঠপোষকতা নাথাকিলে সেই প্ৰৱঞ্চক চক্ৰই জনতা ভৱন অথবা মন্ত্ৰীৰ কেবিনেটত বহি ল’ব পাৰিলে কিদৰে? গতিকে এই বিষয়তো তদন্ত হোৱা উচিত বুলি মুখ্যমন্ত্ৰীক বহুতে আহ্বান জনাইছে৷ (ministers cabin)

এক কথাত ক’বলৈ গ’লে মুখ্যমন্ত্ৰীয়ে যিমানেই দুৰ্নীতিমুক্ত অসম গঢ়াৰ বাবে দিনে নিশাই শ্ৰম কৰিছে, সেই সময়তে প্ৰৱঞ্চক চক্ৰই এইবাৰ দিছপুৰৰ বৰঘৰতে প্ৰৱঞ্চনাৰ পোহাৰ মেলিছে৷ প্ৰৱঞ্চক চক্ৰৰ মাজত যেন এতিয়া কোনে কিমান বেছি দুৰ্নীতি কৰিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে৷ এনেদৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক সেইসকল প্ৰৱঞ্চকে উপহাস কৰাই নহয়, প্ৰত্যাহ৩ানো জনাইছে বুলি এতিয়া বিভিন্ন মহলত চৰ্চা চলিছে৷

দুৰ্নীতি বিৰোধী স্থিতিত অটল হৈ থকা মুখ্যমন্ত্ৰীৰ কেবিনেট মন্ত্ৰীৰ কেবিনতে প্ৰৱঞ্চকৰ জাল তৈয়াৰ কৰা হৈছিল বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অসমত মৰাণ, মটক, কাৰ্বি, মিছিং, দেউৰী, ৰাভা আদি জনগোষ্ঠীৰ কল্যাণৰ হকে গঠন কৰা উন্নয়ন কাউন্সিল সমূহক প্ৰৱঞ্চক চক্ৰই প্ৰৱঞ্চনাৰ লক্ষ্য হিচাপে বাছি লৈছে৷ তুলনামূলকভাৱে সেই উনন্নয়ন কাউন্সিলসমূহ নতুন আৰু বহুতেই তেনে কাউন্সিলত কি ঘটি আছে সেই বিষয়ত বিশেষ মনোনিৱেশ নকৰাৰ সুবিধা গ্ৰহণ কৰিয়েই প্ৰৱঞ্চক চক্ৰই তেনে কাউন্সিলসমূহত অবাধে চলাই গৈছে লুট৷ এনেদৰে এক ব্লেক হোলৰ মাজলৈ এতিয়া প্ৰৱঞ্চক চক্ৰই মুখ্যমন্ত্ৰীকো টানি নি তেওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক যেন অসাৰ কৰি পেলাব বিচাৰিছে৷

ৰাজ্যত অন লাইন ট্ৰেডিং কেলেংকাৰিৰ জোকাৰণি মাৰ নৌযাওতেই পোহৰলৈ আহিছে আন এক বিয়াগোম কেলেংকাৰিৰ কথা৷ এই কেলেংকাৰিত জড়িত আছে খোদ বিজেপিৰেই এগৰাকী নেতা৷ বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক অসীম দাসক মটক কাউন্সিলৰ নামত জালিয়াতিৰে কোটি কোটি টকা সৰকোৱাৰ অভিযোগত ক্ৰাইম ব্ৰান্সে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ অসীম দাসৰ লগতে জালত পৰিছে বিৰিঞ্চি বৰকটকী আৰু নিৰঞ্জন দাস নামৰ দুই প্ৰৱঞ্চকো৷ (The challenge to the Chief Minister is that of the fraud circle)

জানিব পৰা মতে এই চক্ৰটোৰ সৈতে জড়িত আন কেইবাজনো লোক এতিয়াও পলাতক অৱস্থাতে আছে৷ তথ্য অনুসৰি নয়ডাৰ অমৃত জালান, অজুৰ্ন মেহতাৰ লগতে গুৱাহাটীৰ জাকিৰ হুছেইন নামৰ লোকসকলো এই কেলেংকাৰিৰ সৈতে জড়িত যদিও তেওঁলোকক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই৷ মটক কাউন্সিলৰ নামত ধন সৰকোৱা চক্ৰটোৰ মূল অভিযুক্ত কেইজন আৰক্ষীৰ জালত পৰাৰ পিছতে প্ৰেক্ষাপটলৈ আহিছে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰৱঞ্চক চক্ৰটোৱে মন্ত্ৰী কিষাণৰ কেবিনৰ পৰাই চলাই গৈছিল প্ৰৱঞ্চনা৷ বিশেষ সূত্ৰই লগতে এইবুলিও প্ৰকাশ কৰিছে যে এগৰাকী ৰহস্যময়ী নাৰীয়ে মন্ত্ৰী কিষাণৰ কেবিনত থকা প্ৰৱঞ্চকৰ দলটোৰ ফটো তুলি সেয়া ভাইৰেল কৰাৰ পিছতেই সমগ্ৰ প্ৰৱঞ্চনা কাণ্ড পোহৰলৈ আহিছে৷

সেই ৰহস্যময়ী নাৰীগৰাকীৰ পৰিচয় অৱশে সূত্ৰটোৱে সদৰী কৰা নাই৷ বিশেষ সূত্ৰটোৰ মতে সেই নাৰীগৰাকী অসমৰ নহয়, অসমৰ বাহিৰৰ৷ বিভিন্ন উন্নয়ন কাউন্সিলৰ নামত চৰকাৰে যোগান ধৰা বিভিন্ন সামগ্ৰী যোগানৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰি চক্ৰটোৱে ধন সৰকাই আছিল৷ সূত্ৰটোৱে প্ৰকাশ কৰা মতে মন্ত্ৰী সঞ্জয় কিষাণৰ কেবিনতে তেনেদৰে ভুৱা ৱৰ্ক অৰ্ডাৰ প্ৰস্তুত কৰাৰ সময়তে ৰহস্যময়ী নাৰীগৰাকীয়ে ফটো তুলি লৈছিল আৰু সময়ত সেয়া বহুতৰে হাতত পৰিছিল৷ কিন্তু এইখিনিতে মানুহৰ মনত প্ৰশ্নৰ উদ্ৰেক ঘটিছে সেই ৰহস্যময়ী নাৰীগৰাকীৰ লগতে প্ৰৱঞ্চক চক্ৰটোৱে কিদৰে মন্ত্ৰী কিষাণৰ কেবিন গৈ পালে৷ বহুতে এতিয়া আলোচনা কৰিছে যে বিধানসভাৰ ভিতৰত প্ৰৱেশ কৰোতে আনকি চৰকাৰীভাবে স্বীকৃত সাংবাদিককো আৰক্ষীয়ে তন্ন তন্ন কৈ পৰীক্ষা কৰে৷

তেনেস্থলত সেই ৰহস্যময়ী মহিলা প্ৰৱঞ্চক চক্ৰটোৱে কিদৰে নিৰ্বিবাদে মন্ত্ৰীৰ কেবিন পালেগৈ? ৰহস্যময়ী মহিলাগৰাকীয়ে ফটো তুলিবলৈ কেমেৰাই বা বিধানসভাৰ ভিতৰলৈ নিয়াৰ সুবিধা কিদৰে পালে? এই সমগ্ৰ ঘটনাৰ তন্ন তন্ন তদন্ত কৰিলে বহু ৰৌ-বৰালি জালত পৰিব বুলিও বহুতে মন্তব্য কৰিছে৷ উল্লেখ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্যসহনশীলতাৰ নীতিক ইতিমধ্যে বহু অসাধু চক্ৰই ভেঙুচালি কৰি অবাধে লুটৰাজ চলাই গৈছিল৷ অনলাইন ট্ৰেডিঙৰ নামত চুমি বৰা-বিশাল ফুকনৰ দৰে লোকসকলে ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ ধন আত্মসাৎ কৰাৰ কথা এতিয়া আৰু নতুন হৈ থকা নাই৷ একেদৰে দাবি-ধমকি, ব্লেকমেইলিঙৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা দুলাল বৰাৰ দৰে লোকৰ সৈতে একাংশ চৰকাৰী বিষয়া যে সনাপিটিকা হৈ আছে সেই বিষয়তো মানুহে সন্দেহ কৰিবলৈ লৈছে৷ কাৰণ চৰকাৰী বিষয়াৰ আশীৰ্বাদ নহ’লে দুলাল বৰাই হোঁক বা, চুমি বিশাল আদিয়েই হওক কোনেও ইমান ডাঙৰ কেলেংকাৰি সংঘটিত কৰিব নোৱাৰে বুলি মানুহে এতিয়া বু-বু বা বা কৰিছে৷

মুখ্যমন্ত্ৰীৰ দুৰ্নীতি বিৰোধী অভিযানক নস্যাৎ কৰিবলৈয়েই একাংশই এতিয়া নিত্য নতুন ৰূপত দুৰ্নীতি আৰু প্ৰৱঞ্চনাৰ জাল পেলাই গৈছে৷ লক্ষ্যণীয় কথাটো হ’ল তেনে চক্ৰৰ সৈতে জড়িত বহু লোকেই মুখ্যমন্ত্ৰীৰ সোঁৱে-বাঁৱে থকা লোক৷ তেওঁলোকৰ মাজৰে বহুতেই বিজেপিৰো নেতা৷ সেইচাম লোকেই মুখ্যমন্ত্ৰীৰ বিশ্বাসত আঘাত হানি এনেদৰে দুৰ্নীতি আৰু প্ৰৱঞ্চনা কৰি গৈছে বুলি বহুতে আলোচনা কৰিছে৷ অভিযোগ অনুসৰি মন্ত্ৰীৰ নাম লৈয়েই প্ৰৱঞ্চক চক্ৰটোৱে দিছপুৰত বহিয়েই চলাই গৈছিল লুণ্ঠন৷ সামগ্ৰী যোগানৰ নামত ভুৱা ৱৰ্ক অৰ্ডাৰ দি তেওঁলোকে কোটি কোটি টকা লুট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে পিছে মন্ত্ৰী সঞ্জয় কিষাণে চক্ৰটোৰ সৈতে কোনো পধ্যে জড়িত নহয় বুলি স্পষ্টীকৰণ দিছে৷ বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ইতিমধ্যে বিজেপিৰ পৰা অব্যাহতি দিয়া অসীম দাসে ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল৷ অসীম দাসক সমগ্ৰ কেলেংকাৰিটো সংঘটিত কৰাত সহায় কৰিছিল ক্ষুদ্ৰ সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰচাৰ বিষয়া বিৰিঞ্চি বৰকটকীয়ে৷ অভিযোগ অনুসৰি বিৰিঞ্চি বৰকটকীক ভুৱা আইএএছ বিষয়া হিচাপে মানুহৰ আগত চিনাকি কৰাই দিয়া হৈছিল আৰু বি এন শৰ্মা ছদ্মনামেৰে দিছপুৰত বহিয়েই তেওঁ ভুৱা ৱৰ্ক অৰ্ডাৰত চহী কৰি গৈছিল৷ জনতা ভৱনৰ কনফাৰেন্স হলত বৰকটকীয়ে বহি লৈছিল আৰু তাৰ পৰাই পেলাইছিল লুণ্ঠনৰ জাল৷ ইতিমধ্যে এই চক্ৰটোৰ বিৰুদ্ধে দিছপুৰ থানা আৰু ক্ৰাইম ব্ৰান্সত একাধিক গোচৰ ৰুজু কৰা হৈছে৷ ক্ৰাইম ব্ৰান্সৰ গোচৰ নম্বৰ হৈছে ১৩, ২০২৪৷ প্ৰাপ্ত তথ্য অনুসৰি দিছপুৰ থানাৰ গোচৰটো ৩ কোটি ৭১ লাখ টকা জালিয়াতিৰে সৰকাই নিয়াৰ বাবে ৰুজু কৰা হৈছে৷

একেদৰে ক্ৰাইম ব্ৰান্সৰ গোচৰটো চ্ছ্ৰ কোটি টকাৰ জালিয়াতিৰ গোচৰ৷ এই চক্ৰটোৱে বাংগালুৰুৰ মানফো এক্সপোৰ্ট নামৰ কোম্পানীটোক ভুৱা ৱৰ্ক অৰ্ডাৰ দি বিশাল অংকৰ ধন সৰকাইছিল৷ ইপিনে এই চক্ৰটোৰ সৈতে মন্ত্ৰী সঞ্জয় কিষাণৰ নাম সাঙোৰ খাই পৰাত মন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে৷ সংবাদমাধ্যমৰ আগত মন্ত্ৰী কিষাণে কয় যে অসীম দাসৰ ঘটনাৰ লগত তেওঁ কোনো দিশৰ পৰাই জড়িত নহয়৷ তেওঁ লগতে কয় যে তেওঁৰ তেনে নামৰ কোনো ব্যক্তিগত সহায়কো নাই৷ মন্ত্ৰী কিষাণে কয়, আদিবাসী কাউঞ্চিল নতুন বিভাগ আৰু এই বিভাগটোৰ মন্ত্ৰী মই নহয়৷ মোৰ ঘৰলৈ এনে কোনো মানুহো অহা নাই৷ জধে মধে মানুহ মোৰ ঘৰলৈ মানুহ নাহে৷ মোৰ অফিচেল পি এৰ বাহিৰে কোনো পি এ গুৱাহাটীত নাই৷ অৱশ্যে তিনিটুকীয়াত ৰাহুল শৰ্মা আছে৷ তেওঁ তাত থাকি মোৰ কাম-কাজ আদি তদাৰক কৰি আছে৷ অসীম দাসক মই ভালদৰে চিনিয়েই নাপাওঁ৷ ব্যক্তিগতভাৱে মই তেওঁক কোনো দিনে চিনি নাপাইছিলো৷

বি জে পিৰ লোক হলেও কোনো সাৰি নাযায়৷ এজাহাৰত উল্লেখিত এমজ্ঝ কোৱাৰ্টাৰ নম্বৰ মোৰ নহয়৷ মোৰ নামো সঞ্জয় খেইতান নহয়৷ যদি কোনোৱে মোৰ নাম লৈছে তেওঁলোকৰ বিৰুদ্ধে মই আইনী ব্যৱস্থা লম৷ মন্ত্ৰী কিষাণৰ এনে স্পষ্টীকৰণৰ পিছতে এইকথা দিনৰ পোহৰৰ দৰেই ফটফটীয়া হৈ পৰিছে যে খোদ দিছপুৰত বহিয়েই, জনতা ভৱনত বহিয়েই কেবোৰ চক্ৰই দিনৰ পিছত দিন ধৰি উন্নয়নৰ নামত অহা ধন জালিয়াতিৰে সৰকাই আছে৷ জনতা ভৱনৰ কনফাৰেন্স হলৰ পৰাই পৰিচালিত হোৱা এনে লুণ্ঠনৰ কথা পূৰ্বে কোনেও জনা নাছিল নে বুলিও এতিয়া বহুতে প্ৰশ্ন কৰিছে৷ বহুতে দিছপুৰৰ নিৰাপত্তাৰ দিশটোকলৈয়ো প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে৷ প্ৰৱঞ্চক অসীম দাসৰ সৈতে কি সম্পৰ্ক মন্ত্ৰী সঞ্জয় কিষাণৰ? বহুতে এতিয়া সেয়ে মুখ্যমন্ত্ৰীক দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত পূৰ্বতকৈও অধিক কঠোৰ হ’বলৈ আহ৩ান জনাইছে৷ অন্যথা এনে আৰু বহু প্ৰৱঞ্চক চক্ৰই মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিক চিৰ দিনৰ বাবে বিস্মৃতিৰ গহ৩১লৈ নিক্ষেপ কৰিব বুলিও বহুতে আশংকা ব্যক্ত কৰিছে৷ জনতা ভৱনৰ ভিতৰতে কিদৰে প্ৰৱঞ্চক চক্ৰই গোঁজেই গঁজালিৰ ৰূপত খোপনি পুতিছিল, সেই চক্ৰটোৰ সৈতে মন্ত্ৰী কিষাণৰ সঁচাকৈয়ে কিবা সম্পৰ্ক আছিল নেকি আদি কথাবোৰ বিচাৰ কৰি চাবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে বহুজনে৷

Related Articles