himanta biswa sarma: ভাৰতৰ প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰী হ’ব নেকি হিমন্ত বিশ্ব শৰ্মা?

দৈনন্দিন বাৰ্তাৰ সেৱা, ২৯ ছেপ্টেম্বৰঃ ৰাজনীতিত কেতিয়া কাৰ ভাগ্যৰ চকৰি কোন দিশে ঘূৰি যায় সেয়া কোনেও ক’ব নোৱাৰে। দেশত ৰাজ্যিক ৰাজনীতিৰ সৈতে জড়িত বহু ব্যক্তি প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ নজিৰ আছে। গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত বহা নৰেন্দ্ৰ মোদী আজি দেশৰ প্ৰধানমন্ত্ৰী।(himanta biswa sarma)

একে ধৰণৰ সুযোগেই আহিব পাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ক্ষেত্ৰতো। দিল্লীৰ এক উচ্চস্তৰীয় সূত্ৰই সদৰি কৰা অনুসৰি ৰাষ্ট্ৰীয় ৰাজনীতিত শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা স্ব-মহিমাৰে মহিমামণ্ডিত হৈ পৰিছে। সূত্ৰটোৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ এতিয়া আৰু কেৱল অসমতে সীমাবদ্ধ হৈ থকা নাই। হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশতে প্ৰচাৰ অভিযান চলাইছে। কৰ্ণাটক বিধানসভাৰ নিৰ্বাচনত তেওঁ প্ৰচাৰ চলাইছে, মধ্য প্ৰদেশ, ৰাজস্থান, তেলেংগানা, ছট্টিশগড়, ঝাৰখণ্ড আদি ৰাজত্য হিমন্ত বিশ্ব শৰ্মাই এগৰাকী ৰাষ্ট্ৰীয় নেতাৰ দৰেই প্ৰচাৰ চলাইছে, ৰোড শ্ব’ কৰিছে। আনকি দিল্লী পৌৰ নিগমৰ নিৰ্বাচনতো মোদীৰ আদেশ শিৰত লৈ হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ চলাইছিল। দেশত ইমানবোৰ বিজেপি শাসিত ৰাজ্য থকাৰ পিছতো অৱশ্যে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাকে দেশৰ বিভিন্ন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বাছনি কৰাৰ কথাই দলটোৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ বাবে এক বিশেষ স্থান কৰি ল’বলৈ সক্ষম হৈছে সেয়াই প্ৰমাণ কৰিছে বুলি দিল্লীৰ উচ্চস্তৰীয় সূত্ৰটোৱে কয়। লক্ষ্যণীয় কথাটো হ’ল হিমন্ত বিশ্ব শৰ্মাই চলিত বৰ্ষৰ ৯ৰ পৰা ২৮ মে’লৈ দেশৰ বিভিন্ন স্থানৰ ৫৭খন নিৰ্বাচনী, ৰেলী আদিত ভাগ লৈছিল।(assam cm himanta biswa sarma)

তেওঁ গড়ে ১৯টা দিনত ৩খনকৈ নিৰ্বাচনী সভাত অংশ লৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। সেই দিন কেইটাত হিমন্ত বিশ্ব শৰ্মাই ৪৭খন নিৰ্বাচনী সভা, ৭টা ৰ’ড শ্ব’, একোখনকৈ দলীয় সংবাদমেল , মনোনয়ন পৰ্ব আৰু মত বিনিময় অনুষ্ঠান আদিত ভাগ লৈছিল। একেদৰে মুখ্যমন্ত্ৰী শৰ্মাই ওড়িশাত সৰ্বাধিক ২৪ খন, পশ্চিম বংগত ১২খন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰিছি আৰু ১৯টাকৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীৰ সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল। এনেদৰে অসমৰ মুখ্যমন্ত্ৰী হৈয়ো বেলেগ ৰাজ্যত শক্তিশালী ৰূপত নিৰ্বাচনী প্ৰচাৰ চলোৱা মুখ্যমন্ত্ৰীসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাই অন্যতম হিচাবে পৰিগণিত হৈছে। কেৱল সেয়াই নহয়, নৰেন্দ্ৰ মোদী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত গ্ৰহণ কৰা বহু আঁচনিৰ আৰ্হি দেশৰ আন ৰাজ্যয়ো গুজৰাট মডেল হিচাবে গ্ৰহণ কৰিছিল। অসমৰ ক্ষেত্ৰতো এতিয়া তেনে হোৱা দেখা গৈছে। (NARENDRA MODI)

অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা অৰুণোদয় আঁচনিকে ধৰি আন বহু আঁচনি ছট্টিশগড়, ৰাজস্থানৰ লগতে আন বহু ৰাজ্যই আৰ্হি হিচাবে গ্ৰহণ কৰি তেওঁলোকৰ নিজ নিজ ৰাজ্যতো একেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। এয়াও হিমন্ত বিশ্ব শৰ্মাৰ এক সাফল্য আৰু অসমৰ বাবে এক গৌৰৱৰ বিষয়। শেহতীয়াকৈ সমগ্ৰ দেশত বিজেপিয়ে চলোৱা সদস্য ভৰ্তিৰ অভিযানতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দক্ষতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। বৰ্তমান দেশত বিজেপি শাসিত ৰাজ্য কেইখন হৈছে ক্ৰমে- উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, ছট্টিশগড়,উত্তৰাখণ্ড, অৰুণাচল, মণিপুৰ , ত্ৰিপুৰা, ওড়িশাত বিজেপিৰ চৰকাৰ আছে। একেদৰে মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ হাৰিয়ানা, অসম, নাগালেণ্ড, মেঘালয় আৰু ছিকিমত বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰ আছে। দেশজুৰি চলা বিজেপিৰ সদস্য ভৰ্তিৰ অভিযানৰ সময়ত সদস্য ভৰ্তিৰ ক্ষেত্ৰত শীৰ্ষত থকা ৰাজ্য হৈছে গুজৰাট আৰু দ্বিতীয় স্থানত আছে মধ্যপ্ৰদশ। কিন্তু সদস্য ভৰ্তিৰ ক্ষেত্ৰত এটা কথা লক্ষ্যণীয় হৈ পৰিছে যে বিজেপি শাসিত আৰু এনডিএ শাসিত ৰাজ্যসমূহত বিজেপিৰ সদস্যভৰ্তিৰ হাৰ ১০ শতাংশ কমিছে। ইমানৰ পিছতো পিছে অসমত বিজেপিৰ সদস্য ভৰ্তিৰ হাৰ ১০ শতাংশ বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে। ফলত সদস্য ভৰ্তিৰ দিশৰ পৰা শীৰ্ষত থকা দেশৰ ১০ টা সমষ্টিৰ ভিতৰত অসমৰ তিনিটা সমষ্টি ক্ৰমে হিমন্ত বিশ্ব শমাৰ জালুকবাৰী, পীয়ুষ হাজৰিকাৰ জাগীৰোড সমষ্টি আৰু জয়ন্ত মল্ল বৰুৱাৰ নলবাৰী সমষ্টি আছে। এয়া নিঃসন্দেহে অসমৰ বাবে এক সুখবৰ।(Will Himanta Biswa Sarma become The Prime Minister or Home Minister of India?)

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক প্ৰচেষ্টাতে এয়া সম্ভৱ হৈছে বুলি এতিয়া বহুতে আলোচনা কৰিছে। ইয়ৰ মাজতে দিল্লীৰ উচ্চস্তৰীয় সূত্ৰটোৱে সদৰি কৰা অনুসৰি সদস্য ভৰ্তিয়েই হওঁক বা আন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলোৱাই হওঁক, নানান কাৰণত প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ, জেপি নাড্ডা, নীতিন গাডকাৰী, ৰাজনাথ সিঙৰ পিছতে হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠিছে। এতিয়া বহুতে এইবুলিও চৰ্চা কৰা দেখা গৈছে যে গোপীনাথ বৰদলৈ, হেম বৰুৱা, হিতেশ্বৰ শইকীয়া , তৰুণ গগৈ, পি এ চাংমাৰ দৰে নেতাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত দপদপাই থাকিব পাৰিছে। শেহতীয়াকৈ বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক ছট্টিশগড়ৰ উপ-প্ৰভাৰী আৰু হাৰিয়ানা বিধানসভা নিৰ্বাচনৰ ষ্টাৰ কেম্পেইনাৰ হিচাবে নিয়োগ কৰিছে। এয়া অসমৰ বাবেই এক গৌৰৱৰ বিষয় বুলি বহুতে আলোচনা কৰিছে। একাধিক ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ দায়িত্ব লাভ কৰাৰ কথাই প্ৰমাণ কৰিছে যে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক কিমান বিশ্বাসত লৈছে। এনেবোৰ কথাই লগতে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিমান গুৰুত্ব বৃদ্ধি পাইছে। ওড়িশাত তিনিটা দশক ধৰি শাসনৰ ৰাজপাট খাই থকা নবীন পাটনায়কৰ চৰকাৰক ওফৰাই বিজেপিৰ চৰকাৰ অনাত হিমন্ত বিশ্ব শৰ্মাৰ অৱদান আছিল অতুলনীয়। একেদৰে মহাৰাষ্ট্ৰতো চৰকাৰ গঢ়াত হিমন্ত বিশ্ব শৰ্মাৰ অৱদানক সকলোৱে একেমুখে স্বীকাৰ কৰিছে। ইণ্ডিয়া টুডে আলোচনীৰ সমীক্ষাতো হিমন্ত বিশ্ব শৰ্মাক দেশৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাবে স্থান দিছে। এইখিনিতে চৰ্চা হোৱা আটাইতকৈ ডাঙৰ কথাটো হৈছে যে যদি বিজেপিয়ে অৱসৰৰ বয়স ৭৫ বছৰ বুলি ধৰে তেন্তে ২০২৫ চনৰ ছেপ্টেম্বৰ মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৫ বছৰত ভৰি দিব। যদি দলৰ নীতি মানি মোদীয়ে অৱসৰ লয়, তেন্তে দেশৰ প্ৰধানমন্ত্ৰীৰ দৌৰত থাকিব কোন? দিল্লীৰ বিশেষ সূত্ৰটোৱে প্ৰকাশ কৰা মতে মোদীয়ে অৱসৰ ল’লেও তেওঁৰ জনপ্ৰিয়তা তথা জনতাৰ আস্থাৰ বাবেই তেওঁ এনডিএৰ অধ্যক্ষ হৈ থকাৰ সম্ভাৱনা আছে, যিদৰে ইউপিএৰ অধ্যক্ষা হৈ আছিল ছোনিয়া গান্ধী।

তেনে পৰিস্থিতিত ২০২৯ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ দৌৰত যোগী আদিত্যনাথ, নীতিন গাডকাৰী, অমিত শ্বাহ ৰাজনাথ সিঙৰ লগতে হিমন্ত বিশ্ব শৰ্মাও থাকিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নহ’লেও দেশৰ গৃহমন্ত্ৰীৰ আসন শুৱনি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। তেনে পৰিস্থিতিত হিমন্ত বিশ্ব ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গুচি গ’লে অসমত মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ কোন হ’ব পাৰে বাৰু? বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে অসমত মুখ্যমন্ত্ৰীৰ দাবীদাৰ হ’ব পাৰে পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিশ্বজিত দৈমাৰী। সূত্ৰটোৰ মতে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰ অসমৰ ৰাজনীতিলৈ ঘূৰি নাহে। কাৰণ ৰাষ্ট্ৰীয় ৰাজনীতিত সোণোৱাল এতিয়া এগৰাকী অতি শক্তিশালী আৰু প্ৰভাৱশালী নেতা।নিজৰ দক্ষতাৰ বলত সোণোৱাল মোদীৰ মন্ত্ৰীসভাত গাডকাৰীৰ পিছতে দ্বিতীয় স্থানত আৰোহণ কৰিছে।

এনে পৰিস্থিতিত অসমৰ শাসনৰ ভাৰ এজন জনজাতীয় নেতাক দিব বিচাৰিলে বিজেপিয়ে প্ৰথমেই বিশ্বজিত দৈমাৰীকেই পছন্দ কৰাৰ সম্ভাৱনা থকা বুলিও সূত্ৰটোৱে কয়। সূত্ৰটোৱে লগত কয় যে বিজেপিৰ সদস্য ভৰ্তি অভিযানৰ পৰাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো গুৰুত্ব বহু গুণে বৃদ্ধি পাইছে। ভৱেশ কলিতাকো সেয়ে দলে ভৱিষ্যতে এখন ভাল আসন দিয়াৰ সম্ভৱনা থকা বুলি সূত্ৰটোৱে প্ৰকাশ কৰিছে। যি কি নহওক, হিমন্ত বিশ্ব শৰ্মা ৰাষ্ট্ৰীয় ৰাজনীতলৈ গমন কৰাৰ বিষয়টো বহুদিনৰে পৰাই চৰ্চা হৈ আহিছে। এতিয়া বিভিন্ন ৰাজ্যৰ নিৰ্বাচন আৰু আন ক্ষেত্ৰত দেখুওৱা সফলতাই তেনে অনুমানক আৰু অধিক সবল কৰি তুলিছে। হয়তো সকলো ভালদৰে চলি থাকিলে অসমে লাভ কৰিব পাৰে এজন প্ৰধানমন্ত্ৰী অথবা কেন্দ্ৰীয় গৃহমন্ত্ৰী। এতিয়া বহুতৰে মাত্ৰ অপেক্ষা সেইদিনলৈ।

Related Articles