১ ফেব্ৰুৱাৰীত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন। জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিচ্ছবি অংকন প্ৰতিযোগিতা। ১৫ হাজাৰৰ পৰা ১ লাখ টকালৈকে নগদ(Himanta Biswa Sarma) পুৰস্কাৰ আগবঢ়োৱা হ’ব বুলি জনাই বিটিআৰৰ ই.এম. সঞ্জীত তাঁতীয়ে। চিত্ৰশিল্পী সকলৰ বাবে এই সুৱৰ্ণ সুযোগ প্ৰদান কৰা বিটিআৰৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তাঁতীয়ে কয় যে চিত্ৰশিল্পী সকলক মাননীয় মুখ্যমন্ত্ৰী তথা সকলোৰে মৰমৰ মামাৰ প্ৰতিচ্ছবি অংকনৰ জৰিয়তে তেখেতৰ প্ৰতি থকা ভালপোৱা প্ৰকাশ কৰাৰ লগতে আকৰ্ষণীয় পুৰস্কাৰ লাভ কৰিবলৈ এয়া এক সকলোৰে বাবে সুযোগ। দৰাচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৰাকীৰ ০১ ফেব্ৰুৱাৰী তাৰিখে জন্মদিন হেতুকে তাৰে লগত সংগতি ৰাখি বিটিআৰৰ কাৰ্য্যবাহী সদস্য সঞ্জীত তাঁতীয়ে গ্ৰহণ কৰিছে অসম ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা।
ওদালগুৰিৰ হাতীগড় চাহ বাগিছা খেলপথাৰত ০১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া এই চিত্ৰাংকণ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অসমৰ লগতে বহি ৰাজ্যৰ আগ্ৰহী বহ প্ৰতিযোগীয়ে ইতিমধ্য নিজৰ নাম পঞ্জীয়ণ কছিছে। পঞ্জীয়নৰ কৰিবলৈ বিশেষকৈ বিটিআৰৰ ই.এম তথা কাৰ্যবাহী সদস্য সঞ্জীত তাঁতীৰ ফেচবুক পেজত গৈ অনুষ্ঠানটোৰ যি বিজ্ঞাপন কৰা হৈছে তাত স্কেনাৰযোগে স্কেন কৰি সম্পূৰ্ণ বিনামূলীয়াকৈ ৩১ জানুবাৰীলৈ আগ্ৰহী প্ৰতিযোগী সকলোৱে পঞ্জীয়ন কৰিব পাৰিব। মুখ্যমন্ত্ৰী গৰাকীৰ চিত্ৰাংকণ প্ৰতিযোগিতাটো দুটা শ্ৰেণীত ভাগ কৰি ১২ বছৰৰ পৰা উৰ্দ্ধত ছিনিয়ৰ শ্ৰেণীত প্ৰথম পুৰস্কাৰ ১ লাখ টকা, দ্বিতীয় পুৰস্কাৰ ৫০ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ২৫ হাজাৰ টকা প্ৰদানৰ বিপৰীতে ৭ বছৰৰ পৰা ১২ বছৰ বয়সলৈ জুনিয়ৰ শ্ৰেণীত প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ২৫ হাজাৰ টকা আৰু তৃতীয় পুৰস্কাৰ ১৫ হাজাৰ টকা প্ৰদান কৰা হ’ব বুলি আয়োজক তথা সঞ্জীত তাঁতীয়ে ঘোষণা কৰে।
আনহাতে নাম পঞ্জীয়নৰ লগতে যিকোনো তথ্যৰ বাবে 8473930286 নতুবা 9707672222 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি মন্তব্য কৰিছে। ০১ ফেব্ৰুবাৰি ৰাতিপুৱা ৯ বজাত প্ৰতিযোগী খনিৰ শুভ উদ্বোধন কৰিব বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে। শুভ উদ্বোধনীৰ পিছতে সৰ্ব্ব ধৰ্ম সভা অনুস্থিত হব। চিত্ৰশিল্পী সকলৰ শ্ৰেষ্ঠতা নিৰ্বাচন কৰিবলৈ বিশেষ ভাবে গুৱাহাটিৰ তিনি গৰাকী বিচাৰক উপস্থিত থাকিব। আবেলি নিৰ্বাচিত শিল্প সকলক অসমৰ অসম ৰাজ্যিক পৰিবহণৰ অধ্যক্ষ পল্লবলোচন দাস আৰু বহু বিশিষ্ট ব্যক্তিৰ উপস্থোতিত পুৰস্কাৰ সমুহ প্ৰদান কৰা হব।