প্ৰথমতে ১৯০৮ চনত ওৱেষ্ট ভাৰ্জিনিয়াৰ মাইনিং দুৰ্ঘটনাত মৃত্যুবৰণ কৰা পিতৃ সকলক সুঁৱৰি আমেৰিকাৰ মনোগাহ নামৰ ঠাইত পিতৃ দিৱস পালন কৰা হৈছিল। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ YEMCৰ ওৱাছিংটনৰ স্পকেন ( Spokane) চিভিল যুদ্ধৰ মহান নেতা উইলিয়াম জেকচন স্মাৰ্টৰ ২৭ বছৰীয়া জীয়েক আৰকানছাছৰ (Arkansas) ছ’নোৰা স্মাৰ্ট ডডে এদিন এখন গীৰ্জাৰ যাজকে মাতৃৰ অৱদানৰ বিষয়ে সুন্দৰ সুন্দৰ উদাহৰণেৰে বক্তৃতা প্ৰদান কৰা শুনি আৱেগিক হৈ পৰিছিল। তেতিয়াই ছ’নোৰা স্মাৰ্ট ডডে তেওঁৰ পিতৃৰ অপৰিসীম অৱদানৰ কথা ভাৱি পিতৃ দিৱস পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কাৰণ , তেওঁৰ পিতৃয়ে প্ৰিয়তমা পত্নীৰ মৃত্যুৰ পিছত ছজন সন্তানক পিতৃ আৰু মাতৃৰ মৰম আৰু ভালপোৱা দি লালন পালন কৰিছিল । সেইজন পিতৃৰ আত্মত্যাগক উপযুক্ত সন্মান প্ৰদৰ্শন কৰিবলৈ ছ’নোৰা স্মাৰ্ট ডডে ১৯১০ চনৰ ৫ জুনত পিতৃৰ জন্মৰ দিনটোক পিতৃ দিৱস ৰূপে উদযাপন কৰাৰ বাবে Spokane Ministerial alliance ক নিবেদন কৰাত পৰৱৰ্তী আলোচনা মৰ্মে তেতিয়াৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি পৃথিৱীৰ প্ৰায় ১১১খন দেশে জুন মাহৰ তৃতীয়টো দেওবাৰে পিতৃ দিৱস উদযাপন কৰি আহিছে। ১৯১৩ চনত মাৰ্কিন সংসদে পিতৃ দিৱসৰ ছুটিৰ দিন হিচাপে গণ্য কৰিবলৈ এটি বিল উত্থাপন কৰে।১৯২৪ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ক্যালভিন কুলিজে এই বিলটিক সমৰ্থন কৰে। অৱশেষত ১৯৬৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লিণ্ডন বি জনছনে এটি ইস্তাহাৰ প্ৰকাশ কৰি প্ৰতি বছৰে জুন মাহৰ তৃতীয় দেওবাৰে আন্তৰ্জাতিক পিতৃ দিৱস উদযাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। ১৯৭২ চনত সৰ্বসন্মতিক্ৰমে আন্তৰ্জাতিক পিতৃ দিৱসৰ দিনা ছুটিৰ দিন হিচাপে গ্ৰহণ কৰা হয়।সেই হিচাপে ২০২৪ চনৰ জুন মাহৰ তৃতীয়টো দেওবাৰে অৰ্থাৎ ১৬ জুনত পৃথিৱীৰ সকলো দেশেই মহা সমাৰোহেৰে আন্তৰ্জাতিক পিতৃ দিৱস উদযাপন কৰাৰ বাবে সম্পূৰ্ণ প্ৰস্তুতি লৈছে। আন্তৰ্জাতিক পিতৃ দিৱসৰ অফিচিয়েল ফুল হ’ল ৰঙা গোলাপ। ৰঙা গোলাপে পিতৃৰ অকৃত্ৰিম নিস্বাৰ্থ প্ৰেম আৰু সাহচৰ্য প্ৰদান কৰাৰ প্ৰতীকৰূপে ব্যৱহাৰ কৰা হয়।
পিতৃ হৈছে পৰিয়ালৰ বটবৃক্ষ-সম। সমাজৰ বান্ধোন অটুট ৰাখে পিতৃয়ে। পিতৃয়ে সদায় পৰিয়াল প্ৰতিৱেশী আৰু সমাজৰ লগত ভাল সম্পৰ্ক বজাই ৰাখে। তেওঁ সদায় সন্তানক সকলো কামত সহায় কৰাৰ উপৰিও ভাল আচৰণ বিধি, মানৱীয় গুণসমূহ আৰু নৈতিকতাৰ শিক্ষা দান কৰে। নিঃসন্দেহে পিতৃ সকল শ্ৰেষ্ঠ শিক্ষাদাতা। তেওঁলোকে সন্তানক ঘৰৰ সকলো কাম নিয়াৰিকৈ সজাই পৰাই চলাবলৈ শিক্ষাদান কৰে। তেওঁলোকে দীৰ্ঘ সময় ধৰি পৰম্পৰাগত ভাবে লাভ কৰা গভীৰ জ্ঞান সন্তানক দান কৰে। সাধাৰণতে পিতৃ সকল বহুত ধৈৰ্যশীল হয়। তেওঁলোকে সন্তানৰ সকলো আৱদাৰ ধৈৰ্যৰ সৈতে পালন কৰে।
প্ৰত্যেক জন সন্তানে তেওঁলোকৰ পিতৃক আজি বিভিন্ন ভাৱে সন্মান প্ৰদৰ্শন কৰা উচিত ; গানেৰে, কবিতাৰে, অভিনয়, চিত্ৰ-কলা অঙ্কণ, প্ৰৱন্ধ ৰচনা কৰি পিতৃ দেৱতাক সমাজত শ্ৰেষ্ঠ আসনত উপবিষ্ট কৰা প্ৰকৃত দায়িত্ব। আমাৰ ভাৰতীয় সংস্কৃতি মতে, পিতৃৰ স্থান সকলো দেৱতাৰো উৰ্ধত, যেনে সংস্কৃত শ্লোক মতে ”পিতা ধৰ্ম, পিতা স্বৰ্গ, পিতাহি পৰমাত্ম, পিতৰি সন্নপে, পিতাহি সৰ্ব দেৱতা ”আমাৰ সমাজ হ’ল, পিতৃ প্ৰধান, পৰিয়ালৰ মূল মানুহ জনেই হ’ল পুৰুষ ৰূপী পিতৃজন। সন্তানক পোহপাল দিয়াৰ পৰা আৰম্ভ কৰি তেওঁলোকক সমাজক প্ৰতিষ্ঠিত কৰাৰ বাবে এজন পিতৃয়ে শৰীৰৰ এক বিন্দু তেজ থকা লৈকে মৃত্যুৰ আগ মুহূৰ্ত লৈকে সংগ্ৰাম কৰি যায়, তেওঁলোকৰ এই আত্মত্যাগৰ বিনিময়ত পিতৃয়ে সন্তানৰ পৰা একো নিবিচাৰে, তেওঁলোকে কেৱল সন্তানৰ মাজেদি নিজক চাব বিচাৰে ; সন্তান বিলাক যেন মাক-বাপেকৰ দাপোন, নিজৰ আত্মপৰিচয় দাঙি ধৰিব বিচাৰে, সন্তানৰ মাজেদি মৃত্যুৰ পিছতো জীয়াই থাকিব বিচাৰে, অপূৰ্ণ স্বপ্ন পূৰণ কৰিব বিচাৰে আৰু তেওঁলোকে স্থাপন কৰা এচপৰা ইটাৰ ওপৰত সন্তানে এক বৃহৎ গৃহ গঢ়ি তোলাটো কামনা কৰে। লগতে সন্তানৰ পৰা বিচাৰে এক সঁচা নিভাজ মৰম চেনেহ । সেয়ে, সন্তানে পিতৃ দিৱসৰ দিনা নিজ হাতে বনোৱা সুন্দৰ সুন্দৰ উপহাৰ দি পিতৃক সন্তোষ্ট কৰা দৰকাৰ। পিতৃক লৈ বিভিন্ন পৰ্যটন থলী বা আকৰ্ষণীয় ঠাইত ভ্ৰমণ কৰাবলৈ লোৱা উচিত। পিতৃক কেন্দ্ৰ কৰি পৰিয়ালৰ ফটো তুলি স্মৃতি সজীৱ ৰখা উচিত বা পিতৃৰ সৈতে নানা ইনডোৰ গেম খেলি এই দিনটো ব্যস্ত হৈ পৰা উচিত। পিতৃয়ে ভাল পোৱা সুস্বাদু খাদ্য সন্তানে নিজে ৰান্ধি খুৱাই দিব লাগে আৰু একেলগে লগে ভাগে এসাজ খোৱা উচিত। খুবেই দুৰ্বিসহ যন্ত্ৰণাৰ বোজা কঢ়িয়াইয়ো দেউতাকে সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ হাঁহি উঠা কাহিনী (Laughing joke) উপস্থাপন কৰি আনন্দময় পৰিৱেশ সৃষ্টি কৰে। পিতৃ দিৱসৰ দিনা সন্তানে অতীতৰ সেই মধুৰ আনন্দময় পৰিৱেশৰ কথা পিতৃক সোঁৱৰাই দিয়া উচিত। পিতৃ দিৱসৰ দিনা উপযুক্ত সময় পিতৃক শ্ৰদ্ধা নিবেদন কৰা যিজনে জীৱনৰ সৰ্ব্বস্য উজাৰি দি সন্তানক গোটেই জীৱন কালত সমৰ্থন কৰে, মন-প্ৰাণ দি ভাল পায় আৰু শুদ্ধ ভাবে পৰিচালনা কৰে। সন্তানক মানুহ হিচাপে গঢ় দিবলৈ গৈ পিতৃয়ে জীৱনৰ সোণালী ক্ষণবোৰ হাঁহি মুখে ত্যাগ কৰে। সেয়ে, কেৱল এটা বিশেষ দিনত পিতৃৰ প্ৰতি দায়িত্ব পালন কৰিলেই নহ’ব,
পিতৃক গোটেই জীৱনজুৰি অতি নিষ্ঠাৰে সেৱা-শ্ৰশ্ৰূষা কৰিলেহে পিতৃ ঋণ পৰিশোধ কৰিব পাৰি বুলি মনে ধৰে। সেই কাৰণে, বহুত চিন্তাশীল ব্যক্তি তথা লেখকে পিতৃৰ অৱদানৰ বিষয়ে তলত দিয়া ধৰণে মন্তব্য কৰিছে,
” Father just have a way of putting everything together.” Erika Cosby
” Behind every great daughter is a truely amazing father.” Unknown
” To her the name of father was another name for love.” Fanny Fern
” No music is so pleasant to my ears as that word —Father”. Lydia Maria child.
পিতৃ বা Father সম্পূৰ্ণ অৰ্থ হ’ল, Fantastic , adviser, teacher ,hero, exceptional and remarkable.কিন্তু কম সংখ্যক পিতৃ তথা মাতৃৰ বাহিৰে বেছি ভাগ পিতৃয়ে সন্তানৰ পৰা পায় অনাদৰ, অৱহেলা । অতি আধুনিকতাৰ ধামখুমিয়াত লৰা-ছোৱালীয়ে ইলেকট্ৰনিক মাধ্যমত ইমানেই ব্যস্ত হৈ পৰে যে মা-দেউতাৰ আশা -আকাঙ্ক্ষাক ভৰিৰে মোহাৰি কল্পনাৰ জগতত উটি ভাঁহি ফুৰে, নিজক প্ৰতিষ্ঠা কৰাৰ নামত বৃদ্ধ পিতৃক অসহায় অৱস্থাত পেলাই দূৰ লৈ আঁতৰি যায় ; পিতৃক দেৱতাৰ আসনত বহুওৱাতো দূৰৰ কথা, সামান্য মানুহৰ শাৰীতো স্থান নিদিয়ে । গতিকে, সমাজৰ এই অধঃপতন তথা অৱক্ষয়ক ৰোধ কৰি মানৱতাবোধ থকা উচ্চ আদৰ্শ এখন সমাজ গঢ়িব পাৰিলেহে , য’ত পিতৃয়ে নিজৰ সন্তানৰ পৰা কমেও অকণ মান সঁহাৰি পায়, পায় সন্মান, পায় উচ্চ মৰ্যাদা, তেতিয়াহে পিতৃ-দিৱস উদ্ যাপন কৰা অৰ্থপূৰ্ণ হ’ব।
আন্তৰ্জাতিক পিতৃ দিৱস উপলক্ষে বিশ্ব বিশ্ৰুত আমেৰিকাৰ কনফেছনাল কবি শ্বীলভিয়া প্লেথে (Sylvia Plath) ১৯৬২ চনৰ ১২ অক্টোবৰত ৰচনা কৰা ” Daddy” নামৰ কবিতাটি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ কালজয়ী কবিতা হিচাপে খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল। কবিতাটিৰ প্ৰথম শাৰী কেইটা তলত দিয়া হ’ল
Daddy written by Sylvia Plath
” You do not do
You do not do
any more , black shoe
I which I have lived like a foot
for thirty years,poor and white
Barely daring to breathe or Achoof.”
পিতৃ দিৱস উপলক্ষে ৰচিত কেইবাটাও quotation ৰ ভিতৰত তলত উল্লেখ কৰা দুটি বিশ্ব বিখ্যাত quotation.
A good father is one
of the most unsung,
unpraised, unnoticed,
and yet one of the
most valuable assets
in our Society.
Written by Billy Graham
A father’s tears and fears
are unseen , his love
in unexpressed, but
his care and protection
remains as pillars
of strength throughout
of lives.
Written by Amath Vanniarachchy
লেখক-নাছিৰ আহমদ