২০২৪ চনৰ জানুৱাৰী মাহত কিং চাৰ্লছৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰিছিল, তেওঁৰ শৰীৰত এই মাৰাত্মক ৰোগবিধ ধৰা পৰাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অহৰহ পৰীক্ষা-নিৰীক্ষা কৰা হয়। লগতে তেওঁৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ পৰিৱৰ্তন হয়। সামাজিক অনুষ্ঠানত উপস্থিত হোৱাৰ সময়ত তেওঁৰ সামগ্ৰিক স্বাস্থ্য উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল বুলি উল্লেখ কৰে।(King Charles)
ৰজা চাৰ্লছৰ খাদ্যভাস সালসলনি-
১/ ৰঙা মাংস ত্য়াগ
চাৰ্লছে ৰঙা মাংসৰ পৰিৱৰ্তে এভোকেডোৰ দৰে স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰিছে। ৰজাই দীৰ্ঘদিন ধৰি নিজৰ খাদ্যাভ্যাসৰ প্ৰতি সচেতন হৈ আহিছে, প্ৰায়ে দুপৰীয়াৰ আহাৰ নাখাই আৰু সপ্তাহত দুবাৰকৈ মাংস আৰু মাছ গ্ৰহণ কৰে। ৰঙা মাংসৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকাটো এতিয়া চিকিৎসকৰ পৰামৰ্শ।
২) দুগ্ধজাত সামগ্ৰীৰ সেৱন হ্ৰাস কৰা
কিং চাৰ্লছে দুগ্ধজাত খাদ্য খোৱা কমাই যদিও স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰে।
৩/ উচ্চ আঁহযুক্ত খাদ্যৰ ওপৰত গুৰুত্ব দিয়া
চাৰ্লছে দিনটোৰ আৰম্ভণিতে ঘৰতে বনোৱা ৰুটি, সতেজ ফল-মূল আৰু মাছ, আঁহযুক্ত খাদ্য সামগ্ৰীৰ পুষ্টিকৰ ব্ৰেকফাষ্টেৰে আৰম্ভ কৰে যিয়ে কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে।
ৰঙা মাংস আৰু কেন্সাৰৰ মাজৰ সম্পৰ্ক
গৱেষণাৰ মতে অত্যধিক ৰঙা আৰু প্ৰচেছড মাংস খালে বিশেষকৈ পাচনতন্ত্ৰ যেনে বৃহদান্ত্ৰ আৰু পেটত কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ৰঙা মাংসত হিম থাকে, যিটো হজমৰ সময়ত ভাঙি কেন্সাৰ সৃষ্টিকাৰী ৰাসায়নিক পদাৰ্থলৈ পৰিণত হ’ব পাৰে।
আঁহ সমৃদ্ধ খাদ্যৰ উপকাৰিতাৰ
আঁহে হজম শক্তিত সহায় কৰে, অন্ত্ৰৰ কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। বিশেষকৈ দৈনিক ৩০ গ্ৰাম আঁহ সেৱন কৰাটো বাঞ্ছনীয়। ফল-মূল, শাক-পাচলি আৰু গোটা শস্যৰে সমৃদ্ধ খাদ্যৰ পৰা লাভ কৰিব পাৰি আঁহ।