হেডফোনেই কাল হ’ল নেকি কণ্ঠশিল্পী অলকা য়াগনিকৰ…

স্নায়ুৰ জটিল ৰোগত আক্ৰান্ত জনপ্ৰিয় কণ্ঠশিল্পী অলকা য়াগনিক৷

কণ্ঠশিল্পীগৰাকীয়ে হেৰুৱাইছে শ্ৰৱণ শক্তি৷

হেডফোনে আৰু উচ্চ স্বৰত গান শুনাৰ বাবেই অলকা য়াগনিকে শ্ৰৱণ শক্তি হেৰুৱাইছে বুলি সন্দেহ।

আনহাতে সামাজিক মাধ্যমত উচ্চস্বৰত সংগীত আৰু হেডফোনৰ সংস্পৰ্শলৈ অহাৰ ক্ষেত্ৰত সাৱধান হ’বলৈ সকলোকে আহ্বান জনায় কণ্ঠশিল্পীগৰাকীয়ে।

সোমবাৰে নিশা অনুৰাগীৰ সৈতে তেওঁ এই খবৰটো শ্বেয়াৰ কৰে তেওঁ। লগতে কণ্ঠশ্ল্পীগৰাকীয়ে সকলোকে সকীয়াই দিলে যে হঠাতে শ্ৰৱণ ক্ষমতা হেৰুৱালে জীৱনটো কিমান দুৰ্বিষহ হ’ব পাৰে। সকলো সময়তে হেডফোন লৈ উচ্চস্বৰত গান নুশুনাই ভাল। ইয়াৰ ফলত শ্ৰৱণ ক্ষমতাও হেৰাই যাব পাৰে।

Related Articles