বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে

আমিনগাঁৱৰ পৰা বৰপেটা হৈ অভয়াপুৰীলৈ যোৱা ৰাজ্যিক ঘাইপথৰ জনীয়া সমষ্টিৰ অন্তৰ্গত শওঁপুৰত বেঁকী নদীৰ গৰাখহনীয়া পৰিদৰ্শন কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷সমগ্ৰ নামনি অসমৰ জীৱন ৰেখা স্বৰূপ ২ নং বিকল্প ৰাজ্যিক ঘাইপথ আৰু বেঁকী নদীৰ ওপৰত থকা দলং খন নদীৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ মূখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক ক্ষীপ্ৰতাৰে কাম কৰিবলৈ আহ্বান জনায় বিধায়ক গৰাকীয়ে৷বিগত দুবছৰত নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম নকৰি নামনি অসমৰ প্ৰতি চৰকাৰ খনৰ কোনো দায়বদ্ধতা নথকাৰ প্ৰমাণ দাঙি ধৰিছে বুলিও চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে অখিল গগৈয়ে৷ বৰপেটাৰ সাংসদে লোকসভাত আৰু জনীয়া সমষ্টিৰ বিধায়কেও বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হোৱা নাই বুলিও দোহাৰে৷

বাঘবৰ সমষ্টিত এশ শতাংশ বাংলাদেশী মুছলমান লোক বসবাস কৰে বুলি হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া জানিব বিচৰাত অখিল গগৈয়ে কয় যে, শিলাদিত্য দেৱ আৰ এছ এছৰ এখন মুখা আৰু বিজেয়ে মেলি দিয়া এটা ভয়ংকৰ প্ৰাণী৷ শিলাদিত্য দেৱ সম্প্ৰতি অপ্ৰাসংগিক আৰু শিলাদিত্য দেৱাক সকলোৱেই ঘৃণাৰ সৈতে প্ৰত্যাখ্যান কৰিব লাগে৷

Related Articles