No menu items!
No menu items!

ৰাইপাটত ৰাইজৰ প্ৰতিবাদ

সোণাপুৰ পঞ্চায়ত মুৰ্দাবাদ ধ্বনিৰে উত্তাল কমলপুৰ সমষ্টিৰ ৰাইপাট।পথ নিৰ্মাণৰ নামত কেৱল প্ৰতিশ্ৰুতি পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কৰ।কিন্তু পথ হলে হৈ নুঠে ।তাৰ ফল ভুগিবলগীয়া হৈছে ৰাইজে ।এজাক নেৰা-নেপেৰা বৰষুণৰ পাছতে জলমগ্ন হৈছে পথটো ।পথ নে পুখুৰী ধৰিবই নোৱাৰি।বাৰিষা কালত বহু কষ্টৰে স্কুলৰ ছাত্ৰ ছাত্ৰী তথা গাওবাসীয়ে অহা যোৱা কৰে এই পথেৰে।

সোণাপুৰ গাওঁ পঞ্চায়তৰ সভাপতি বিপুল ডেকা আৰু আঞ্চলিক সদস্যা পূৰ্ণিমা ঠাকুৰীয়াৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে খোদ ভুক্তভোগী পঞ্চায়ত খনৰ সদস্যা গৰাকীয়ে।এগৰাকী দিব্যাংগ ব্যক্তি আঘাতপ্ৰাপ্ত হয় উক্ত পথছোৱাত আৰু তাৰ পাছতে ৰাজপথত প্ৰতিবাদ ক্ষোভিত ৰাইজৰ।

Related Articles