Breaking

জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ লাই খুটা স্থাপন

0 49

গুৱাহাটী, ১৭ এপ্ৰিল: অহা ২১ এপ্ৰিলত হব লগা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ যোৱা ১৫ এপ্ৰিলত লাইখুটা স্থাপন কৰা হয়। লাই খুটা স্থাপন কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ সক্ৰিয় তথা বয়জেষ্ঠ সদস্য উত্তৰ জালুকবাৰীৰ ছৰিফ উল্লাহে ।

সমাৰোহৰ লাইখুটা স্থাপন কৰাৰ পিছত এখনি জৰুৰী কাৰ্যকৰী সভা অনুষ্ঠিত কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলনৰ কাৰ্যকৰী সভাপতি প্ৰমোদ চন্দ্ৰ দাসে । উক্ত সভাত সমাৰোহ সম্পৰ্কে আলোচনা কৰা হয়।

সভাত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় যদিও বিশেষ ভাৱে আলোচনা কৰা বিষয়টো হৈছে বিভিন্ন প্ৰান্তত থকা জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকল যাতে আগন্তুক সমাৰোহত যোগদান কৰি সমাৰোহ সৌষ্ঠৱ বৃদ্ধি কৰাৰ। সমাৰোহৰ যোগাযোগৰ ক্ষেত্ৰত সমাৰোহৰ সম্পাদকদ্বয় ক্ৰমে কুমুদ চন্দ্ৰ দাস ফোন নং 9435308395আৰু ছাহজাহান আলী ফোন নং ৯৯৫৪০৬৬৫৫০ যোগাযোগ কৰাৰ বাবে অনুৰোধ জনাই ।

Leave A Reply

Your email address will not be published.