জীৱন নাটত সামৰিলে অভিনেতা জয়ন্ত দাসে

■ ক্ৰিকেটৰ পৰা অভিনয়লৈ…

দৈনন্দিন বাৰ্তাৰ প্ৰতিবেদক,১৬ ডিচেম্বৰ :অৱশেষত জীৱন-মৃত্যুৰ সংগ্ৰাম কৰি আই চি ইউতেই আজি নিশা ৮.৪১ বজাত জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰিলে জয়ন্ত দাসে । দূৰদৰ্শন, ভিডিঅ’ ছবি, মঞ্চ নাটক, অনাতাঁৰ, চলচ্চিত্ৰকে ধৰি বিভিন্ন মাধ্যমত নিজৰ অভিনয়েৰে লক্ষজনৰ হৃদয় জয় কৰা জয়ন্ত দাস প্ৰকৃততেই আছিল এজন খোলা মনৰ মানুহ । সাংস্কৃতিক সঞ্চালকালয়ৰ পৰা চৰকাৰী চাকৰিৰ অৱসৰ গ্ৰহণ কৰা জয়ন্ত দাসে অৱসৰৰ পিছতো অব্যাহত ৰাখিছিল নিজৰ অভিনয় । ১৯৮৪ চনৰ ৩১ জুলাইত মুক্তিপ্ৰাপ্ত পুলক গগৈ পৰিচালিত ‘সেন্দুৰ’ ছবিখনত অভিনয় কৰি ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল জয়ন্ত দাসে । জয়ন্ত দাসে অভিনয় কৰা ছবিসমূহৰ ভিতৰত উল্লেখযোগ্য কিছু ছবি আছিল ‘নায়ক’, ‘কন্যাদান’, ‘বুকুৰ মাজত জ্বলে’, ‘ভুমিপুত্ৰ’, ‘মন’, ‘ৰিক্সাৱালা’, ‘আই ক’ত নাই’, ‘খেল’, ৰামধেনু’, ‘ইতিহাস’, ‘শকুন্তলা আৰু শংকৰ যোচেফ আলী’, ‘দ্বীপজ্যোতি’, ‘সূত্ৰপাত’, ‘পিতা-পুত্ৰ’, ‘আই মোৰ জনমে জনমে’, ‘অজলা ককাই’, ‘উত্তৰকাল’, ‘যখিনী’, ‘প্ৰভাতী পখীৰ গান’, ‘হলধৰ’, ‘উৰ্বশী’, ‘মীমাংসা’, ‘আবৰ্তন’, ‘সপোন’, ‘দেউতাৰ বিয়া’, ‘দেৱতা’, ‘মহাৰথী’, ‘এই মৰম তোমাৰ বাবে’, ‘প্ৰেম আৰু প্ৰেম’, ‘মিঠা মিঠা লগনত’, ‘অগ্নিসাক্ষী’, ‘ৰং’, ‘ধুনীয়া তিৰোতাবোৰ’, ‘আকাশ চুবলৈ মন’, ‘মুমতাজ’, ‘ককাইদেউ বিন্দাছ’, ‘ৰ’দ হৈ আহা তুমি’, ‘সাৰথি’, ‘কাদম্বৰী’ আদি । বহুকেইখন ছবিত অতিথি ভুমিকাতো অভিনয় কৰিছিল জয়ন্ত দাসে । অসমীয়া ছবিৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিগণিত হোৱা তথা ১৯৯৮ চনৰ ১২ জুনত মুক্তি লাভ কৰা ‘যৌৱনে আমনি কৰে’ ছবিখনতো জয়ন্ত দাসে এটা অতিথি ভুমিকাত অভিনয় কৰিছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৫৬ বছৰ ।

■ ক্ৰিকেটৰ পৰা অভিনয়লৈ…

জয়ন্ত দাসৰ অভিনয় জগতলৈ আগমণ ঘটাৰো এক বিশেষ কাহিনী আছে । সেয়া ৮০ দশকৰ শেষৰফালৰ কথা । সেই সময়ত কটন কলেজিয়েটত অধ্যয়ন কৰি আছিল জয়ন্ত দাসে । এগৰাকী ক্ৰিকেট খেলুৱৈ হিচাপে তেতিয়া তেওঁ জনপ্ৰিয় আছিল । সেই সময়তে জ্যোতিৰূপাৰ একাংকিকা নাট প্ৰতিযোগিতাৰ বাবে ‘ঐক্যতান’ৰ বেনাৰত সঞ্জীৱ হাজৰিকাই পৰিচালনা কৰিবলৈ সাজু হৈছিল ‘দ্বীপ’ নামৰ এখন নাটক । এই নাটকখনৰ বাবে সঞ্জীৱ হাজৰিকাই এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিলে ক্ৰিকেটাৰ জয়ন্ত দাসক । লক্ষ্যণীয়ভাবে সেই ‘দ্বীপ’ নাটকখনত অভিনয় কৰিয়েই জ্যোতিৰূপাৰ সেইবছৰৰ শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় জয়ন্ত দাসে । ইয়াৰ পিছতেই ক্ৰিকেটাৰ জয়ন্ত দাসৰ এখন নতুন ক্ষেত্ৰত ব্যস্ততা বাঢ়ি গ’ল অভিনেতা হিচাপে । অৱশ্যে ক্ৰিকেট তেওঁ এৰি দিয়া নাছিল । প্ৰীতি ক্ৰিকেট মেচসমূহত পিছলৈও দেখিবলৈ পোৱা গৈছিল জয়ন্ত দাসক ।

Related Articles