Breaking

পৰিনীতি চোপ্ৰাৰ বাঢ়িল ১৫ কেজি ওজন, এতিয়া ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছে জিমত…

0 141

পৰিনীতি চোপ্ৰাৰ ওজন হ্ৰাসঃ শেহতীয়াকৈ ৰাঘৱ চাধাৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেত্ৰী পৰিনীতি চোপ্ৰাক আগন্তুক ছবি ‘চামকিলা’ত দেখা যাব। এই ছবিখনৰ বাবে পৰিনীতিৰ ওজন বৃদ্ধি পাইছিল ১৫ কেজি। কিন্তু এতিয়া তাই আকৌ ফিট দেখাবলৈ জিমত ঘণ্টাৰ পিছত ঘণ্টা সময় অতিবাহিত কৰিছে পৰিণীতিয়ে।


এটা ভিডিঅ’ শ্বেয়াৰ কৰি পৰিনীতিয়ে কেপচনত লিখিছে, “যোৱা বছৰ মই ৰহমান ছাৰৰ ষ্টুডিঅ’ত ৬ মাহ গান গাইছিলো আৰু তাৰ পিছত ঘৰলৈ উভতি আহি ‘চামকিলা’ৰ বাবে যিমান পাৰি জাংক ফুড খাই ১৫ কেজি ওজন বৃদ্ধি কৰিছিলো।”

পৰিনীতিয়ে আৰু লিখিছে যে সংগীত আৰু খাদ্য, এইটোৱেই আছিল মোৰ দৈনন্দিন কাম। এতিয়া ছবিখন সম্পূৰ্ণ হোৱাৰ পিছত কাহিনীটো সম্পূৰ্ণ বিপৰীত। ষ্টুডিঅ’টো মিছ কৰি আকৌ ফিট দেখাবলৈ জিমত ৱৰ্কআউট কৰিছোঁ।

Leave A Reply

Your email address will not be published.