Breaking

বিচিচিআইয়ে ঘোষণা কৰিলে ভাৰতৰ বিশ্বকাপ দল…

0 94

আইচিচি ক্ৰিকেট বিশ্বকাপ ২০২৩। মঙলবাৰে বিচিচিআই এ ঘোষণা কৰে ভাৰতৰ বিশ্বকাপ দল।৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰম্ভ হ’ব আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ। ঘোষণা কৰা হ’ব ১৫ জনীয়া প্ৰাৰম্ভিক দল ঘোষণা কৰা হ’ব। ভাৰতীয় ক্ৰিকেট দলৰ বিশ্বকাপত আছে অধিনায়ক ৰোহিত শৰ্মা, উপ অধিনায়ক হাৰ্দিক পাণ্ডিয়া, শুভমান গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ শামী, অক্ষৰ পেটেল, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ভাৰতৰ বিশ্বকাপ দলৰ কথা ঘোষণা কৰিছে। এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতে ৭ গৰাকী বেটছমেন, ৪ গৰাকী বলাৰ আৰু ৪ গৰাকী অল ৰাউণ্ডাৰক বাছি লয়। এদিনীয়া বিশ্বকাপৰ বাবে ভাৰতৰ ১৫ জনীয়া দলত কে এল ৰাহুল আৰু ঈশান কিষাণ দুয়োৰে নাম।

৫ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ আৰম্ভ হ’ব আই চি চি পুৰুষ ক্ৰিকেট বিশ্বকাপ। ১৫ অক্টোবৰ দেওবাৰে আহমেদাবাদত ভাৰত আৰু পাকিস্তান মাজত সংঘৰ্ষ হোৱাৰ কথা আছিল যদিও এই সংঘৰ্ষ এদিন পূৰ্বে স্থানান্তৰিত কৰা হৈছে আৰু এতিয়া ১৪ অক্টোবৰ শনিবাৰে একে স্থানতে অনুষ্ঠিত হ’ব। ইফালে, নেদাৰলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ অন্তিমখন লীগ খেল এতিয়া ১১ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰলৈ স্থানান্তৰিত কৰা হৈছে, যিটো বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া দিন-ৰাতিৰ সংঘৰ্ষ।

Leave A Reply

Your email address will not be published.