Breaking

“মই কৌটি কৌটিবাৰ কম বদৰউদ্দিন আজমল হিমন্ত বিশ্ব শৰ্মাৰ মানুহ” :: শিখা শৰ্মা

0 30

ৰহা-কচুৱাৰ ভিন্ন ঠাইত শিখা শৰ্মাৰ প্ৰচাৰ অভিযান

দৈনন্দিন বাৰ্তাৰ সেৱা, বঢ়মপুৰ, ৩ এপ্ৰিল :: কালি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নগাঁও লোকসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰি আজি শিখা শৰ্মাই ৰহা সমষ্টিৰ গৰুবাট মৌজাৰ বহু ঠাইত প্ৰচাৰ অভিযান চলায় ৷

কচুৱা প্ৰেছ ক্লাৱৰ সাংবাদিক সকলৰ লগত হোৱা সাক্ষাৎকাৰত বিতৰ্কিত লেখিকা শিখা শৰ্মাই কয়– “মই কৌটি কৌটি বাৰ ক’ম যে বদৰউদ্দিন আজমল বা তেওঁৰ এ আই ইউ ডি এফ দলৰ সকলো বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মানুহ৷” মৌলানা বদৰুদ্দিন আজমল হিমন্তৰ কথাত উঠা-বহা কৰাৰ প্ৰমাণ আছে বুলি উল্লেখ কৰি নগাঁও লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে শিখা শৰ্মা জয়ী হ’ব বুলি দাবী কৰে ৷

ৰাইজৰ পৰা হেৰাই যোৱা আৰু সংখ্যালঘু ভোটেৰে সাংসদ হোৱা প্ৰদ্যুত বৰদলৈ সংখ্যালঘু জনগণৰ বিপদৰ সময়ত মাত নিদিয়া প্ৰাৰ্থীক এইবাৰ ৰাইজে ভোট নিদিয়ে৷ বিজেপি দলৰ পাপী প্ৰাৰ্থী সুৰেশ বৰাৰ অতীত সুঁৱৰি হিন্দু লোকে ভোট নিদিয়ে বুলি মন্তব্য কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈ জিকিলেও বিজেপি আৰু হাৰিলেও বিজেপি বুলি মন্তব্য কৰে নিৰ্দলীয় প্ৰাৰ্থী গৰাকীয়ে ৷

নগাঁও সংসদীয় সমষ্টিটোত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় দি কেৱল সংখ্যালঘু (মুছলমান) ভোট বিভাজন কৰি কোন দলৰ প্ৰাৰ্থীক শিখা শৰ্মাই ৰঙা দলিচা পাৰি দিব সেয়া সময়ত লক্ষ্যনীয় হ’ব বুলি বহুজনে মন্তব্য কৰিছে ৷

Leave A Reply

Your email address will not be published.