Breaking

মৈৰাবাৰীত বনৰীয়া গাহৰিৰ আক্ৰমনত মহিলাসহ আঘাতপ্ৰাপ্ত ৪

0 30

মৈৰাবাৰী আৰক্ষী থানাৰ অধীনস্থ হাতীমূৰীয়া গাৱৰ ৪নং ৱাৰ্ডৰ হাজেৰা খাতুন(৪৪)আৰু ৬ নং ৱাৰ্ডৰ হেলাল উদ্দিন (৪২)ক আজি ৰাতিপূৱা আনুমানিক ৯ মান বজাত এটা বনৰীয়া গাহৰীয়ে কামুৰি আহত কৰাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিস্থিতিয়ে বিৰাজ কৰিছে।জানিব পৰা মতে ৪ নং ৱাৰ্ডৰ হাজেৰা খাতুন নামৰ মহিলাগৰাকীয়ে পাকঘৰত ভাত ৰান্ধি থকা অৱস্থাত বনৰীয়া গাহৰিটো পাকঘৰত সোমাই মহিলাগৰাকীক চোচৰাই বাহিৰলৈ আনি পেট আৰু বুকুত জখম কৰে।আনহাতে  বনৰীয়া গাহৰীটোৱে পথাৰত খেলি থকা সৰু লৰা ছোৱালীক আক্ৰমন কৰিব খোজোতে হেলাল উদ্দিনে গাহৰিটোক বাধা প্ৰদান চেষ্টা কৰাত গাহৰীটোৱে হেলালক ভৰিত কামুৰি আঘাতপ্ৰাপ্ত কৰে।স্থানীয় ৰাইজে ততাতৈয়াকৈ দুয়োকে মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আঘাতৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসকে হেলাল উদ্দিনক নগাৱলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰন কৰে।ইয়াৰ পিছত বিয়লিৰ ভাগত বনৰীয়া গাহৰিটোৱে মৈৰাবাৰীৰ কাষৰীয়া ধিং থানা এলেকাধীন পানবাৰীত আব্দুল খালেক(৫৫) আৰু ছাবিকুল ইছলাম(১৬) নামৰ দুজন লোক ক কামুৰি বেয়াকৈ আঘাতপ্ৰাপ্ত কৰে।ঘটনাটোক কেন্দ্ৰ কৰি সমগ্ৰ পানবাৰী অঞ্চলত এক হোৱাধোৱা লাগে আৰু সকলো ৰাইজ একত্ৰিত হৈ বনৰীয়া গাহৰিটোক কৰায়ত্ত কৰি পথাৰত পানী দিয়া মেচিনৰ পাইপত বান্ধি থয়।বিয়লিৰ ভাগত গাহৰীটোৱে আঘাতপ্ৰাপ্ত কৰা আব্দুল খালেক আৰু ছাবিকুল ইছলামৰ অৱস্থা সংকটজনক বুলি প্ৰত্যক্ষদৰ্শীয়ে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে আজিৰ পৰা প্ৰায় এক পষেক পূৰ্বে এই বনৰীয়া গাহৰীটোক মৈৰাবাৰী বজাৰৰ দোকানগৃহ এটাৰ ভিতৰত ৰাইজে আৱদ্ব কৰি মৰিগাও বন বিভাগক খবৰ দিছিল।বন বিভাগে যুদ্বত বন্দুক নোহোৱাকৈ যোৱাৰ দৰে মৈৰাবাৰী বজাৰত উপস্থিত হৈ গাহৰিটো কৰায়ত্ত কৰাৰ চেষ্টা চলাইছিল যদিও গাহৰীটোক কৰায়ত্ত পৰা নাছিল।

Leave A Reply

Your email address will not be published.