Breaking

সৰ্বভাৰতীয় পৰ্য্যায়ত জিলিকিল গুৱাহাটী বিশ্ববিদ্যালয়:

0 28

ভাৰতীয় বিশ্ববিদ্যালয়ৰ সংস্থাৰ তত্বাৱধানত ২৮ মাৰ্চৰ পৰা ১ এপ্ৰিললৈ লুধিয়ানাৰ পঞ্জাৱ কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত ১৫টা পুৰস্কাৰ অৰ্জন কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনে। উত্তৰ পূব মণ্ডলিক যুৱ মহোৎসৱত শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ৰ খিতাপ অৰ্জন কৰি উক্ত ৰাষ্ট্ৰীয় যুৱ মহোৎসৱত অংশগ্ৰহণ কৰে। অন দ্য স্পট পেইন্টিং, কাৰ্টুনিং, পোষ্টাৰ মেকিং আৰু ৰাঙ্গলীত ১ম স্থান লাভ কৰে।

থিয়েটাৰ শাখাৰ একংক নাট, স্কিট আৰু মাইমত শাখাত ২য় স্থান আৰু মিমিক্ৰিত ৩য় স্থান লাভ কৰে। সংগীত বিভাগৰ ফ’ক অৰ্কেষ্ট্ৰা, ক্লাছিকেল ইনষ্ট্ৰুমেণ্টেল (পাৰ্কাচন)ত ২য় স্থান আৰু পাশ্চাত্য সমবেত সংগীতত ৩য় স্থান লাভ কৰে। লগতে নৃত্য শাখাত শাস্ত্ৰীয় নৃত্যত আৰু লঘূ কলা শাখাত দ্বিতীয় স্থান লাভ কৰে ।

ইয়াৰ উপৰিও সাংস্কৃতিক শোভাযাত্ৰাত ২য় স্থান, নাট্য শাখাত সামগ্ৰিকভাৱে তৃতীয় শ্ৰেষ্ঠ দল আৰু লঘূ কলাত তৃতীয় শ্ৰেষ্ঠ দলৰ খিতাপ লাভ কৰে। ড০ দেৱাশীষ শইকীয়া আৰু ড০ ইৰাণী হাজৰিকাৰ নেতৃত্বত আৰু ছাত্ৰ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতিৰ নিৰ্দেশনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটো সৰ্বভাৰতীয় পৰ্য্যায়ৰ প্ৰতিযোগিতাত অংগ্ৰহণ কৰে ।

বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈ ,পঞ্জীয়ক ড° হেমন্ত কুমাৰ নাথ, শ্ৰেণীসমূহৰ সচিব ড° জগদীশ শৰ্মা, ছাত্ৰকল্যাণ সঞ্চালক ড° ৰঞ্জন কুমাৰ কাকতিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দলটোক অসমৰ লগতে বিশ্ববিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.