Breaking

ৰায়পুৰত জয়ৰ নায়ক হৈ পৰিল অক্ষৰ পেটেল…

0 73

অক্ষৰ পেটেলঃ ৰায়পুৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা টি-২০ মেচখনত অক্ষৰ পেটেলে ১৬ ৰানত তিনিটা উইকেট দখল কৰে। তেওঁৰ শক্তিশালী বলিঙৰ বাবেই টিম ইণ্ডিয়াই ২০ ৰানত জয়লাভ কৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন মেচৰ T20 শৃংখলাৰ চতুৰ্থখন মেচ কালি ৰায়পুৰত অনুষ্ঠিত হয়। মেচখনত শক্তিশালী বলিঙৰ বাবেই অক্ষৰক ‘প্লেয়াৰ অৱ দ্য মেচ’ হিচাপে নিৰ্বাচিত কৰা হয়।

অক্ষৰে কয়, ‘প্ৰথম মেচৰ পৰাই মই ভাল বলিং কৰি আহিছো। এনে পৰিস্থিতিত যদি এটা বা দুটা অভাৰত বেছি ৰান হয় তেন্তে মই ষ্ট্ৰেছ নলওঁ। আজি মই মাথোঁ ভাবি আছিলো শক্তিৰে কেনেকৈ বলিং কৰিব। মেচ এখনত (পূৰ্বৰ মেচ) বহুত ৰান পালেও শক্তিৰে বলিং কৰিব লাগে। মই সেইটোৱেই কৰিলোঁ। মানসিকভাৱে শক্তিশালী হৈ থাকিলোঁ আৰু ষ্টাম্পৰ পৰা ষ্টাম্পলৈকে বলিং কৰি থাকিলোঁ৷

ৰায়পুৰ টি-২০ত প্ৰথম বেটিং কৰা টিম ইণ্ডিয়াই ৯টা উইকেট হেৰুৱাই ১৭৪ ৰান সংগ্ৰহ কৰে, প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই মাত্ৰ ১৫৪ ৰানহে কৰিবলৈ সক্ষম হয়। মেথিউ ৱেড (৩৬) আৰু ট্ৰেভিড হেড (৩১)ৰ বাহিৰে অষ্ট্ৰেলিয়াৰ আন কোনো বেটছমেনে বেছি দেৰি খেলপথাৰত থাকিব নোৱাৰিলে।


Leave A Reply

Your email address will not be published.