Breaking

অবিনাশৰ মৃত্যুয়েই শেষ মৃত্যু হওঁক- ৰিপুণ বৰা

0 36

গুৱাহাটী, ১০ জুলাই, ২০২৪:- গুৱাহাটীৰ কৃত্ৰিম বানপানীত অবিনাশ চৰকাৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অসমকে ম্ৰিয়মান কৰি তুলিছে । পিতৃ-মাতৃৰ বাবে নিজ পুত্ৰক হেৰুৱাৰ বেদনা অতি যন্ত্ৰণাদায়ক । আজি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সহিতে অসম তৃণমূল কংগ্ৰেছৰ এটা সজাতি দল শোকসন্তপ্ত অবিনাশৰ পৰিয়ালৰ কাষত উপস্থিত হয় আৰু মৃত অবিনাশৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰাৰ লগতে দুৰ্ভগীয়া পিতৃ-মাতৃক সমবেদনা জ্ঞাপন কৰে।


সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সভাপতি ৰিপুণ বৰাই কয় যে, “এই মৃত্যুয়েই হওক শেষ মৃত্যু। অবিনাশৰ দৰে এটি নিস্পাপ শিশুৰ এনে মৃত্যু সঁচাই অসহনীয়। গুৱাহাটীত এনে ধৰণৰ ঘটনা পূৰ্বতেও সংঘটিত হৈছিল। কিন্তু পূৰ্বৰ ঘটনাৰ পৰা চৰকাৰ বা প্ৰশাসনে কোনো শিক্ষা নললে। ৰাইজৰ সেৱা তথা ৰাইজৰ সমস্যাসমূহ সমাধান কৰা তেওঁলোকৰ দায়িত্ব। কিন্তু অবিনাশৰ মৃত্যুৰ ঘটনাই চৰকাৰ তথা গুৱাহাটী পৌৰ নিগমৰ দ্বায়িত্বহীন আৰু অকৰ্মণ্য চৰিত্ৰক উদঙাই দিলে।


চৰকাৰ তথা গুৱাহাটী পৌৰ নিগম আৰু বিভাগীয় কৰ্তৃপক্ষই এই ঘটনাৰ পৰা শিক্ষা লোৱা উচিত অন্যথা এনেধৰনৰ ঘটনা ভবিষ্যতেও সংঘটিত হৈয়েই থাকিব। আমি বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ মহানগৰৰ মৰণফাণ্ড সদৃশ মুকলি নলা-নৰ্দমা, কৃত্ৰিম বান, ৰাস্তা-ঘাট আদিৰ সমস্যাসমূহৰ শীঘ্ৰেই সমাধান কৰক আৰু মহানগৰবাসীক বিপদমুক্ত কৰক। “

Leave A Reply

Your email address will not be published.