অসমীয়া ভাষা-শিক্ষণৰ বাবে অসম সাহিত্য সভাৰ নতুন পদক্ষেপ । Asom Sahitya Sabha’s

২০ মাৰ্চ: Asom Sahitya Sabha’s । অসম সাহিত্য সভাৰ উদ্যোগত ‘অসমীয়া ভাষা-শিক্ষণ, কবিতা-আবৃত্তি, সাধুকথা-কথন’ শীৰ্ষক এক বিশেষ কাৰ্যসূচী আজি অনুষ্ঠিত হয়। ভাষাৰ শুদ্ধ প্ৰচলন নিশ্চিত কৰাৰ লগতে শিশুসকলৰ মাজত অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাই এই কাৰ্যসূচীৰ মূল উদ্দেশ্য।

উক্ত অনুষ্ঠানটি অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে শুভেচ্ছামূলক বক্তব্যৰে শুভাৰম্ভ কৰে। তেওঁ ভাষাৰ সুৰক্ষাৰ ক্ষেত্ৰত শিশুসকলক বিশেষভাৱে প্ৰশিক্ষণ প্ৰদানৰ প্ৰয়োজনীয়তা উল্লেখ কৰি অসম সাহিত্য সভাৰ বিদ্যালয় স্থাপনৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে। দিনৰ ২ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ কাৰ্যসূচীত অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ড০ জ্যোতিৰেখা হাজৰিকাই বিশেষ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।

সভাত বক্তাসকলে অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ, কথন আৰু লিখনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিটো অঞ্চল আৰু বিদ্যালয়ত এই প্ৰশিক্ষণৰ প্ৰচাৰ আৰু বিস্তাৰ নিশ্চিত কৰিবলৈ অসম সাহিত্য সভাই পদক্ষেপ গ্ৰহণ কৰিছে। সভাত ধনভৰালী মণিৰাম লাহন, লেখিকা মন্তুমণি শইকীয়া, আবৃত্তিকাৰ নীহাৰিকা সোণোৱাল, শিক্ষাবিদ বন্দিতা গোস্বামী শৰ্মা, কবি ৰঞ্জিত গগৈ, তৰাজান শাখা সাহিত্য সভাৰ সভাপতি জোনা দত্ত, উত্তৰ-পশ্চিম যোৰহাট শাখাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, আৰু বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে।

অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামী আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই এক সংবাদ বিজ্ঞপ্তিৰ জৰিয়তে প্ৰতিখন শাখা-জিলা সাহিত্য সভাক শিশুসকলৰ মাজত অসমীয়া ভাষা আৰু সাহিত্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ প্রতি শনিবাৰ আৰু দেওবাৰে ‘অসমীয়া ভাষা-শিক্ষণ, কবিতা-আবৃত্তি, সাধুকথা-কথন’ আদি কাৰ্যসূচী গ্ৰহণৰ আহ্বান জনাই।

Related Articles