ডুমডুমা, ২৯ জানুৱাৰী:Dumduma । চাহ নগৰী ডুমডুমাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অসম গাওঁৰক্ষী বাহিনীৰ ৭৬ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আজি সমাপ্ত হয়। ডুমডুমা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এই বিশেষ কাৰ্যসূচীৰ দ্বিতীয় দিনটো ৭৬ খন পতাকা উত্তোলনৰ মাধ্যমেৰে আৰম্ভ হয়।
প্ৰতিষ্ঠা দিৱসৰ দ্বিতীয় দিনা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাংস্কৃতিক গোটসমূহে অংশগ্ৰহণ কৰে। ধুবুৰী, বাক্সা, মাজুলী, দিমহাছাও, গোলাঘাট, সুমতাই, হাইলাকান্দি, হোজাই, যোৰহাট, কৰিমগঞ্জৰ পৰা অহা বিভিন্ন সাংস্কৃতিক গোটে বাৰে বৰণীয়া পৰিবেশ সৃষ্টি কৰে। ৰাজ্যিক অধিৱেশনত অসমৰ প্ৰায় ডেৰ হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে।
এই উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত আত্মসহায়ক গোটসমূহৰ অংশগ্ৰহণেৰে এখন আকৰ্ষণীয় মেলা অনুষ্ঠিত হয়। মেলাখনে লোকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু গাঁও আৰু নগৰৰ বিভিন্ন গোটৰ সৃষ্টি-কর্ম প্ৰতিষ্ঠানৰ উপস্থাপনলৈ শ্ৰোতাসকলৰ পৰা প্ৰশংসা লাভ কৰে।
আজি মুকলি সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী অশোক সিংঘাল, মন্ত্ৰী ৰূপেশ গোৱালাই, তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ আৰু প্ৰদান বৰুৱা। তদুপৰি গৃহ বিভাগৰ সচিব বিশ্বজিৎ পেগু, জিলা আয়ুক্ত স্বপ্নীল পাল আৰু উত্তৰ-পূৱ সংমণ্ডলৰ আৰক্ষীৰ মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকাইও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কাৰ্যসূচীৰ অন্তিম পৰ্যায়ত এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়, যি গাওঁৰক্ষী বাহিনীৰ অতীতৰ সফলতাৰ কাহিনী আৰু কৰ্মপদ্ধতিৰ তথ্য সংকলন কৰি প্ৰকাশিত হৈছে।
অসম গাওঁৰক্ষী বাহিনীৰ এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী সফলভাৱে সমাপ্ত হয়। গাওঁৰক্ষী বাহিনীৰ সামাজিক আৰু সুৰক্ষামূলক ভূমিকা আৰু আগন্তুক প্ৰজন্মৰ বাবে অসম গাওঁৰক্ষী বাহিনী আৰু শক্তিশালী হোৱাৰ প্ৰতিশ্ৰুতি এই অনুষ্ঠানৰ জৰিয়তে পুনৰ দৃঢ় হয়।