Breaking

অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা

0 16

শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে৷উল্লেখ্য যে ২০২৪ শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত এখনি সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত

কৰে ৬৫ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে

দিনৰ ১১ বজাৰ পৰা অনুষ্ঠিত কৰা সম্বৰ্ধনা সভাত ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত কেইবাখনো বিদ্যালৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হ’য়৷ইয়াৰ পিছতে দিনৰ দুই বজাৰ পৰা উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় মন্ত্ৰী অশোক সিংহলে৷ঢেকীয়াজুলি শৈক্ষিক সমিতিৰ সভাপতি সুশেন বৈশ্যই বন্তি প্ৰজ্জ্বলন কৰি শুভাৰম্ভণি কৰা আজিৰ সম্বৰ্ধনা সভাৰ আতধৰে ঢেকীয়াজুলি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰূপজ্যোতি পতংগীয়াই৷আজিৰ সম্বৰ্ধনা সভাখনিত ভাৰতীয় জনতা পাৰ্টিৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক জন শইকীয়া,ঢেকীয়াজুলি পৌৰসভাৰ পৌৰপতি সুস্মিতা দাস,উপ পৌৰপতি তুলিকা শইকীয়া,ভাৰতীয় জনতা যুৱ মৰ্চাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক ইন্দুভূষণ নাথৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সকল উপস্থিত থাকে৷আজিৰ সম্বৰ্ধনা সভাত এক সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলে সম্বৰ্ধনা জনায় ৷

Leave A Reply