১৯ ফেব্ৰুৱাৰী, ২০২৫ঃ assam assembly । অসম বিধানসভাৰ বাজেট অধিৱেশনৰ দ্বিতীয় দিনটোত নজিৰবিহীন ঘটনা সংঘটিত হয়, য’ত শাসকীয় বিজেপিয়ে APSC কেলেংকাৰীৰ ওপৰত আলোচনা দাবী কৰি সভাস্থগিত প্ৰস্তাৱ আনে। বিৰোধী কংগ্ৰেছে ছিণ্ডিকেটৰ বিষয়ে আলোচনা বিচাৰি সভাস্থগিত প্ৰস্তাৱ দিয়ে, ফলত সদনত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়।
শাসকীয় বিধায়কসকলে অধ্যক্ষৰ আসনৰ সন্মুখলৈ আগবাঢ়ি সভাস্থগিতৰ দাবী জনায়, যাক লৈ বিৰোধী কংগ্ৰেছো প্ৰতিবাদত যোগ দিয়ে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে স্পষ্টকৈ কয়, “আজিৰ কাৰ্যসূচী অনুসৰি কেৱল ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক আলোচনাহে হ’ব”।
বিজেপি বিধায়ক সুশান্ত বৰগোহাঁয়ে কয়, “আমাৰ লক্ষ্য APSC কেলেংকাৰীৰ ওপৰত বিশদ আলোচনা কৰা, কিন্তু কংগ্ৰেছে বাধা দিছে। আলোচনা হওক, কোন দোষী, কোন নিৰ্দোষী, সেয়া স্পষ্ট হওক।” আনহাতে, বিধায়ক মানৱ ডেকাই দাবী কৰে, “APSC কেলেংকাৰীৰ খলনায়কসকল চিনাক্ত হ’ব লাগিব, সেইকাৰণে আমি সভা স্থগিত বিচাৰিছো।”
বিৰোধী আৰু শাসকীয় দলৰ তীব্ৰ বাক-বিতণ্ডাৰ বাবে বিধানসভা অধ্যক্ষই সদন তিনিবাৰ স্থগিত কৰে— প্ৰথমবাৰ: ১০ মিনিট
দ্বিতীয়বাৰ: ১০ মিনিট
তৃতীয়বাৰ: ২০ মিনিট
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত মন্তব্য কৰে, “APSC কেলেংকাৰী আৰু কংগ্ৰেছৰ ছিণ্ডিকেট—উভয়টো বিষয়ত আলোচনা হওক। অধ্যক্ষই যি সিদ্ধান্ত ল’ব, আমি তাৰ সন্মান কৰিম।”
উক্ত ঘটনাৰ জৰিয়তে বিধানসভাত শাসক-বিৰোধীৰ মাজত উত্তপ্ত বিতণ্ডা আৰু সদনৰ কাৰ্যকাৰিতাৰ ব্যাঘাত স্পষ্টভাৱে প্রতিফলিত হয়।