Breaking

অৰুণোদয় মইনা পাৰিজাতৰ মইনা চেমনীয়াৰ “ধ্ৰুৱ চৰিত্ৰ” ভাওনা প্ৰদৰ্শন।

0 42

সদৌ অসম মইনা পাৰিজাতৰ যোৰহাট জিলা সমিতিৰ অন্তৰ্গত পূৱ- যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ , অৰুণোদয় শাখা মইনা পাৰিজাতৰ সৌজন্যত
অৰুণোদন পুথিভঁৰাল, অৰুণোদয় মহিলা সমিতি আৰু স্থানীয় সমূহ এৰাগাওঁ বাসী ৰাইজাৰ সহযোগত “গ্ৰীষ্মকালীন বন্ধ” উপলক্ষে এদিনীয়া সাংস্কৃতিক কাৰ্য্যসূচী যোৱা কালি ইয়াৰ নিজস্ব প্রেক্ষাগৃহত অনুষ্ঠিত কৰা হয় ৷ পুৱা ৭-৩০ বজাত পতাকা উত্তোলন আৰু তাৰ পাছতে অনুষ্ঠানৰ চৌহদত বৃক্ষ ৰোপণ কৰা হয়। বিয়লি ৪ বজাৰ লগে লগে স্থানীয় বৈষ্ণৱপ্ৰাণ আইমাতৃ সকলৰ দ্বাৰা ভাওঁনা মঞ্চায়নৰ প্রাক মূৰ্হূত্বত এভাগি নাম প্রসঙ্গৰ আয়োজন কৰা হয়।

ইয়াৰ পাছতে স্থানীয় কেইবাগৰাকী ব্যক্তিৰ লগতে মাননীয় বিধায়ক মহোদয় শ্রীযুত ৰূপজ্যোতি কুৰ্মীক সম্বর্দ্ধনা জ্ঞাপন কৰা হয়। সম্বর্দ্ধনা গ্ৰহণ কৰি শুভেচ্ছামূলক বার্তাত বিধায়ক মহোদয়ে কয় যে মইনা পাৰিজাতৰ দ্বাৰা আয়োজিত এই কার্য্যসূচীভাগি অতি প্রশংসনীয় হৈছে ৷ এইখিনিতে তেখেতে তেখেতৰ মাতৃদেৱী স্বৰ্গীয় ৰূপম কুৰ্মীয়ে এই আন্ত:গঠনিৰ ক্ষেত্ৰত আগবঢ়োরা পুঁজিৰ সম্পর্কত সমিতিৰ তৰফৰ পৰা জানিব পাৰি আনন্দ প্ৰকাশ কৰি আগন্তক বৰ্ষত তিনি লাখ টকা তেখেতৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়াব বুলি ঘোষণা কৰে।

আজিৰ অনুষ্ঠান সামৰণিৰ লগে লগে মূল নাটকৰ পূৰ্বে অৰুণোদয় মইনা সকলৰ ‘মাখন চোৰ’ নৃত্য, উত্তৰণ কলাকৃষ্টি কেন্দ্র আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ সাংস্কৃতিক বিদ্যালয়ৰ প্রশিক্ষাৰ্থী ছাত্রী সকলে আগবঢ়োরা গুৰুজনাৰ মহান সৃষ্টি বিজড়িত নৃত্যই মূল নাটকত সোণত সোৱগা চৰাইছিল। উত্তৰণ কলা কৃষ্টি কেন্দ্ৰৰ ছাত্র সকলৰ পূৰ্ব ৰঙ্গ ‘গায়ন বায়নে’ মূল নাটকক আদৰি আনিছিল ৷ “ধ্ৰুৱ চৰিত্র” ভাওনাত মইনা শিল্পী সকলৰ অভিনয় অতি সুন্দৰ হৈছিল। প্রৱল গৰমকো নেওচি দর্শকসকলে পিচ নিশা ২-৩০ বজালৈকে নাট উপভোগ কৰি শিল্পী সকলৰ ভূয়সী প্রশংসা কৰাৰ ওপৰিও তেওঁলোকৰ উজ্জ্বল ভবিষ্যত কামনা কৰে। নাট উপভোগ কৰিবলৈ অহা প্রতিজন দৰ্শকে অৰুণোদয়ৰ এই কাৰ্য্যসূচীৰ শলাগ লয়।

Leave A Reply

Your email address will not be published.