Breaking

অৰ্ধ উলংগ প্ৰতিবাদেৰে উত্তাল নাৰায়ণপুৰ

0 21

দৈনন্দিন বাৰ্তাৰ সেৱা নাৰায়ণপুৰ, ২১ আগষ্ট: লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ কেইবাটাও পঞ্চায়তৰ সীমা নিৰ্ধাৰণৰ খচৰা প্ৰস্তুত কৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আজি ইয়াৰ প্ৰতিবাদত কেইবাজনো ব্যক্তিয়ে অৰ্ধ উলংগ হৈ প্ৰতিবাদ সাবাস্ত কৰি কোনো কাৰণতে জালুককটা (ক)ৱাৰ্ড দক্ষিণ নাৰায়ণপুৰৰ পৰিৱৰ্তে নাৰায়ণপুৰ পঞ্চায়তত চামিল হ’বলৈ নিদিও বুলি স্পষ্ট মত আগবঢ়াইছে।

তাৰোপৰি আজি অৰ্ধ উলংগ হৈ প্ৰতিবাদ কৰাৰ পিছতো বিষয়টো সমাধান নহ’লে পৰৱৰ্তী পৰ্যায়ত উলংগ প্ৰতিবাদ কৰিব বুলিও সকিয়াই দিছে। উল্লেখ্য যে সমুখত পঞ্চায়ত থকাৰ পিছতো চাৰি পাঁচ কিলোমিটা আঁতৰত থকা পঞ্চায়তত ৱাৰ্ড অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তুতি চলোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে তীব্ৰ আন্দোলনৰ উকমুকনি দেখা গৈছে। দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়ৰ বিভিন্ন ৱাৰ্ডত এনে বিসংগতি দেখা পোৱাৰ লগতে বিশেষকৈ জালুককটা (ক) ৱাৰ্ডটো নাৰায়ণপুৰ পনঞ্চায়তলৈ চামিৰ কৰা, তিনটিয়া ৱাৰ্ডটো কেইবাখণ্ডত বিভক্ত কৰি বিভিন্ন ৱাৰ্ডৰ লগত সংযোগ কৰোৱাৰ প্ৰস্তুতিত ৰাইজ বিমোৰত পৰিছে।

কোনো ধৰণৰ জৰীপ নচলোৱাকৈ, ৰাইজৰ লগত কোনো পৰামৰ্শ নকৰাকৈ সীমা নিৰ্ধাৰণৰ তালিকা প্ৰস্তত কৰাটো উচিত হোৱা নাই বুলি ৰাইজে মন্তব্য কৰিছে। অৱশ্যে এই সন্দৰ্ভত ৰাজহ চক্ৰ বিষয়াক অভিযোগ দি বিষয়টো সমাধানৰ দাবী জনাবলৈ ৰাইজে প্ৰস্তুতি চলোৱাও পৰিলক্ষিত হৈছে।

Leave A Reply

Your email address will not be published.