Breaking

আজাৰা আৰক্ষীয়ে মুকালমুৱাত অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুই গৰু চোৰক

0 28

আজাৰা, ১৩ জুলাই :: মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত বি গেভিন্ন অঞ্চলত গৰু চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱাত এটা সময়ত স্থানীয় গাঁওবাসী ৰাইজৰ নিদ্ৰাহৰণ হৈছিল। উল্লেখ্য যে আজাৰা আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ ফলতেই চোৰে বুকু ফিন্দাই যোৱা ফেব্ৰুৱাৰী মাহত প্ৰত্যেক দিনাই চুৰি কাৰ্য সংঘটিত কৰিবলৈ সক্ষম হৈছিল । জানিব পৰা মতে যোৱা ফেব্ৰুৱাৰী মাহত বৰবৰী অঞ্চলৰ হৰমোহন দাসৰ গোহালিৰ পৰা- নিশা দুটাকৈ গৰু নয়ন দাসৰ এটা গৰু আৰু হীৰাপাৰাৰ কেশৱ দাসৰ এটা গৰু কোনো দুৰ্বৃত্তই চুৰ কৰি নিয়া কাৰ্যই আজাৰাবাসী ৰাইজক চিন্তান্বিত কৰি তুলিছিল ।

প্ৰায় ৫/৬ মাহৰ অন্তত আজাৰা আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত যোৱা নিশা আৰক্ষীয়ে নলবাৰী জিলাৰ মুকালমুৱাত অভিযান চলাই আটক কৰে দুই গভাইত গৰু চোৰক । চোৰ দুজন মুকালমুৱাৰ মহিবৰ ৰহমান (৩২) আৰু সীমান্ত কৈৰ্বত্ত (২৫)। প্ৰায় ৫ মাহ পূৰ্বে আজাৰাৰ হীৰাপাৰা নিবাসী নিৰঞ্জন দাস নামৰ এজন লোকৰ গোহালিৰ পৰা চুৰি কৰিছিল গাই গৰু ।

আজাৰা আৰক্ষীয়ে এই দুই চোৰে গৰু চুৰি কাৰ্য্যত ব্যৱহাৰ কৰা বাহন সহ চালকক আটক কৰিছিল যদিও গৰু উদ্ধাৰ হোৱা নাছিল । আৰক্ষীয়ে জানিব দিয়া মতে বাহনৰ চালকৰ স্বীকাৰৰোত্তিৰ ভিত্তিত আজাৰা আৰক্ষীয়ে মুকালমুৱাত অভিযান চলাই আটক কৰে এই দুই গৰু চোৰক । এই দুই গৰু চোৰ মহিবৰ ৰহমান আৰু সীমান্ত কৈৱত্বই বিভিন্ন ঠাইত গৰু চুৰি কাৰ্য্যত লিপ্ত আছিল । আৰক্ষীয়ে এই সন্দৰ্ভত দুই চোৰক কেচ নম্বৰ 38/2024 U/S.. 380 ধাৰাত গ্ৰেপ্তাৰ কৰি আজি জেল হাজতলৈ প্ৰেৰণ কৰে ।।

Leave A Reply

Your email address will not be published.