Breaking

আঢ়ৈশ বছৰ গৰকা বেবেজীয়াৰ পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক ভাগৱত পাঠ আৰু মহানাম আৰম্ভ

0 32

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ পূব জামুগুৰিৰ আঢ়ৈশ বছৰ গৰকা ঐতিহ্যমণ্ডিত পূব জামুগুৰি নামঘৰৰ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে । প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আৰম্ভ হয় ধৰ্মধ্বজা উত্তোলন , ভাগৱত পাঠ আৰু মহানাম মহোৎসৱ । ঐতিহ্যণ্ডিত নামঘৰটিৰ প্ৰাংগণত আজি পুৱা পৰিবেশ নিকাকৰণৰ পিছত ধৰ্মধ্বজা উত্তোলন কৰে শংকৰী সাধক, অৱসৰপ্ৰাপ্ত শিক্ষক অনিল চন্দ্ৰ নাথে ৷ তাৰ পিছতে মহিলা সকলৰ দিহানামেৰ পৰিবেষ্টিত হৈ ভাগৱত শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চল কৃষ্ণনামৰ ধৰ্ব্বনিৰে মুখৰিত হৈ পৰে ৷ ইয়াৰ লগে লগে ভাগৱত ভ্ৰমণ আৰু শোভাযাত্ৰাৰে সমগ্ৰ অঞ্চলৰ কৃষ্ণ নামৰ ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰি তোলে । ইয়াৰ পিছতে আইসকলৰ থিয় নাম, দিহানামকে ধৰি হৰিনামৰে ধ্বনিৰে সমগ্ৰ নামঘৰ প্ৰাংগণ ভক্তিৰসত বুৰ যায় । দুপৰীয়া অনুষ্ঠিত হয় খোল প্ৰসংগ আৰু নাম প্ৰসংগ ।

উক্ত অনুষ্ঠানৰ পাছতে নামঘৰ প্ৰাংগনত মহিলা সকলে বৰুন দেৱতাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাই ৷ প্ৰবীণ অনাঁতাৰ শিল্পী গম্ভীৰ নাথ আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তিলেশ্বৰ নাথে আতঁধৰা সদ্যঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ একুৰি অধিক ছাত্ৰছাত্ৰীক সম্বদ্ধৰ্না পত্ৰ,ফুলাম গামোচাৰে সম্বদ্ধৰ্না জনোবা হয় ৷ ইয়াৰ পাছতে বিয়লি ভাগৱত পাঠ কৰে মৰিগাঁৱৰ মেঘৰাম নাথ,জ্যোতিপ্ৰসাদ নাথ (জন্মী),অনিল নাথকে ধৰি কেইবাজনো পাঠক আৰু ব্যাখ্যা কাৰকে অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৷
আনহাতে অনাতাঁৰ শিল্পী গম্ভীৰ নাথে আতঁধৰা আৰু পৰিচালনা কৰা অনুষ্ঠানটিত সমাজকৰ্মী বিৰচিং নাথ,সৰুৰাম নাথ,হিৰেণ নাথ,তিলেশ্বৰ নাথ,গুনেন্দ্ৰ নাথ,লক্ষেশ্বৰ নাথ,কিৰণ নাথ,টংকেশ্বৰ নাথ,প্ৰদীপ নাথ,হৰিচৰণ নাথ,অম্বিক নাথকে ধৰি প্ৰায় পাঁচ শতাধিক আই-মাতৃ লগতে ভক্তিপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷ নিশা অবিৰত ভাবে ভাগৱত পাঠ চলি থকা অন্তত কাইলৈ পুৱা খোল প্ৰসংগ আৰু দুপৰীয়া মহানাম মহোৎসৱৰ দুদিনীয়া কাৰ্যসূচীৰ সামৰণি পৰিব ৷

Leave A Reply

Your email address will not be published.