আন্তৰ্জাতিক আৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতৰ ৪ টা সোণ, ৪ টা ৰূপ৬ টা ব্ৰঞ্জৰ পদক লাভ ।

ইটালীৰ আওষ্টা ভেলীত অনুষ্ঠিত আন্তৰ্জাতিক পৃআৰ্থ ছায়েন্স অলিম্পিয়াড ২০২২ ত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ এটা দলে চাৰিটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু ছয়টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। উক্ত অলিম্পিয়াডত ৩৮ খন দেশৰ দুশ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিল।পদক বিজয়ী ভাৰতীয় শিক্ষাৰ্থীসকল হ’লকিশ্বং ভৰালী দাস (তামিলনাডু), ভনৱ নামবুদ্ৰী (কেৰালা), শোণিত চিচোলেকাৰ (মহাৰাষ্ট্ৰ), অভিজয় সিং খেহৰা (পঞ্জাৱ), আভিশী আগৰৱাল (ৰাজস্থান), জাগৃত গৌৰ (চণ্ডীগড়), সিদ্ধঙ্গানা চাহু (উৰিষ্যা), আৰু আৰুষ চৌধুৰী (ৰাজস্থান)। অলিম্পিয়াডত পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ে যাৱতীয় পুঁজিৰ যোগান ধৰিছিল ।

দুটা পৰ্যায়ৰ কঠোৰ স্ক্ৰীণিংৰ পিছত আঠজনীয়া ভাৰতীয় দলটো বাছনি কৰা হৈছিল। এই বাচনি প্ৰক্ৰিয়াৰ প্ৰথমস্তৰত প্ৰায় ৩,০০০ শিক্ষাৰ্থীৰ এক সৰ্বভাৰতীয় লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। দ্বিতীয় বাছনি পৰীক্ষা জিএছআই বাংগালুৰুয়ে আয়োজন কৰিছিল আৰু নিৰ্বাচিত প্ৰতিযোগীসকলক দেশৰ প্ৰখ্যাত বিজ্ঞানীসকলৰ দ্বাৰা দুসপ্তাহৰ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছিল।

অলিম্পিয়াডৰ অমশগ্ৰহণতাৰীসকলৰ পৰামৰ্শদাতা আছিল ক্ৰমে চেন্নাইৰ আন্না বিশ্ববিদ্যালয়ৰ হেমা অচ্যুথান আৰু বাংগালোৰৰ জিএছআইৰ কে এছ গোদাৱৰী। পৰ্যবেক্ষকসকল আছিল নতুন দিল্লীৰ ইগনুৰ আৰ ভাস্কৰ আৰু পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ মিথিলা বাৰ্মা।

Related Articles