Breaking

ইউএছটিএমত জৈৱবিজ্ঞানৰ বিষয়ক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন আৰম্ভ

0 30

আমেৰিকা যুক্তৰাষ্ট্ৰৰ এল পাছ’ৰ টেক্সাছ বিশ্ববিদ্যালয়ৰ জৈৱ ৰসায়ন বিভাগৰ মুৰব্বী অধ্যাপক মহেশ নাৰায়ণৰ উপস্থিতিত আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা বিশ্ববিদ্যালয় (ইউএছটিএম) মেঘালয়ৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত “জৈৱবায়ু বিজ্ঞানঃ জলবায়ু পৰিৱৰ্তন, কৃষি প্ৰযুক্তি আৰু উদ্যোগৰ ওপৰত গুৰুত্ব” শীৰ্ষক তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰা হয়। অধ্যাপক এছ. জে. যোশী উপ-সঞ্চালক, এমিটি ইনষ্টিটিউট অফ মাইক্ৰ’বিয়েল টেকন’লজী; অধ্যাপক জিডি শৰ্মা, উপাচাৰ্য ইউএছটিএম, আৰু অন্যান্য প্ৰতিনিধি তথা কেইবাজনো অংশগ্ৰহণকাৰীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিছে। ১৫ মে’ৰ পৰা ১৭ মে’লৈ বড়োলেণ্ড বিশ্ববিদ্যালয় আৰু অসমৰ ব’টানিকেল চ’চাইটিৰ সহযোগত ইউএছটিএমৰ উদ্ভিদ বিজ্ঞান বিভাগে এই সন্মিলনৰ আয়োজন কৰিছে। উদ্বোধনী অধিৱেশন এখন গ্ৰন্থও উন্মোচন কৰা হয়। সমবেত লোকসকলক সম্বোধন কৰি ইউএছটিএমৰ উপাচাৰ্য অধ্যাপক জিডি শৰ্মাই কয়, “এই সন্মিলনে আমাৰ শিক্ষাৰ্থীসকলক বিভিন্ন উদীয়মান ক্ষেত্ৰৰ সৈতে পৰিচয় কৰি দিব।

সেই ক্ষেত্ৰসমূহত গৱেষণা কৰা আৰু গৱেষণাপত্ৰ প্ৰকাশ কৰাৰ সুযোগ প্ৰদান কৰি তেওঁলোকক সহায় কৰিব। এই সন্মিলনত গৱেষকসকলে ১৬৮ খনতকৈও অধিক গৱেষণা পত্ৰ উপস্থাপন কৰিব ।” তেওঁ লগতে কয় যে এতিয়া পৰিস্থিতি সলনি হৈছে আৰু শৈক্ষিক পাঠ্যক্ৰমে প্ৰয়োগ-আধাৰিত শিক্ষাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি অধ্যাপক মহেশ নাৰায়ণে ইউএছটিএমক ধন্যবাদ জ্ঞাপন কৰি কয়, “ইয়াত থকা সুবিধাসমূহ চমৎকাৰ আৰু মই ভাবো শিক্ষাৰ্থীসকলৰ ওচৰত তেওঁলোকৰ প্ৰয়োজনীয় সকলো বস্তুৱেই আছে। মই ইউএছটিএমৰ সৈতে ভৱিষ্যতে সহযোগিতা কৰাৰ বাবে অপেক্ষা কৰি আছো।” তেওঁ কয় যে উদ্যোগীকৰণে ভাৰতৰ দৰে দেশত জৈৱ প্ৰযুক্তি, অণুজীৱবিজ্ঞান আৰু কৃষি-অৰ্থনীতিৰ চিত্ৰপট সলনি কৰিছে। সমবেত লোকসকলক সম্বোধন কৰি অধ্যাপক এছ জে যোশীয়ে কয় যে সন্মিলনৰ বিষয়বস্তুয়ে জলবায়ু পৰিৱৰ্তন আৰু কৃষিৰ বিষয়টোক আলোকপাত কৰিছে। কিয়নো ভাৰত হৈছে এক কৃষি-আধাৰিত অৰ্থনীতি।

তেওঁ শিক্ষাৰ্থীসকলক উদ্যোগী হ’বলৈ উৎসাহিত কৰে। ইউএছটিএমৰ আচাৰ্য শ্ৰী মাহবুবুল হকে কয়, “জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা উদ্ভৱ হোৱা গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে আমাৰ সামূহিক প্ৰচেষ্টাত এই সন্মিলনখন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। আজিৰ পৃথিৱীত, য’ত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ চিন্তাৰ কাৰক হৈ পৰিছে , জৈৱবিজ্ঞান, জলবায়ু বিজ্ঞান আৰু অভিযান্ত্ৰিকক একত্ৰিত কৰা আন্তঃশাখা পদ্ধতি গ্ৰহণ কৰাটো আমাৰ বাবে অত্যাৱশ্যকীয় হৈ পৰিছে।” ইয়াৰ পূৰ্বে ইউএছটিএমৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ বেদবতী চৌধুৰীয়ে আদৰণি ভাষণ প্ৰদান কৰে। উদ্বোধনী অধিৱেশনত ইউএছটিএমৰ উপদেষ্টা ড০ আৰ কে শৰ্মা, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ মুৰব্বী ড০ হেমেন শৰ্মায়ো ভাষণ প্ৰদান কৰে। অসমৰ বটানিকেল চ’ছাইটিৰ সভাপতি অধ্যাপক পিকে বৰুৱা আৰু স্কুল অৱ বায়োলজিকেল চাইন্সেছ, ইউএছটিএমৰ ডীন ড০ আৰ এম কাকতিও অনুষ্ঠানত উপস্থিত থাকে। বিভিন্ন পূৰ্ণাংগ অধিৱেশনৰ কিছুমান বিষয়ৰ ভিতৰত আছে জৈৱ বৈচিত্ৰ্য অন্বেষণ: প্ৰণালীবদ্ধ, সম্প্ৰদায়-আধাৰিত সংৰক্ষণ, আনুবংশিক বৈচিত্ৰ্য আৰু প্ৰজনন উদ্ভাৱন, নৃতাত্ত্বিক জীৱবিজ্ঞান আৰু থলুৱা জ্ঞান, পৰম্পৰাগত পদ্ধতিৰ জৰিয়তে পৰিৱেশৰ স্থিৰতা, পৰিৱেশ তন্ত্ৰৰ স্বাস্থ্যৰ জৈৱিক নিৰীক্ষণ, ফ্লাক্সত সম্প্ৰীতি: জলবায়ু পৰিৱৰ্তনৰ মাজত পৰিস্থিতিতন্ত্ৰ ৰক্ষা কৰা, পৰিৱেশ-অনুকূল জৈৱ প্ৰযুক্তিগত উদ্ভাৱন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন। আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ উদ্বোধনী অধিৱেশনউ দ্ভিদবিজ্ঞান ইউএছটিএম বিভাগৰ ড০ মিলু ৰাণী দাসে প্ৰদান কৰা ধন্যবাদসূচক ভাষণৰ জৰিয়তে সমাপ্ত হয়।

Leave A Reply

Your email address will not be published.