Breaking

ইউ এছ টি এমৰ দশম সমাৱৰ্তন অনুষ্ঠানত ডি লিট উপাধি জুবিন গাৰ্গ আৰু লৌ মাজাউলৈ…

0 23

ভাৰতৰ বিভিন্ন প্ৰান্তৰ দহ জনৰো অধিক উপাচাৰ্য, শিক্ষাবিদ, আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আজি ইউনিভাৰ্ছিটি অফ চায়েঞ্চ এণ্ড টেকনোলজী মেঘালয়ৰ দশম সমাৱৰ্তন সমাৱেশ সফলভাৱে অনুষ্ঠিত হয়। মুঠ ১৬৩৯ জন ছাত্ৰ ছাত্ৰীক এই সমাবৰ্তনত ডিগ্ৰী প্ৰাদান কৰা হয়। ইয়াৰে ১৭ গৰাকীয়ে পি এইচ ডি ডিগ্ৰী, ৯০৬ গৰাকীয়ে স্নাতকোত্তৰ ডিগ্ৰী আৰু ৭১৬ গৰাকীয়ে স্নাতক ডিগ্ৰী লাভ কৰে। অসম আৰু মেঘালয়ৰ সাংস্কৃতিক জগতৰ দুইতাৰকা জুবিন গাৰ্গ আৰু লৌ মাজাউক ডি.লিট সন্মান প্ৰদান কৰা হয়। শিল্প আৰু সংস্কৃতি, শান্তি, সম্প্ৰীতি আৰু সমাজৰ উন্নয়নৰ ক্ষেত্ৰত অসাধাৰণ অৱদানৰ বাবে তেওঁলোকক এই ডিগ্ৰী প্ৰদান কৰা হয়। সমাৱৰ্তনৰ সভাপতিত্ব কৰে ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে।


সমাৱৰ্তনৰ মূল ভাষণ প্ৰদান কৰে ইউ জি চিৰ প্ৰাক্তন অধ্যক্ষ অধ্যাপক বেদ প্ৰকাশে। বিশেষ ভাষণ প্ৰদান কৰে মুম্বাইৰ সোমায় বিদ্যাসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু এন এ এ চিৰ প্ৰাক্তন সঞ্চালক অধ্যাপক ভি এন ৰাজশেখৰন পিল্লাই। ডক্টৰেট ডিগ্ৰী লাভ কৰা জুবিন গাৰ্গ আৰু লৌ মাজৱে ডিগ্ৰী লাভ কৰাৰ পিছত উপস্থিত ৰাইজক সম্বোধন কৰে। সমাৱৰ্তনত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত আছিল ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপিকা নীলিমা গুপ্তা; অধ্যাপক (ড°) মহম্মদ আফশ্বাৰ আলম, উপাচাৰ্য, জামিয়া হামদৰ্দ; অধ্যাপক (ড°) আমি ইউ উপাধ্যায়, উপাচাৰ্য, ড° বাবাছাহেব আম্বেদকাৰ মুক্ত বিশ্ববিদ্যালয়, আহমেদাবাদ; মিজোৰাম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দিবাকৰ চন্দ্ৰ ডেকা; হিমাচল প্ৰদেশৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক (ড°) সত প্ৰকাশ বংশাল; ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক গংগা প্ৰসাদ প্ৰসাইন; ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সাকেট কুশৱাহা; অধ্যাপক প্ৰভা শংকৰ শুক্লা, উপাচাৰ্য, নেহু, শ্বিলং; ডাঃ আৰ.এম. পন্ত, উপাচাৰ্য, অসম বিশ্ববিদ্যালয়, শিলচৰ। ইউ এছ টি এমৰ আচাৰ্য শ্ৰী মহবুবুল হকে তেওঁলোকৰ অংশগ্ৰহণৰ বাবে সকলোকে আদৰণি জনাই কয়, “আমি এখন বিশ্বমানৰ বিশ্ববিদ্যালয় হোৱাৰ আকাংক্ষা কৰিছো আৰু এই বিশ্ববিদ্যালয়খনক বিশ্বমানৰ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টাত আমাৰ সৈতে যোগদান কৰিবলৈ আৰু ৰাষ্ট্ৰ নিৰ্মাণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ সকলো অংশীদাৰক আহ্বান জনাইছো”। ইউ এছ টি এম স্থাপনৰ ক্ষেত্ৰত মেঘালয় চৰকাৰে আগবঢ়োৱা সহায়ৰ বাবেও তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে।


ইয়াৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ প্ৰতিবেদন দাখিল কৰে ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই। ইয়াৰ পিছতে ডিগ্ৰী আৰু স্বৰ্ণ পদক প্ৰদান কৰা হয়। ডি লিট ডিগ্ৰী জুবিন গাৰ্গ আৰু লৌ মাজাউক প্ৰদান কৰা হয়। ভিজীতৰচ শ্ৰেষ্ঠ ছাত্ৰ বঁটা লাভ কৰে কাছিম আম্পাং চাংমা, এম এ গ্ৰাম্য উন্নয়ন বিভাগ; ড° এ পি জে আব্দুল কালাম শ্ৰেষ্ঠ পি জি ছাত্ৰ বঁটা লাভ কৰে মানশ প্ৰতিম শৰ্মা, এম.এছ.চি প্ৰাণীবিজ্ঞান বিভাগ; চ্যান্সেলৰৰ শ্ৰেষ্ঠ ছাত্ৰ বঁটা লাভ কৰে মুস্তাফিজুৰ ৰহমান, বি. এছ.চি ৰসায়ন বিজ্ঞান বিভাগ, আৰু পি এ চাংমা শ্ৰেষ্ঠ ইউ জি শ্ৰেষ্ঠ বঁটা লাভ কৰে সুজাতা কুমাৰী, বি ফাৰ্ম বিভাগ। নিজ নিজ বিভাগৰ শ্ৰেষ্ঠ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক ২৩টা স্বৰ্ণ পদক প্ৰদান কৰাৰ বিপৰীতে বিভিন্ন বিভাগৰ শ্ৰেষ্ঠ স্নাতক ছাত্ৰ-ছাত্ৰীক ২২টা স্বৰ্ণ পদক প্ৰদান কৰা হয়। শপত গ্ৰহণ আৰু ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনৰ লগে লগে সমাৱৰ্তনৰ অন্ত পৰে।

Leave A Reply

Your email address will not be published.