Breaking

উচ্চতৰ মাধ্যমিকত স্কুটী লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ দুচকীয়া বাহন চালনাৰ প্ৰশিক্ষণ অব্যাহত

0 31

গুৱাহাটীঃ ১৮জুলাইঃ উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হৈ স্কুটী লাভ কৰা মেধাৱী ছাত্ৰ-ছাত্ৰীৰ দুচকীয়া বাহন চালনাৰ বিনামূলীয়া প্ৰশিক্ষণ অব্যাহত আছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৷ বিগত এটা পষেকত সহস্ৰাধিক প্ৰশিক্ষাৰ্থীয়ে হোণ্ডা চেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰৰ সহযোগত প্ৰশিক্ষণ গ্ৰহণ কৰে।
ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে জীৱনৰ অতি গুৰুত্বপূৰ্ণ অথচ কোমল বয়সৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰি স্বাভাৱিকতে আনন্দিত আৰু উপকৃত হোৱাৰ কথা উল্লেখ কৰে ৷

কিয়নো নিজস্ব মেধাৰ বলত শিক্ষা বিভাগৰ পৰা স্কুটী লাভ কৰাৰ পিছত নিজকে এগৰাকী দক্ষ চালক হিচাপেয়ো গঢ়ি তোলাৰ বাটত প্ৰশিক্ষণযোগে লাভ কৰা জ্ঞান তেওঁলোকে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে। বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে উল্লেখ কৰা মতে প্ৰশিক্ষণৰ সময়চোৱাত ছাত্ৰ-ছাত্ৰীসকলক ছীটত সঠিকভাৱে বহি দুচকীয়া বাহন চলোৱাৰ ভংগীমা, বাহন চলাওঁতে হেলমেট-ছীটবেল্টৰ গুৰুত্ব, ভাল হেলমেট কেনেকৈ চিনাক্ত কৰিব পাৰি,কেতিয়া আপাৰ ডিপাৰ ব্যৱহাৰ কৰিব লাগে,গাড়ী চলোৱাৰ সময়ত বাহনৰ নিৰীক্ষণ কৰিবলগীয়া গুৰুত্বপূৰ্ণ দিশসমূহ, M Parivahan appত বাহনৰ নথি-পত্ৰৰ বৈধতা কেনেকৈ পৰীক্ষা কৰিব পাৰি, দুচকীয়া বাহনৰ দুকাষে দুখন দাপোনৰ প্ৰয়োজনীয়তা, দুজনে সমানে সমানে বাহন চলাই কথা পাতি যোৱাৰ ভয়াবহতা, আগৰ-পাছৰ বাহনৰ মাজত

ৰাখিবলগীয়া ব্যৱধান আদি গুৰুত্বপূৰ্ণ দিশৰ উপৰি যান-বাহন আইনৰ নীতি-নিৰ্দেশনা সন্দৰ্ভত তন্নতন্নকৈ অৱগত কৰা হয়। উল্লেখ্য যে,জুলাই মাহৰ শেষলৈকে চলিবলগীয়া প্ৰশিক্ষণত প্ৰশিক্ষাৰ্থীসকলক প্ৰতিদিনে ৰাতিপুৱা ১০-১১বজাৰ ভিতৰত হোণ্ডা ছেফটি ড্ৰাইভিং এডুকেছন চেন্টাৰত উপস্থিত হ’বলৈ আহ্বান জনোৱা হৈছে। প্ৰশিক্ষণ সন্দৰ্ভত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ যানবাহন পৰিদৰ্শক শ্ৰীমতী পূৰ্ণিমা তাছা, নিম্নবৰ্গ সহায়ক জ্যোতিষ কৈবৰ্ত (৯৪০১৫৯৬৩৮৭) আৰু ইলান জ্যোতি ভৰালী (৭৮৯৬৮৫০০৪৫)ৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷

Leave A Reply

Your email address will not be published.