Breaking

উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনক লৈ ব্যাপক তৎপৰতাঅসম গণ পৰিষদ দলৰ

0 34


গুৱাহাটী ২৪ জুলাইঃ আজি গুৱাহাটীস্থ অসম গণ পৰিষদ দলৰ মুখ্য কাৰ্য্যালয়ত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু সদস্য আৰু জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক সকলৰ এখনি বৰ্ধিত কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এই সভাত কেইবা ঘন্টাজুৰি উপ-নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনকে ধৰি দলীয় সংগঠন আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিক লৈ বিষদ ভাৱে আলোচনা হয়।

বৰ্ধিত কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভাই আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন সক্ৰিয় আৰু অধিক গতিশীল কৰাৰ উদ্দেশ্যে সমষ্টি সমিতি আৰু পঞ্চায়ত সমিতিৰ প্ৰত্যক্ষ ব্যৱস্থাপনাত প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি তৎকালিন ভাৱে পুনৰ গঠন কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই বিশেষ ভাৱে উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিতো প্ৰয়োজন সাপেক্ষে বুথ/শাখা সমিতি অহা ৩১ আগষ্ট ২০২৪ তাৰিখৰ ভিতৰত পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব বুলি সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাই উপ-নিৰ্বাচন অনুষ্ঠিত হবলগীয়া পাচোঁটা বিধান সভা সমষ্টিত অহা ৩১ আগষ্ট ২০২৪ৰ ভিতৰত সমষ্টি ভিত্তিত সাংগঠনিক সভা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই সকলো ধৰণৰ সাংগঠনিক আৰু নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ বাবে প্ৰতিটো সমষ্টিত দলীয় তত্বাৱধায়ক নিয়োগ কৰিবলৈ দলৰ সভাপতিক কতৃত্ব প্ৰদান কৰে। সভাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ধৰণৰ নিৰ্বাচনী প্ৰস্তুতি সম্পূৰ্ণ কৰিবলৈ আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই প্ৰতিটো পঞ্চায়তৰে সকলো কেইটা ৱাৰ্ডতে প্ৰাৰ্থী নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আগতীয়াকৈ পেনেল প্ৰস্তুত কৰিবলৈ আহ্বান জনায়। এই পেনেলত পুৰুষৰ লগতে মহিলাৰ নাম অন্তৰ্ভূক্ত কৰিব লাগিব বুলি সভাই ঐক্যমত পোষণ কৰে। সভাই দলীয় সাংগঠনিক কাম-কাজসমূহ ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰাৰ উদ্দেশ্যে প্ৰতি সপ্তাহত দলৰ সভাপতি আৰু কাৰ্য্যকৰী সভাপতিৰ উপস্থিতিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, সদস্য, জিলা সমিতিৰ সভাপতি, সাধাৰণ সম্পাদক, সমষ্টি সমিতিৰ সভাপতি, সম্পাদক আৰু ভাতৃ-ভগ্নী সংগঠনৰ লগত আলোচনাত মিলিত হবলৈ সিদ্ধান্ত লয় ।

সভাই অহা ১৯, ২০ আৰু ২১ আগষ্ট তাৰিখে তিনিদিনীয়াকৈ গুৱাহাটীত এখনি ৰাজনৈতিক কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই প্ৰতিটো বিধান সভা সমষ্টিতে জনসংযোগী কাৰ্য্যসূচী গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। কাৰ্য্যসূচীৰ বিতং কৰ্মসূচী নিৰ্দিষ্ট ভাৱে উল্লেখ থাকিব আৰু দলীয় তত্বাৱধায়কসকলে এই কাৰ্য্যসূচী ৰূপায়ণৰ বাবে উপস্থিত থাকি ৰূপায়ণৰ ব্যৱস্থা কৰিব। সভাই উজনি-নামনি, বৰাক উপত্যকা আৰু পাহাৰ অঞ্চলত জনসংযোগ যাত্ৰা কাৰ্য্যসূচী অহা চেপ্তেম্বৰ মাহত আৰম্ভ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই অসমৰ বান আৰু খহনীয়া সমস্যাৰ ওপৰত বিষদ ভাৱে আলোচনা কৰে আৰু এই সমস্যাৰ স্থায়ী আৰু বিজ্ঞানসন্মত সমাধানৰ বাবে সময় নিৰ্ধাৰিত ভাৱে ক্ষীপ্ৰতাৰে পদক্ষেপ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰে। সভাই লগতে ৰাজ্যখনৰ শেহতীয়া বানপানীত ক্ষতিগ্ৰস্ত হোৱা বানপীড়িত ৰাইজৰ সাহাৰ্য্য আৰু পুনৰ সংস্থাপনৰ বাবে এক বিশেষ পেকেজ ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাপতিৰ আসনৰ পৰা অতুল বৰাই কয় যে, দলৰ প্ৰতিগৰাকী কৰ্মকৰ্তাই ৰাজনৈতিক কাৰ্য্যসূচীৰ লগতে সামাজিক কাৰ্য্যসূচীৰ জৰিয়তে ৰাইজৰ মাজত থাকি কাম কৰিব লাগিব।

যিকোনো নিৰ্বাচনৰ বাবে সাজু হ’ব পৰাকৈ সকলো দলীয় সদস্যকে নিজৰ নিজৰ অঞ্চলত জনসংযোগ বৃদ্ধিৰ লগতে দলীয় কাৰ্য্যসূচীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়। সভাত উপস্থিত থাকি কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই প্ৰতিজন সদস্যকে স্থানীয় বিশিষ্ট ব্যক্তি তথা নিৰব দলীয় সদস্যসকলক সাক্ষাৎ কৰি মতবিনিময় কৰাত গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণৰ চিন্তাক দলৰ জৰিয়তে প্ৰকাশ কৰাৰ বাবে তৎপৰ হ’বলৈ আহ্বান জনায়। সভাত উপ-সভাপতি পৃথ্বিৰাজ ৰাভা, কুমাৰ দীপক দাস, জ্যোতিষ দাস, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য, ডা০ তাৰাপ্ৰসাদ দাস, সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতা, ভূপেন ৰায়, প্ৰবীন হাজৰিকা, মনোজ শইকীয়া, পোনাকন বৰুৱা, সত্যব্ৰত কলিতা, আক্ৰাম হুছেইন, সুনীল ৰাজকোঁৱৰ, ড০ তপন দাস, মণি মাধৱ মহন্ত, ধৰ্মেশ্বৰ ৰায়, তোলন কোৱঁৰ, জ্যোতিমণি মৰাণ, জয়ন্ত খাউণ্ড প্ৰমুখ্যে দলীয় কেন্দ্ৰীয় বিষয়ববীয়া আৰু সদস্যসকল, ভাতৃ-ভগ্নী সংগঠনৰ সভাপতিসকলৰ লগতে দলৰ জিলা সমিতিসমূহৰ সভাপতি, সাধাৰণ সম্পাদকসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.