Breaking

“এখন মাজুলীৰ দৰে” শীৰ্ষক দৃশ্য – শ্ৰব্য গীত উন্মোচন

0 19

গুৱাহাটী ,১জুলাই: ৰাজ্যৰ সাংস্কৃতিক ক্ষেত্ৰখনত নীৰৱে কাম কৰি অহা সংগীত শিল্পী মল্লিকা গোস্বামী বৰকটকীৰ ৰচনাৰ ‘এখন মাজুলীৰ দৰে’ শীর্ষক দৃশ্য-শ্রব্য গীত এটি আজি বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক গম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচন কৰা হয়। উল্লেখ্য গীতটিত কণ্ঠদান কৰিছে বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীয়ে। সুৰ চন্দন বেজবৰুৱাৰ। সঙ্গীত ব্যৱস্থাপনা তপন দাসৰ।

শব্দ-সংমিশ্রণ ইবছন লাল বৰুৱাৰ। ভিডিঅ’ গ্রাফী মোহন টেৰণ আৰু লেংডন সন্দিকৈৰ। আনহাতে এই উপলক্ষে এগছি বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোৰ আঁত ধৰে নিৰৎপল গোস্বামীয়ে। অনুষ্ঠানত সূর্য্য গোস্বামী , পুলক বেনার্জীকে ধৰি উপস্থিত কেবাজনেও ভাষণ প্ৰসংগত গীতটো ৰচনা কৰা মল্লিকা গোস্বামী বৰকটকীয়ে সাংস্কৃতিক ক্ষেত্ৰখনত নীৰৱে কাম কৰি অহা কথাটোৰ শলাগ লয় আৰু গীতটোৱে ৰাইজৰ মন জয় কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে ।প্ৰদান কৰে।

অনুষ্ঠানত মল্লিকা গোস্বামী বৰকটকীয়ে গীতটো ৰচনা কৰা সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰে অাৰু কণ্ঠদান কৰা বাবে পুলক বেনাৰ্জীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানত জে পি দাস, দ্বীজেন কাকতি, সৌৰভ মহন্ত, সংগীতা বৰঠাকুৰ, কণিকা ভট্টাচার্য, মালবিকা বৰা, কুইন দাস, অঞ্জনা গগৈ, শান্তা উজীৰকে ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে। উল্লেখ্য যে শনিবাৰে ইউ টিউব আৰু আন ডিজিটেল মাধ্যম যোগে উন্মোচন কৰা প্ৰায় ৫ মিনিট দৈৰ্ঘ্যৰ এখন মাজুলীৰ দৰে গীতটোৰ চিত্ৰগ্ৰহণ গুৱাহাটী আৰু ডিব্ৰগড়ৰ মনোমোহা স্থানত সম্পন্ন কৰা হৈছিল।

Leave A Reply

Your email address will not be published.