এডভাণ্টেজ আছাম ২.০ৰ সফলতা নিশ্চিত কৰিবলৈ গুৰুত্বপূৰ্ণ বৈঠক । Advantage Assam 2.0

গুৱাহাটী, ১০ ফেব্ৰুৱাৰী: Advantage Assam 2.0 । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অনুষ্ঠিত হ’বলগীয়া উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ সন্মিলন এডভাণ্টেজ আছাম ২.০ সফল কৰি তোলাৰ লক্ষ্যত ৰাজ্য চৰকাৰৰ তৎপৰতাৰ নতুন দৃষ্টান্ত স্থাপন কৰা হৈছে । এই সন্মিলনৰ নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰাৰ বাবে দিনটো জোৰা কাৰ্যসূচীৰ অংশস্বৰূপে মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ৰক্ষী সমিতিৰ বিভিন্ন বিষয়ববীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ।

বৈঠকত সন্মিলন উপলক্ষে ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতি, নিৰাপত্তা ব্যৱস্থা আৰু অতিথিসকলৰ সুবিধাসম্বন্ধীয় নানা দিশত পৰ্যালোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে লগতে এই বৃহৎ আয়োজনৰ সম্পূৰ্ণ সফলতা নিশ্চিত কৰাৰ উদ্দেশ্যে সকলো বিষয়ত সু-সমন্বয় আৰু পৰিকল্পিত কাৰ্য্যন্বয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

উল্লেখযোগ্য যে এডভাণ্টেজ আছাম ২.০ সন্মিলনে উত্তৰ-পূৰ্বাঞ্চলৰ বিনিয়োগ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এক নতুন অধ্যায় আৰম্ভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে। দেশ-বিদেশৰ বহু প্ৰতিনিধি আৰু উদ্যোগপতি এই সন্মিলনত অংশগ্ৰহণ কৰিব।

ৰাজ্যৰ বিকাশ আৰু প্ৰগতিৰ নতুন দিশ মুকলি কৰা এই উদ্যোগৰ সফলতা সকলোৰে সহযোগিতা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰশীল, বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছাম ২.০ সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিনিয়ত তৎপৰতা অব্যাহত ৰাখিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু কেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু দেশ-বিদেশৰ বিশিষ্ট উদ্যোগপতিৰ উপস্থিতি ইতিমধ্যে নিশ্চিত হোৱা এই সন্মিলনৰ বাবে আদৰণি, প্ৰট’কল আৰু যাতায়ত ব্যৱস্থাপনা সমিতিৰ সদস্যসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী বিমল বৰাই ।

Related Articles