Breaking

এন চি অ’ ডিৰ সপ্তম শীৰ্ষ বৈঠকত অংশগ্ৰহণ কৰি ড্ৰাগছৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

0 15

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আজি এন চি অ’ ডিৰ সপ্তম শীৰ্ষ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে।
সভাত ভাষণ দি শ্বাহে বিগত পাঁচ বছৰত ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত ৰখা যুদ্ধত লাভ কৰা সফলতাৰ বিষয়ে উল্লেখ কৰে আৰু এই ক্ষেত্ৰত সহায় কৰা সকলো সংস্থাকে অভিনন্দন জনায়।তেওঁ কয় যে এতিয়ালৈকে যিখিনি কৃতিত্ব লাভ কৰা হৈছে তাৰ পৰিমাণ মাত্ৰ ১০%হে । এতিয়াও বহু কাম কৰিবলৈ বাকী আছে। শ্বাহে কয়-“আচল যুদ্ধ এতিয়াও আৰম্ভ হোৱা নাই । যেতিয়ালৈকে ৩৫ বছৰৰ তলৰ প্ৰতিজন নাগৰিকে এই যুদ্ধত যোগদান কৰাৰ সিদ্ধান্ত নলয় তেতিয়ালৈকে আমি এই যুদ্ধত জয়ী হ’ব নোৱাৰো। চৰকাৰে যুদ্ধ নিৰ্দেশনা দিব পাৰে, কিন্তু নিজে জয়ী হ’ব নোৱাৰে। এই কাৰণেই এই যুদ্ধখন দেশৰ ১৩০ কোটি জনসাধাৰণৰ মাজলৈ লৈ যোৱাৰ প্ৰয়োজন। ৰাজ্য চৰকাৰৰ লগত থকা সংস্থাসমূহকে ধৰি সকলো সংস্থাই এই লক্ষ্য পূৰণ কৰিব লাগিব।’


শ্বাহে লগতে কয়, “ভাৰতৰ অমৃতকাল আৰম্ভ হৈছে। আমি ২০৪৭ চনৰ ভিতৰত ভাৰতক প্ৰতিটো দিশতে আগশাৰীৰ দেশ হিচাপে গঢ়ি তোলাৰ সংকল্প গ্ৰহণ কৰিছো।কিন্তু ভাৰতৰ যুৱক-যুৱতীক ড্ৰাগছৰ আতংকৰ পৰা মুক্ত নকৰাকৈ আমি এই লক্ষ্যত উপনীত হ’ব নোৱাৰো। আমি এই যুদ্ধখন গুৰুত্বসহকাৰে যুঁজিব লাগিব আৰু ইয়াক অগ্ৰাধিকাৰ হিচাপে ল’ব লাগিব। গতিকে আমি সকলোৱে এই কামৰ বাবে প্ৰতি সপ্তাহত কিছু সময় উলিয়াই ইয়াৰ বাবে এটা সুকীয়া ব্যৱস্থা সৃষ্টি কৰিব লাগিব।আমাৰ হাতত বহু পশ্চিমীয়া দেশৰ উদাহৰণ আছে। যদি আমি একেলগে আৰু দৃঢ়তাৰে যুঁজ দিওঁ তেন্তে আমি হয়তো এই যুদ্ধত জয়ী হম।”


শ্বাহে লগতে কয় যে কিছুমান দেশে তালিকাৰ পৰা কিছুমান বিশেষ ড্ৰাগছৰ ব্যৱহাৰ আঁতৰাই পেলাইছে। কাৰাগাৰত অপৰাধীক আৱদ্ধ কৰি ৰখাৰ পৰ্যাপ্ত ক্ষমতা নথকাৰ বাবেই তেওঁলোকে এনে কৰিছে।


“যোৱা পাঁচ বছৰত আমি গাঁথনিগত, প্ৰতিষ্ঠানিক আৰু তথ্য সংস্কাৰৰ জৰিয়তে এই যুদ্ধখন চলাইছিলো আৰু সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰে আগবাঢ়িছিলো। এই পন্থাৰ ফলাফল অতি উৎসাহজনক। ২০০৪ চনৰ পৰা ২০১৩ চনলৈকে জব্দ কৰা ড্ৰাগছৰ পৰিমাণ আছিল ১.৫২ লাখ কিলোগ্ৰাম। যিটো ২০১৪ চনৰ পৰা ২০২৪ চনলৈকে ৫.৪৩ লাখ কিলোগ্ৰামলৈ বৃদ্ধি পাইছে।এই সময়ছোৱাত জব্দ কৰা ড্ৰাগছৰ মূল্য ৫৯৩৩ কোটি টকাৰ পৰা ২২ হাজাৰ কোটি টকাতকৈ অধিক হৈছে।’ .শ্বাহে লগতে কয়“ড্ৰাগছৰ আসক্তিয়ে আমাৰ নতুন প্ৰজন্মক দুৰ্বল কৰি পেলাইছে আৰু তেওঁলোকৰ পৰিয়ালক হীনমন্যতাৰেচিকাৰ কৰি পেলাইছে। ড্ৰাগছৰ ব্যৱসায় এতিয়া সন্ত্ৰাসবাদৰ সৈতে জড়িত হৈ পৰিছে, যিয়ে জাতিটোৰ নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে। এই বাণিজ্যই আমাৰ অৰ্থনীতি দুৰ্বল কৰিছে । হাৱালা লেনদেন আৰু কৰ ফাঁকিৰ লগত জড়িত হৈ পৰিছে ড্ৰাগছৰ ব্যৱসায়। এনে অপৰাধ আৰু ইয়াৰ সৈতে আমি কঠোৰভাৱে মোকাবিলা কৰাটো প্ৰয়োজন হৈ পৰিছে।’

Leave A Reply

Your email address will not be published.